Logo
image

গৰম পৰিলেই গুৱাহাটীত

ডিজিটেল ডেস্কঃ গোলকীয় উত্তাপ, জলবায়ুৰ পৰিৱৰ্তন, অবাধ বন ধবংস, জলাশয় আৰু গছ-গছনি কাটি গৃহ নিৰ্মাণ কৰা, অপৰিকল্পিত আৰু দ্ৰুত নগৰীকৰণৰ বাবে পৃথিৱীৰ বহু দেশৰ দৰে ভাৰততো বছৰি গড় উষ্ণতা বৃদ্ধি পাইছে৷ ফলত শীতৰ দিনৰ সময় হ্ৰাস পোৱাৰ লগতে গৰমৰ দিনৰ সময় বৃদ্ধি পাইছে৷ বিশেষকৈ গ্ৰামাঞ্চলতকৈ নগৰাঞ্চলত ইয়াৰ প্ৰভাব অধিক হোৱা পৰিলক্ষিত হোৱা বুলি ভাৰতীয় বতৰ বিজ্ঞান বিভাগেও সদৰি কৰিছে৷ ইফালে গুৱাহাটীৰ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰয়ো  অসমকে ধৰি উত্তৰ-পূবৰ কেবাখনো নগৰ চহৰত বিগত এটা দশকত গৰমৰ দিনৰ সময়সীমা বৃদ্ধি পোৱাৰ বিপৰীতে শীতকালৰ সময় হ্ৰাস পোৱা বুলি সদৰি কৰিছে৷ ইয়াৰ ভিতৰত উত্তৰ-পূবৰ দুৱাৰমুখ স্বৰূপ গুৱাহাটী মহানগৰীত সৰ্বাধিক বিৰূপ প্ৰভাব পৰা বুলি সদৰি কৰি ৰাজ্যৰ আন নগৰ-চহৰতকৈ গুৱাহাটীত শীতকালৰ সময় স্বাভাৱিকতকৈ অধিক হ্ৰাস পোৱা বুলি ব্যক্ত কৰিছে৷ এক-ডেৰ দশক পূৰ্বে ৰাজ্যৰ আন নগৰ-চহৰৰ দৰে গুৱাহাটীটো নৱেম্বৰ মাহত শীতৰ আগমন হৈ ফেব্ৰুৱাৰী মাহৰ শেষলৈ শীত অব্যাহত আছিল৷ কিন্তু চলিত বৰ্ষত গুৱাহাটীত স্বাভাৱিকতকৈ প্ৰায় ডেৰ মাহ পলমকৈ ডিচেম্বৰ মাহৰ আধাদিন পাৰ হোৱাৰ পাছতহে শীতৰ আগমন হৈছে৷ তেনেদৰে ফেব্ৰুৱাৰী মাহৰ আধাদিন পাৰ নৌহওতেই গুৱাহাটীৰ পৰা বিদায় লৈছে শীতে৷ বিগত প্ৰায় এটা সপ্তাহ ধৰি গুৱাহাটীত পূৰ্বৰ তুলনাত স্বাভাৱিতকৈ ১০ ৰ পৰা ৩০ ডিগ্ৰী ছেলছিয়াছ ওপৰত আছে তাপমাত্ৰা৷ শীতৰ দিন চুটি হোৱা বাবে পূৰ্বতে মাৰ্চ মাহত অনুভূত হোৱা তাপমাত্ৰা এতিয়া ফেব্ৰুৱাৰী মাহতে নাগৰিকে অনুভূত কৰিব লগা হৈছে৷ আনকি নিশাৰ ভাগত দুচকীয়া বাহন নচলালে সাধাৰণ চোলা এটা পৰিধান কৰিয়েই চলা-ফুৰা কৰিব পৰা অৱস্থাৰ সৃষ্টি হৈছে৷ বতৰ বিজ্ঞান কেন্দ্ৰৰ জ্যেষ্ঠ বিজ্ঞানী সুমিত দাসে জানিবলৈ দিয়া মতে গুৱাহাটীকে ধৰি কামৰূপ মহানগৰ জিলা আৰু দাতি কাষৰীয়া অঞ্চল সমূহত বিভিন্ন কাৰণত দ্ৰুত গতিত বৃদ্ধি পোৱা নিৰ্মাণ কাৰ্য, বনভূমি আৰু জলাশয়ৰ পৰিমাণ অতি উদ্বেগজনকভাৱে কমি যোৱাৰ বাবে শীতৰ তীব্ৰতা কমি গৈছে৷ কমি গৈছে বৰষুণৰ পৰিমাণ৷ বিগত এটা সপ্তাহত অৰুণাচল প্ৰদেশৰ লগত লাগি থকা অসমৰ বহু সীমান্তৱৰ্তী অঞ্চল, উজনি অসম আৰু উত্তৰ অসমৰ বহু অঞ্চলৰ কিছু বৰষুণ হোৱাৰ লগতে শীতৰ সৈতে ৰাইজে সহাবস্থান কৰিবলগীয়া হৈছে৷ কিন্তু গুৱাহাটীত তাৰ বিপৰীত ছবি এখন দেখা গৈছে৷ বৃহস্পতিবাৰ দুপৰীয়া পৰ্যন্ত গুৱাহাটীৰ সৰ্বাধিক তাপমাত্ৰা আছিল ২৮.২ আৰু সৰ্বনিম্ন তাপমাত্ৰা আছিল ১২.৬০ ডিগ্ৰী ছেলছিয়াছ৷ কিন্তু ই স্বাভাৱিকতকৈ প্ৰায় ২০ ডিগ্ৰী বেছি আছিল৷ ইফালে বিগত বৰ্ষৰ ২৪ আৰু ২৫ অক্টোবৰত দীপাৱলীৰ সময়ত শেষবাৰৰ বাবে গুৱাহাটী মহানগৰীত বৰষুণ হৈছিল৷ তাৰ পাছত বিগত চাৰে তিনিমাহৰো অধিক দিন ধৰি গুৱাহাটী মহানগৰীত বৰষুণ নোহোৱাত প্ৰদূষণৰ মাত্ৰাই ইতিমধ্যে বিপদসীমা অতিক্ৰম কৰিছে৷ আনকি গুৱাহাটী বৰ্তমান বসবাসৰ অনুপযোগী হৈ পৰা বুলি দেশৰ কেবাজনো পৰিৱেশবিদ, বিশেষজ্ঞ চিকিৎসকেও তথ্য সহকাৰে উল্লেখ কৰিছে৷ লক্ষণীয়ভাৱে বিগত ২৪ ঘণ্টাত গুৱাহাটীত নহ’লেও ডিব্ৰুগড় চহৰত ৪.৬ মিঃমিঃ পৰিমাণৰ বৰষুণ হৈছে৷ তেনেদৰে কলিয়াবৰৰ পৰা শদিয়ালৈ, তেজপুৰৰ পৰা মুৰ্কং চেলেকলৈ অব্যাহত আছে শীতল বতাহ৷ ইয়াৰ বিপৰীতে পৰিৱেশতন্ত্ৰ ধবংস হোৱা বাবে গুৱাহাটীত ফেব্ৰুৱাৰী মাহৰ আধা দিন পাৰ নৌহওতেই আৰম্ভ হৈছে গৰম৷ এই গতি অব্যাহত থাকিলে আগন্তুক গ্ৰীষ্মকালৰ সময়চোৱাত গুৱাহাটীত কেনে ধৰণৰ ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ’ব তাক লৈ শংকিত হৈ পৰিছে  একাংশ পৰিৱেশবিদ আৰু বতৰ বিজ্ঞানী৷