Logo
image

ৰকিবুল হুছেইনৰ বিৰুদ্ধে বলাৎকাৰৰ অভিযোগঃ বটদ্ৰৱা আৰক্ষীয়ে কৰিলে আটক

ডিজিটেল সংবাদ, বেবেজীয়াঃ বলাৎকাৰৰ গোচৰত বটদ্ৰৱা আৰক্ষীয়ে আটক কৰে ৰকিবুল হুছেইনক৷ নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত ভোমোৰাগুৰি গাঁও পঞ্চায়তৰ সভাপতি ৰকিবুল হুছেইন ওৰফে গুলজাৰ হুছেইনক মঙলবাৰে নিশা আৰক্ষীয়ে আটক কৰে। বলাৎকাৰৰ অভিযোগত ভোমোৰাগুৰি গাঁও পঞ্চায়তৰ সভাপতি ৰকিবুল হুছেইনৰ বিৰুদ্ধে যোৱা ১ ফেব্ৰুৱাৰীত বটদ্ৰৱা আৰক্ষী থানাত এগৰাকী মহিলাই এজাহাৰ দাখিল কৰিছিল। 


ভুক্তভোগী মহিলাগৰাকীয়ে দিয়া অভিযোগ অনুসৰি, যোৱা ২৮ জানুৱাৰীত দিনৰ প্ৰায় ১০ বজাত তেওঁ নগাঁও চহৰস্থিত জ্যেষ্ঠ ভগ্নীৰ ঘৰলৈ যাবৰ বাবে বটদ্ৰৱাৰ শান্তিজান বজাৰৰ সমীপত থকা বাছ আস্থানত ৰৈ আছিল। তেনে সময়তে এ এচ ০২ এক্স ৬৩৩১ নম্বৰৰ এখন আই-২০ বাহনেৰে অহা কেইজনমান লোকে মহিলাগৰাকীৰ লগতে তেওঁৰ ৬ বছৰীয়া কন্যাক অপহৰণ কৰে। মহিলাগৰাকীয়ে চিঞৰ-বাখৰ কৰাত অপহৰণকাৰীয়ে তেওঁক ডিঙি চেপি হত্যাৰ চেষ্টা চলোৱাৰ লগতে তেওঁৰ কন্যাকো হত্যাৰ ভাবুকি দিয়ে। 

মহিলাগৰাকীৰ লগত থকা মোবাইল ফোন অপহৰণকাৰীয়ে ফ্লাইট মোড অন কৰি গাড়ীৰ ভিতৰতে তেওঁক উপৰ্যুপৰি বলাৎকাৰ কৰে। পাছত তেওঁক এখন হোটেললৈ লৈ যায় অপহৰণকাৰীয়ে। পাছত মহিলাগৰাকীয়ে চিঞৰ-বাখৰ কৰাত হোটেলৰ অন্যলোকে গম পোৱাত অপহৰণকাৰীয়ে মহিলাগৰাকীক আন এঘৰলৈ নি তেওঁৰ কন্যাক হত্যাৰ ভাবুকি দি পুনৰ বলাৎকাৰ কৰে। তদুপৰি মহিলাগৰাকীৰ অশ্লীল ভিডিঅ' প্ৰস্তুত কৰে অপহৰণকাৰীয়ে। বলাৎকাৰৰ কথা ৰাজহুৱা কৰিলে মহিলাগৰাকীক হত্যাৰ ভাবুকি দিয়াৰ লগতে অশ্লীল ভিডিঅ' ৰাজহুৱা কৰাৰো ভাবুকি দিয়ে। 

পৰৱৰ্তী সময়ত অপহৰণকাৰীয়ে মহিলাগৰাকীক তেওঁৰ ভগ্নীৰ শিয়ালমাৰিস্থিত ঘৰত নমাই থৈ আহে। কৰ্মসূত্ৰে ডিব্ৰুগড়ত থকা মহিলাগৰাকীৰ স্বামীয়ে ঘটনাৰ বিষয়ে জানিব পাৰি ঘৰলৈ অহাৰ পিছত তেওঁকো অপহৰণকাৰী দলটোৱে ঘটনাটো গাপ দিবলৈ আৰু এজাহাৰ দাখিল নকৰিবলৈ ভাবুকি দিয়ে৷ আনকি তেওঁলোকক ধনৰ প্ৰলোভন দিয়াৰ লগতে তেওঁলোক যাতে আৰক্ষী থানালৈ যাব নোৱাৰে তাৰবাবে নিৰীক্ষনত ৰখাৰো ব্যৱস্থা কৰে। 

যোৱা ১ ফেব্ৰুৱাৰীত মহিলাগৰাকীয়ে আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। এজাহাৰত ভোমোৰাগুৰি গাওঁ পঞ্চায়তৰ সভাপতি ৰকিবুল হুছেইনৰ নাম উল্লেখ থকাৰ লগতে আন তিনিজন অভিযুক্ত ক্ৰমে- ৰাফাজ্জুল ইছলাম, হাতেম আলী, ছাহজাহান আলী আৰু আবু শ্বৰীফৰ নামো উল্লেখ আছে। সেই মৰ্মে বটদ্ৰৱা আৰক্ষী থানাত ১৫/২৩ নম্বৰত আৰু ভাৰতীয় দণ্ডবিধিৰ ৩৬৫/৩৭৬/৫০৬/৩৪ ধাৰাত গোচৰ ৰুজু কৰি আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰি মঙলবাৰে নিশা ৰকিবুল হুছেইনক আটক কৰি বৰ্তমান জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে