Logo
image

উত্তৰ-পূৰ্বাঞ্চলৰ সকলো আঞ্চলিক দলক একত্ৰিত হোৱাৰ আহ্বান লুৰীণৰঃ দিল্লীত খিলঞ্জীয়াৰ কথা কোৱা একমাত্ৰ প্ৰদ্যুৎ মাণিক্যহে উত্তৰ-পূৰ্বাঞ্চলৰ নেতা

ডিজিটেল সংবাদ, আগৰতলাঃ অসমক ধৰ্মৰ ভিত্তিত বিভক্ত কৰাৰ ষড়যন্ত্ৰ পতা হিমন্ত বিশ্ব শৰ্মাৰ তিপ্ৰালেণ্ডৰ বিৰোধিতা কৰাৰ নৈতিক অধিকাৰ নাই৷ - এই মন্তব্য অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ৷ সোমবাৰে ত্ৰিপুৰাৰ গোমতি জিলাৰ উদয়পুৰত তিপ্ৰামথা দলৰ হৈ নিৰ্বাচনী সমাৱেশত ভাষণ দি গগৈয়ে লগতে কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ কোনোবা নেতাই যদি অসমৰ বাহিৰলৈ গৈ এই অঞ্চলৰ খিলঞ্জীয়াৰ কথা কৈছে, তেনেহ'লে সেইজন 'বুবাগ্ৰা' প্ৰদ্যুৎ মাণিক্য৷ বাকী যিসকল নেতা দিল্লীলৈ যায়, তেওঁলোকে দিল্লীৰ ওচৰত আঁঠু লৈ আহে৷ দিল্লীৰ চকুত চকু থৈ কথা কোৱাৰ সাহস দেখুৱাইছে তিপ্ৰামথাৰ নেতা প্ৰদ্যুৎ মাণিক্যই৷ গতিকে প্ৰদ্যুৎ মাণিক্যহে আচলতে উত্তৰ পূৰ্বাঞ্চলৰ নেতা৷"

প্ৰদ্যুৎ মাণিক্যৰ হাত শক্তিশালী কৰিবলৈ উত্তৰ পূবৰ সকলো জাতীয়তাবাদী আঞ্চলিক দলে তিপ্ৰামথাৰ প্ৰতি সমৰ্থন আগবঢ়োৱা উচিত বুলি গগৈয়ে মত প্ৰকাশ কৰে৷ অহা ১৬ ফেব্ৰুৱাৰীত ভোটগ্ৰহণ অনুষ্ঠিত হ'বলগীয়া ত্ৰিপুৰাত দেওবাৰে তিনিগৰাকী দলীয় সতীৰ্থসহ উপস্থিত হয় লুৰীণজ্যোতি গগৈ৷ তেওঁ উদয়পুৰত তিপ্ৰামথাৰ সভাপতি মহাৰাজ প্ৰদ্যুৎ মাণিক্যৰ সৈতে এখন নিৰ্বাচনী সমাৱেশত ভাগ লয়৷ দেশৰ আন কেইবাখনো ৰাজ্যৰ পৰা অহা সমভাৱাপন্ন ৰাজনৈতিক দলৰ নেতাসকলৰ উপস্থিতিত নিৰ্বাচনী সমাৱেশত ভাষণ দি গগৈয়ে কয়, "ত্ৰিপুৰাৰ খিলঞ্জীয়া জনগোষ্টীসমূহে বহিৰাগত আগ্ৰাসনৰ ফলত তেওঁলোকৰ ভাষা-সংস্কৃতি হেৰুওৱা নিজ চকুৰে দেখিছো৷ আমি অসমীয়া মানুহৰ সন্মুখতো একে সংকটে দেখা দিছে৷ গতিকে আপোনালোকৰ মনৰ বেদনা অনুভৱ কৰিব পাৰিছো৷  সেই কাৰণে আপোনালোকৰ গ্ৰেটাৰ তিপ্ৰালেণ্ডৰ দাবীৰ প্ৰতি আমি সমৰ্থন আগবঢ়াইছো৷ কাৰণ আমি বুজি পাওঁ যে অকল গ্ৰেটাৰ তিপ্ৰালেণ্ডৰ জৰিয়তেহে আপোনালোকৰ ৰাজনৈতিক অধিকাৰ প্ৰাপ্তি সম্ভৱ৷ বিজেপিয়ে উত্তৰ পূবৰ খিলঞ্জীয়াৰ দুখ নুবুজে৷ তেওঁলোকে কেৱল ঘৰিয়ালৰ চকুপানী টোকে৷ উত্তৰ পূবৰ সকলো খিলঞ্জীয়া একত্ৰিত হ'ব পাৰিলেহে দিল্লীয়ে আমাৰ কথা শুনিব৷" তিপ্ৰামথা দলৰ প্ৰতি সমৰ্থন আগবঢ়োৱা সন্দৰ্ভত গগৈয়ে কয়, "বুবাগ্ৰাক সমৰ্থন দিছো কাৰণ তেওঁ দিল্লীৰ সৈতে আপোচ কৰা নাই৷ উত্তৰ পূৰ্বাঞ্চলৰ বেছিভাগ নেতাই দিল্লীৰ সৈতে আপোচৰ নীতি লোৱাৰ বাবেই দিল্লীয়ে আমাক উপেক্ষা কৰিব পাৰিছে৷" অহা ১৬ ফেব্ৰুৱাৰীৰ দিনা আনাৰসৰ ছবিত ভোট দি তিপ্ৰামথাৰ প্ৰাৰ্থীসকলক বিজয়ী কৰিবলৈ গগৈয়ে ৰাইজক আহ্বান জনায়৷