Logo
image

তৃণমূল কংগ্ৰেছত যোগদান অভিনেত্ৰী জুপিতৰা ভূঞাৰ

ডিজিটেল সংবাদ, গুৱাহাটীঃ অসমৰ সাংস্কৃতিক জগতৰ এগৰাকী জনপ্ৰিয় শিল্পী , অভিনেত্ৰী জুপিতৰা ভূঞাই শুকুৰবাৰে সভাপতি ৰিপুণ বৰাৰ উপস্থিতিত অসম তৃণমূল কংগ্ৰেছত যোগদান কৰে। দলৰ গুৱাহাটীস্থিত মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক সভাত অভিনেত্ৰীগৰাকীক সভাপতি ৰিপুণ বৰাই দললৈ আদৰণি জনায়।  

সভাত জুপিতৰা ভূঞাই চমু ভাষণত আগন্তুক সময়ত সকলোৰে সহযোগিতাৰে দলীয় মঞ্চৰ পৰা ৰাইজৰ হকে কাম কৰি যাব বুলি মন্তব্য কৰে। সভাপতি ৰিপুণ বৰাই জুপিতৰা ভূঞাৰ যোগদানে দলটোক আগন্তুক সময়ত বিশেষভাৱে সহায় কৰিব বুলি আশা কৰে প্ৰকাশ কৰে। সভাত দলৰ সাধাৰণ সম্পাদক (প্ৰশাসন) গজেন্দ্ৰ প্ৰসাদ উপমন্যু,  মিডিয়া বিভাগৰ অধ্যক্ষ দিলীপ কুমাৰ শৰ্মা, কোষাধ্যক্ষ ঘনকান্ত চুতীয়া, সাংগঠনিক সম্পাদক অৰূপ জ্যোতি ভূঞাকে ধৰি কেবাগৰাকী দলীয় বিষয়ববীয়া উপস্থিত থাকে।