Logo
image

অসমক কৃষি উৎপাদনৰ ক্ষেত্ৰত স্বাৱলম্বী কৰাৰ লক্ষ্যঃ মৰিগাঁৱত কৃষিভূমি পৰিদৰ্শন কৰি উৎপাদিত ফচল আৰু বজাৰ সন্দৰ্ভত কৃষকৰ সৈতে আলোচনা কৃষি আয়োগৰ

ডিজিটেল সংবাদ, মৰিগাঁওঃ অসম কৃষি আয়োগৰ এটা উচ্চস্তৰীয় প্ৰতিনিধি দলে শুকুৰবাৰে মৰিগাওঁ জিলাৰ বিভিন্ন অঞ্চলৰ কৃষি ভূমি পৰিদৰ্শন কৰে। দলটোৱে প্ৰথমে জিলাখনৰ ৰজামায়ং কৃষি চক্ৰৰ অধীনৰ হাতীমুৰীয়াত বিভাগৰ দ্বাৰা ৰূপায়ণ কৰা বিভিন্ন প্ৰদৰ্শনীমূলক খেতি পৰিদৰ্শন কৰে। পাছত সোণতলী মাকৈ উৎপাদন কোম্পানীৰ কাৰ্যালয়ত গোটৰ সদস্য আৰু একাংশ প্ৰগতিশীল কৃষকৰ সৈতে এক মতবিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰে। উক্ত অনুষ্ঠানত অসম কৃষি আয়োগে কৃষকসকলৰ সৈতে কৃষকৰ উৎপাদিত ফচল আৰু বজাৰ সন্দৰ্ভত বিশদভাৱে আলোচনা কৰে। 


ইয়াৰ পাছতে আয়োগৰ দলটোৱে ঝাৰগাঁৱস্থিত মৰিগাঁও কৃষি বিজ্ঞান কেন্দ্ৰৰ সভাকক্ষত বিভাগীয় বিশেষজ্ঞ, বিষয়া কৰ্মচাৰী, একাংশ কৃষক আৰু FPCৰ সদস্যসকলৰ সৈতে এখন গুৰত্বপূৰ্ণ সভাত মিলিত হয়। উক্ত সভাত জিলাখনৰ কৃষি ভূমিত চৰকাৰী সুবিধাৰ জৰিয়তে দ্বৈত খেতি, কৃষি যান্ত্ৰিকীকৰণ, খেতিয়কৰ উৎপাদন বৃদ্ধি, কৃষকৰ আয় বৃদ্ধি আদি বিষয়ৰ লগতে কৃষকসকলৰ বিভিন্ন সমস্যাৰ ক্ষেত্ৰত মতবিনিময় কৰে। অসম চৰকাৰৰ এই উচ্চস্তৰীয় আয়োগৰ দলটোৱে ইয়াৰ পাছত মনহাত মৰিগাঁও জিলাৰ মীন বিভাগৰ সহযোগত  আৰু সাৰথী কৃষক উৎপাদক গোটৰ উদ্যোগত ৰূপায়ণ কৰা মাছৰ পোনা উৎপাদন কেন্দ্ৰ পৰিদৰ্শন কৰাৰ লগতে ডিমৰুগুৰিত কপিলী কৃষক উৎপাদক গোটৰ সদস্যসকলৰে এক আলোচনা মিলিত হৈ মিলেটৰ লগতে সংযুক্ত প্ৰণালীৰে ৰোপণ কৰা বিভিন্ন প্ৰজাতিৰ খেতি পৰিদৰ্শন কৰি কৃষকসকলক দিহা পৰামৰ্শ আগবঢ়ায়। ইয়াৰ উপৰি মানিপুৰৰ ইয়াংলী FPC ৰ কাৰ্যালয়ত কৃষিত ব্যৱহৃত বিভিন্ন যন্ত্ৰপাতি পৰিদৰ্শন কৰে আয়োগৰ দলটোৱে।


উল্লেখ্য যে আগন্তুক সময়ত অসমৰ কৃষি আৰু ইয়াৰ সহযোগী খণ্ডসমূহৰ সৰ্বাঙ্গীন বিকাশৰ জৰিয়তে ৰাজ্যখনক কৃষি উৎপাদনৰ ক্ষেত্ৰত স্বাৱলম্বী কৰি তোলাৰ মূল লক্ষ্যৰে অসম কৃষি আয়োগ গঠন কৰা হৈছে। বৈঠকত অসম কৃষি আয়োগৰ প্ৰতিনিধি হিচাপে উপস্থিত আছিল ড° নলীন মহন, প্ৰাঞ্জল প্ৰকাশ শৰ্মা, ড° অতুল চন্দ্ৰ শৰ্মা, ড০ নুৰুল হুছেইন, মানবেন্দ্ৰ শৰ্মা, ড০ প্ৰদীপ মেধী, ড০ হলধৰ দেৱ শৰ্মা। পৰিদৰ্শনৰ সময়চোৱাত আয়োগৰ প্ৰতিনিধিসকলক জিলা কৃষি বিষয়া ইন্দ্ৰমোহন তালুকদাৰৰ লগতে বিভাগীয় বিষয়া-কৰ্মচাৰীসকলে সংগ দিয়ে।