Logo
image

প্ৰাকৃতিক কৃষি সন্দৰ্ভত আয়োজিত 'প্ৰশিক্ষকৰ বাবে প্ৰশিক্ষণ' কাৰ্যসূচীৰ সফল সামৰণি

ডিজিটেল ডেস্কঃ উদ্যান শস্য আৰু খাদ্য সংসাধন সঞ্চালকালয়ৰ তত্ত্বাৱধানত আৰু অসম কৃষি বিভাগৰ সহযোগত ১৪ আৰু ১৫ ফেব্ৰুৱাৰীত প্ৰাকৃতিক কৃষি সজাগতা সন্দৰ্ভত দুদিনীয়াকৈ আয়োজন কৰা 'প্ৰশিক্ষকৰ বাবে প্ৰশিক্ষণ' কাৰ্যসূচীৰ সফল সামৰণি পৰে। চিৰাং, বাক্সা, কোকৰাঝাৰ, বৰপেটা আৰু ওদালগুৰি জিলাৰ পৰা নিৰ্বাচিত প্ৰাকৃতিক কৃষিত ৪০ জন কৃষকে প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

খানাপাৰাস্থিত সম্প্ৰসাৰণ শিক্ষা সঞ্চালকালয়ত আয়োজিত এই কাৰ্যসূচীৰ প্ৰথম দিনা কৃষি বিভাগৰ অৱসৰপ্ৰাপ্ত উপ-সঞ্চালক শ্ৰী খগেন্দ্ৰ শৰ্মা, ব্যৱসায়িক উন্নয়ন পৰিচালক শ্ৰী আছিফ বিন কুতুব, জিলা উদ্যান শস্য সমন্বয়ক মিতালী বৰদলৈ তথা প্ৰগতিশীল কৃষক শ্ৰী জয়ন্ত মল্ল বুজৰবৰুৱাই সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে। আনহাতে প্ৰশিক্ষণৰ দ্বিতীয় দিনা সকলো প্ৰশিক্ষাৰ্থীক সোণাপুৰস্থিত মুখ্য প্ৰশিক্ষক শ্ৰী ধীৰেশ্বৰ তিৱাৰ ফাৰ্ম 'ৰংডোলয়' ত প্ৰাকৃতিক কৃষি সন্দৰ্ভত ব্যৱহাৰিক প্ৰশিক্ষণ প্ৰদান কৰা হয়৷