Logo
image

খেতিয়কৰ নিস্তাৰ নাই...

ডিজিটেল ডেস্কঃ অসমত এই মুহূৰ্তত প্ৰায় ১২ লাখ পঞ্জীয়ণভুক্ত শিক্ষিত নিবনুৱাই এটা চৰকাৰী চাকৰি বিচাৰি হাহাকাৰ কৰিছে৷ চৰকাৰী চাকৰি লাভ নকৰি বহু শিক্ষিত নিবনুৱাই কৃষি কৰ্মত হাত দিছে৷ ধাৰ-ঋণ লৈ কৃষি কৰ্ম কৰিলেও খেতিয়কৰ যেন নিস্তাৰ নাই৷ খেতিতে সপোন দেখা বহু খেতিয়কৰ সপোন যেন কলিতে মৰহি গৈছে এইখন অসমত৷ ৰাজ্য চৰকাৰে কৃষকৰ বাবে এখনৰ পাছত এখনকৈ অভিলাষী আঁচনি গ্ৰহণ কৰাৰ সময়তে অসমত কৃষকৰ আত্মহত্যাৰ ঘটনাই দেশৰ ভিতৰতে অনাকাংক্ষিত অভিলেখ গঢ়িছে৷ আপুনি শুনিলে আচৰিত যেন লাগিলেও অসম মুলুকত মাত্ৰ এটা বছৰ ব্যৱধানতে কৃষকৰ আত্মহত্যাৰ ঘটনা ১২ গুণ পৰ্যন্ত বৃদ্ধি পাইছে৷ অসমৰ সচেতনমহলক উদ্বিগ্ন কৰিব পৰা এই ভয়ংকৰ তথ্য প্ৰকাশ পাইছে দেশৰ সংসদৰ মজিয়াত৷ অসমৰ কৃষকে চৰম পন্থা বাছি লোৱা উক্ত তথ্য লোকসভাত ৰাজহুৱা   কৰিছে কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমৰে৷ পূৰ্বতে মহাৰাষ্ট্ৰ, অন্ধ্ৰপ্ৰদেশ, পঞ্জাব, হাৰিয়ানা আদি ৰাজ্যৰ ঋণগ্ৰস্ত কৃষকে আত্মহত্যা কৰাৰ খবৰে সংবাদ শিৰোনাম দখল কৰিছিল যদিও এতিয়া যেন অসমৰ সৰ্বস্বান্ত কৃষকৰ কৰুণ গাঁথাই ৰাষ্ট্ৰীয় সংবাদ শিৰোনাম দখল কৰিছে৷ বিশেষকৈ মহামাৰী ক’ভিডে কোঙা কৰি যোৱাৰ পাছতেই অসমৰ দুৰ্ভগীয়া কৃষকসকলৰ বাবে যেন আত্মহননৰ বিকল্প নোহোৱা হৈ পৰিছে৷ কেন্দ্ৰীয় কৃষিমন্ত্ৰীয়ে সংসদত দাখিল কৰা প্ৰতিবেদনতে আকস্মিকভাৱে অসমত কৃষকৰ আত্মহত্যাৰ ঘটনাৰ ১২ গুণ পৰ্যন্ত বৃদ্ধি পোৱা উদ্বেগজনক তথ্য প্ৰকাশ পাইছে৷ সংসদত প্ৰকাশ পোৱা প্ৰতিবেদন অনুসৰি অসমত ২০২১ বৰ্ষত ১৫৩জন কৃষক আপোনঘাটি হয়৷ অথচ ইয়াৰ পূৰ্বৰ বৰ্ষ অৰ্থাৎ ২০২০ বৰ্ষত ১২জন অসমৰ কৃষকে আত্মহত্যা কৰিছিল৷ আনহাতে ২০১৯ বৰ্ষত ২৬জন কৃষকে আত্মহননৰ পথ বাছি লৈছিল৷ এককথাত মাত্ৰ দুটা বৰ্ষৰ ব্যৱধানতে অসমৰ দৰে অনুন্নত ৰাজ্যত দুই শতাধিক কৃষকে জীৱনৰ মায়া ত্যাগ কৰি চৰম পন্থা বাছি ল’বলৈ বাধ্য হৈছিল৷ কেন্দ্ৰীয় চৰকাৰৰ তথ্যত প্ৰকাশ পোৱা মতে কৃষকৰ আত্মহত্যাৰ তালিকাত দেশৰ ভিতৰতে ষষ্ঠ স্থানত আছে অসম৷ মাত্ৰ তিনিটা বছৰতে অসমত সৰ্বমুঠ ১৯১ জন কৃষকে আত্মহত্যা কৰিছে৷ আনহাতে বিগত তিনিটা বৰ্ষ অৰ্থাৎ ২০১৯ চনৰ পৰা ২০২১ চনৰ ভিতৰত কৃষকৰ আত্মহত্যাৰ ঘটনাৰ দেশৰ শীৰ্ষত আছে মহাৰাষ্ট্ৰ৷ এই সময়ছোৱাত মহাৰাষ্ট্ৰত ৭৮৮৭টা জন কৃষকে আত্মহত্যা কৰিছে৷ তালিকাৰ দ্বিতীয় আৰু তৃতীয় স্থানত আছে ক্ৰমে কৰ্ণাটক আৰু অন্ধপ্ৰদেশ৷ উক্ত সময়ছোৱাত কৰ্ণাটকত ৩,৫৭৩টা আৰু অন্ধ্ৰপ্ৰদেশত ১৬৭৩টা কৃষকৰ আত্মহত্যাৰ ঘটনা সংঘটিত হৈছে৷ লক্ষণীয়ভাৱে ২০২১ বৰ্ষত অসমৰ চুবুৰীয়া ৰাজ্য অৰুণাচল, মণিপুৰ আৰু মিজোৰামত এটাও কৃষকৰ আত্মহত্যাজনিত ঘটনা সংঘটিত হোৱা নাই৷ অৱশ্যে উক্ত বৰ্ষটোত নাগালেণ্ডত এজন আৰু মেঘালয়ত ৩জন কৃষকে আত্মহত্যা কৰিছে৷ তথ্য অনুসৰি বিগত তিনিটা বৰ্ষত দেশত মুঠ ১৬ হাজাৰ ৮৫৪ জন কৃষকে আত্মহত্যাৰ পথ বাছি লৈছে৷ লোকসভাত টিডিপি সাংসদ কেছিনেনী শ্ৰীনিবাসে কৰা এটা প্ৰশ্নৰ উত্তৰত এই তথ্য পোহৰলৈ আহিছে৷ সাংসদজনে কৃষকৰ আত্মহত্যাৰ বিষয়ে অন্ধ্ৰপ্ৰদেশৰ তথ্যৰ লগতে আন ৰাজ্য সমূহৰো তথ্য বিচাৰিছিল৷ দেশত কৃষকৰ আত্মহত্যাৰ এই উদ্বেগজনক তথ্যৰ সময়তে আশ্চৰ্যজনকভাৱে চৰকাৰে কৃষি খণ্ডৰ বাবে নিৰ্দ্ধাৰিত বাজেট হ্ৰাস কৰাৰ গুৰুতৰ অভিযোগ উঠিছে৷  বিত্ত মন্ত্ৰণালয়ৰ তথ্য মতে–২০২২-২৩ বৰ্ষৰ কৃষি বাজেট আছিল ১, ৫১, ৫২১ কোটি টকা৷ ইয়াৰ বিপৰীতে এইবাৰ ধাৰ্য কৰা হৈছে ১, ৪৪, ২১৪ কোটি টকা৷ অৰ্থাৎ পূৰ্বতকৈ কৃষি বাজেট কমিল ৭, ৩০৭কোটি টকা৷ তদুপৰি কেন্দ্ৰীয় বাজেটত এইবাৰ প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ পুঁজিও বহু হ্ৰাস হৈছে৷ পূৰ্বৰ বিত্তীয় বৰ্ষত ফচল বীমা যোজনাৰ বাজেট আছিল ১৫,৫০০ কোটি টকা৷ এইবাৰ ফচল বীমা বাজেটত ধাৰ্য কৰিছে ১৩, ৬২৫ কোটি টকা৷ পি এম কিষাণ যোজনাৰ বাজেটো পূৰ্বৰ বৰ্ষত আছিল ৬৮ হাজাৰ কোটি টকা৷ আনহাতে এইবাৰ ধাৰ্য কৰা হৈছে ৬০ হাজাৰ কোটি টকা৷