Logo
image

গুৱাহাটীৰ জি এছ ৰোডত ভয়ংকৰ অগ্নিকাণ্ড

ডিজিটেল ডেস্কঃ গুৱাহাটী মহানগৰীৰ খ্ৰীষ্টান বস্তিত অৱস্থিত চিলভাৰ স্কোৱেৰ পাৰ্কিঙত আজি  ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ এতিয়াও কৰ্তৃপক্ষই জানিব পৰা নাই। জানিব পৰা মতে জুইৰ সূত্ৰপাত পাৰ্কিঙত থকা চাৰিচকীয়া এখন বাহন আছিল। উল্লেখ্য যে বাহনখন মেৰামেতি কৰি থকা অৱস্থাতে বাহনখন জুইত ভস্মীভূত হয়। ইতিমধ্যে, ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ দল উপস্থিত  হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ।  জুইক কেন্দ্ৰ কৰি অঞ্চলটোত এক হুৱা দুৱাৰ সৃষ্টি হয়। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।