Logo
image

স্মাৰ্ট পুলিচৰ কাণ্ড! কৰ্তব্যৰত অ’চিক মাৰধৰ তিনি কনিষ্টবলৰ

ডিজিটেল ডেস্কঃ এইবাৰ সৰ্বসাধাৰণ নাগৰিকে নহয় স্মাৰ্ট আৰক্ষীয়ে আৰক্ষীক প্ৰহাৰ কৰাৰ ঘটনা এটা পোহৰলৈ আহিছে৷ সুৰাপায়ী আৰক্ষীৰ দলে গীতানগৰ থানাৰ অ’চিক প্ৰহাৰ কৰা ঘটনাই অসম আৰক্ষীৰ ভিতৰচৰাত ধুমুহাৰ সৃষ্টি হৈছে৷ এই হিংসাত্মক ঘটনাটো সংঘটিত হয় গুৱাহাটীৰ জুৰোড তিনি আলিৰ ক্ৰিষ্টেল বাৰৰ সমীপত৷ সুৰাপায়ী তিনিজনীয়া আৰক্ষীৰ দলৰ আক্ৰমণত গীতানগৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আদিত্য দেউৰী গুৰুতৰভাৱে আহত হয়৷ আহত আৰক্ষী বিষয়াজনক চিকিৎসা কৰিব লগা পৰিস্থিতিৰ সৃষ্টি হয়৷  আৰক্ষীৰ সূত্ৰই জনোৱা মতে, জুৰোড তিনি আলিৰ ক্ৰিষ্টেল বাৰত দেওবাৰে নিশা অসম আৰক্ষীৰ ১৫ নং আই আৰ বি এনৰ তিনিজন জোৱান প্ৰৱেশ কৰি অত্যাধিক সুৰা পান কৰি মাতাল হৈ পৰে৷ মাতাল আৰক্ষীৰ দলটো ক্ৰিষ্টেল বাৰৰ ভিতৰত এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে৷ আৰক্ষীৰ শক্তি অপ্ৰয়োগ কৰি মাতাল আৰক্ষীয়ে ক্ৰিষ্টেল বাৰৰ ভিতৰত বিনা কাৰণত গ্ৰাহকক মাৰপিট কৰিবলৈ আৰম্ভ কৰে৷ ইয়াতে ক্ষান্ত নাথাকি বাৰৰ পৰা বাহিৰলৈ ওলাই আহি সুৰাপায়ী আৰক্ষীৰ দলটো অশ্লীল গালি গালাজ পাৰি সামাজিক পৰিৱেশ বিনষ্ট কৰে৷ ঘটনা সন্দৰ্ভত ক্ৰিষ্টেল বাৰৰ কতৃৰ্পক্ষই গীতানগৰ থানাত খবৰ দিয়ে৷ গীতানগৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আদিত্য দেউৰীৰ নেতৃত্বত আৰক্ষীৰ দল এটা ঘটনাস্থলীত উপস্থিত হৈ উত্তেজনাময় পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰে৷ অ’চি আদিত্য দেউৰীয়ে সুৰাপায়ী আৰক্ষীৰ দলটোক শান্ত হ’বলৈ পৰামৰ্শ দিয়ে৷ ইয়াতে অগ্নিশৰ্মা হৈ সুৰাপায়ী আৰক্ষীৰ দলটোৱে অ’চি আদিত্য দেউৰীক প্ৰহাৰ কৰাৰ লগতে শিলেৰে মূৰত আক্ৰমণ কৰে৷ ফলত অ’চি আদিত্য দেউৰীৰ মুৰ ফালি তেজ নিৰ্গত হ’বলৈ আৰম্ভ কৰে৷ ভাৰপ্ৰাপ্ত বিষয়াজন আহত হোৱাৰ পাছতেই পৰিস্থিতি অধিক উত্তেজিত হৈ পৰে৷ সতীৰ্থ আৰক্ষীৰ দলটোৱে লগে লগে তিনি সুৰাপায়ী আৰক্ষীৰ দলটোক গ্ৰেপ্তাৰ কৰি থানালৈ নিয়ে৷ ইপিনে, আহত আৰক্ষী বিষয়াজনক স্থানীয় হাস্পতালত প্ৰাথমিক চিকিৎসা সেৱা আগবঢ়োৱা হয়৷ ধৃত সুৰাপায়ী তিনিজন আৰক্ষী হৈছে অসম আৰক্ষীৰ ১৫ নং আই আৰ বি এনৰ জোৱান ক্ৰমে জিণ্টু ডেকা, ৰহন মৰাং আৰু বিক্ৰমজিৎ বৰ্মন৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৩৫৩/৩৩৩/২৯৪/৪২৭/৩৪ নং ধাৰাৰ অধীনত থানাত ৩৫/২৩ নম্বৰত গোচৰ ৰুজু কৰি আদালতৰ জৰিয়তে তিনি আৰক্ষীক জেল হাজোতলৈ প্ৰেৰণ কৰে৷ ৰাইজৰ জীৱন সম্পত্তি ৰক্ষা কৰিবলৈ অহা আৰক্ষীয়েই অপৰাধজনিত ঘটনাত নামি পৰে তেনেহ’লে ৰাইজৰ জীৱন সম্পত্তি কিদৰে ৰক্ষা কৰিব বুলি প্ৰশ্ন উত্থাপন হৈছে৷