Logo
image

নাট্য সংগঠক কৃষ্ণ ৰয়লৈ আদ্য শৰ্মা বঁটা

ডিজিটেল ডেস্কঃ বিগত ২০১৬ চনৰ পৰা নলবাৰী আৰ্ট স্কুলে প্ৰদান কৰি অহা জীৱন শিল্পী আদ্য শৰ্মা বঁটা ২০২৩ বৰ্ষৰ বাবে প্ৰযোজক, নাট্য সংগঠক পাঠশালাৰ কৃষ্ণ ৰয়ক প্ৰদান কৰা হ'ব। ২২ ফেব্ৰুৱাৰীত আদ্য শৰ্মাৰ মৃত্যু তিথিত শিল্পীগৰাকীক এই বঁটা প্ৰদান কৰা হ'ব। নলবাৰী আৰ্ট স্কুলৰ সম্পাদক শৈলেন্দ্ৰ প্ৰসাদ শৰ্মাই এক প্ৰেছ বিবৃতিযোগে আজি এই কথা প্ৰকাশ কৰিছে। উক্ত দিনা দিনজোৰা কাৰ্যসূচীৰে জীৱন শিল্পী আদ্য শৰ্মা দিৱস নলবাৰী আৰ্ট স্কুলত উদযাপন কৰা হ'ব। আৰ্ট স্কুলৰ ভাৰপ্ৰাপ্ত সভাপতি মুকুল গোস্বামীয়ে পুৱাৰ ভাগত পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব। আবেলি তিনি বজাত অনুষ্ঠিতব্য বটাঁ বিতৰণী অনুষ্ঠানত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, উপায়ুক্ত গীতিমণি ফুকন, গুৱাহাটী দুৰদৰ্শন কেন্দ্ৰৰ মুখ্য অনুষ্ঠান কাৰ্যবাহী অৰূপ কুমাৰ মিশ্ৰ আৰু সমাজসেৱী গনেশ তামুলী উপস্থিত থাকিব। উল্লেখ্য যে এই অনুষ্ঠানতেই নলবাৰীৰ বিশিষ্ট ব্যৱসায়ী মুনীন্দ্ৰ পাটোৱাৰী আৰু বিশাল জালানক সম্বৰ্দ্ধনা জনোৱা হ'ব। সন্ধিয়া 'জ্যোতিৰ্ময়ী গান্ধাৰী' নামৰ এখন চুটি নাট প্ৰদৰ্শন কৰা হ'ব। অনুষ্ঠানৰ সকলো কাৰ্যসূচীতে ৰাইজৰ উপস্থিতি কামনা কৰিছে নলবাৰী আৰ্ট স্কুলৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ আব্দুল মন্নাফ, যুটীয়া সম্পাদক নৃপেন্দ্ৰ কুমাৰ শৰ্মা আৰু জিতুমণি ভট্টই।  
উল্লেখযোগ্য ২০১৬ চনৰ পৰা প্ৰদান কৰি অহা এই বঁটা ইতিমধ্যে বিশিষ্ট চিত্ৰ শিল্পী বেণু মিশ্ৰক (২০১৬), বিশিষ্ট অভিনেতা দুলাল ৰয়ক (২০১৭), বিশিষ্ট বাঁহী বাদক প্ৰভাত শৰ্মাক (২০১৮), চলচিত্ৰ পৰিচালক গৌৰী বৰ্মনক (২০১৯), বিশিষ্ট অভিনেত্ৰী মীৰা বিশ্বাসক (২০২০), পুতলা নাচৰ শিল্পী গোবিন্দ তালুকদাৰক (২০২১) আৰু ভাষ্কৰ্য শিল্পী যোগেন্দ্ৰ নাথ শীলক (২০২২) প্ৰদান কৰা হৈছিল।