Logo
image

বিবিচিৰ বিৰুদ্ধে আয়কৰ ফাঁকিৰ অভিযোগ

ডিজিটেল ডেস্কঃ  কেন্দ্ৰীয় আয়কৰ বিভাগে ব্ৰিটিছ ব্ৰডকাষ্টিং কৰ্প’ৰেচন অৰ্থাৎ বিবিচিৰ বিৰুদ্ধে একেৰাহে ষাঠিঘণ্টা ধৰি তালাচী চলোৱাৰ অন্তত বিদেশী সংবাদ প্ৰতিষ্ঠানটোৱে ভাৰতত কৰফাঁকি দিয়াৰ অভিযোগ তোলাৰ লগতে হিচাপ-নিকাচত গুৰুতৰ বিসংগতি থকা  বুলি প্ৰকাশ কৰিছে৷ মঙলবাৰৰ পৰা বৃহস্পতিবাৰলৈকে একেৰাহে তিনিদিন ধৰি কেন্দ্ৰীয় আয়কৰ বিভাগে বিবিচিৰ নতুন দিল্লী আৰু মুম্বাইৰ দুয়োটা কাৰ্যালয়ত সমান্তৰালভাৱে তালাচী চলায়৷ বিবিচিৰ কাৰ্যালয়ত আয়কৰ বিভাগে তালাচী চলোৱাৰ ঘটনাত বিশ্বজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ নৰেন্দ্ৰ মোদী চৰকাৰে এই কাম আক্ৰোশমূলকভাৱে কৰা বুলি অভিযোগ উঠিছে৷ কিয়নো অলপতে বিবিচিয়ে ‘ইণ্ডিয়াঃ দ্য মোদী কুৱেশ্বন’ নামৰ দুটাখণ্ডৰ এখন তথ্যচিত্ৰ প্ৰচাৰ কৰিছিল৷ সেই তথ্যচিত্ৰত ২০০২ চনত গুজৰাটত সংঘটিত গোধৰাকাণ্ড আৰু তাৰ পৰৱৰ্তী সময়ত সংঘটিত ভয়ংকৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ ঘটনা চিত্ৰায়ন কৰা হৈছিল৷ গোধৰাত এটা সৰু ঘটনাৰ পৰা আৰম্ভ হোৱা বাক-বিতণ্ডাই পাছত গুৰুতৰ ৰূপ লৈছিল আৰু এখন ৰে’লত বহি থকা শতাধিক হিন্দুভক্তক জীৱন্তে অগ্নিদগ্ধ কৰি পুৰি মৰা হৈছিল৷ সেই সময়ত গুজৰাটৰ মুখ্যমন্ত্ৰী আছিল নৰেন্দ্ৰ মোদী৷ গোধৰা-উত্তৰ সাম্প্ৰদায়িক সংঘৰ্ষত ৰাজ্যখনৰ মুছলিম সম্প্ৰদায়ক লক্ষ্য কৰি লোৱা হৈছিল আৰু সহস্ৰাধিকক হত্যা কৰাৰ লগতে মুকলি ঠাইতে ২০০০ ৰো অধিক মুছলিম মহিলাক ধৰ্ষণ কৰা হৈছিল৷ বিবিচিৰ তথ্যচিত্ৰত সেই ঘটনাৰ পূৰ্বে অপ্ৰকাশিত বহু কথা আৰু মোদী চৰকাৰৰ প্ৰশাসনে সাম্প্ৰদায়িক সংঘৰ্ষ ৰোধ কৰাৰ বিপৰীতে নিষ্ক্ৰিয়তা প্ৰদৰ্শন কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে৷ এই তথ্যচিত্ৰখন তাৎক্ষণিকভাৱে নৰেন্দ্ৰ মোদী চৰকাৰে ভাৰতত নিষিদ্ধ কৰে৷ তদুপৰি টুইটাৰ, ইউটিউবকে ধৰি ছ’চিয়েল মিডিয়াৰ পৰা তথ্যচিত্ৰখন মোদী চৰকাৰে আঁতৰাই পেলোৱাৰ নিৰ্দেশ দিয়ে৷ তাৰ কিছুদিনৰ পাছতে যোৱা মঙলবাৰৰ পৰা মোদী চৰকাৰৰ অধীনস্থ আয়কৰ বিভাগে বিবিচিৰ দুটাকৈ কাৰ্যালয়ত তালাচী চলোৱাৰ ঘটনা সেই তথ্যচিত্ৰ নিৰ্মাণ তথা সম্প্ৰচাৰৰ প্ৰতিশোধকল্পে কৰা বুলি দেশৰ বিৰোধী পক্ষই অভিযোগ তুলিছে৷ 

শুকুৰবাৰে কেন্দ্ৰীয় আয়কৰ বিভাগে এখন সংবাদমেলৰ জৰিয়তে জনাই যে বিবিচিৰ কাৰ্যালয়ত তেওঁলোকে চলোৱা ‘জৰীপ’ বা ‘সমীক্ষা’ত বিদেশী সংবাদ প্ৰতিষ্ঠানটোৰ হিচাপ-নিকাচত গুৰুতৰ বিসংগতি ধৰা পেলাইছে৷ তদুপৰি বিবিচিয়ে বিভিন্ন উপায়েৰে কৰফাঁকি দিছে৷  আয়কৰ বিভাগে কয় যে, ভাৰতত বিবিচিৰ বিভিন্ন ইউনিটৰ দ্বাৰা প্ৰকাশিত আয় আৰু লাভৰ মাজত সামঞ্জস্য নাই৷ তদুপৰি সংস্থাটোৰ ভাৰতত ব্যৱসায়িক কাৰ্যকলাপৰ মাত্ৰা সামঞ্জস্যহীন নহয়৷ একেলগে বিবিচিয়ে কিছুমান ক্ষেত্ৰত তেওঁলোকৰ আয় প্ৰকাশ কৰা নাই আৰু কৰ নিদিয়াকৈ আঁতৰি আছে৷ আয়কৰ বিভাগে অৱশ্যে স্পষ্ট কৰি দিয়ে যে এতিয়াও বিবিচিৰ একাংশ কৰ্মচাৰীৰ বক্তব্য, ডিজিটেল ফাইল আৰু নথি পৰীক্ষাৰ কাম সম্পূৰ্ণ হোৱা নাই৷ সেয়া সম্পূৰ্ণ হ’লে হিচাপ-নিকাচৰ বিসংগতি আৰু আয়কৰ ফাঁকিৰ সম্পূৰ্ণ হিচাব প্ৰকাশ কৰিব পৰা যাব৷ 

ইপিনে বিবিচিয়ে শুকুৰবাৰে পুৱাই এটা দীঘলীয়া বিবৃতি প্ৰকাশ কৰি কয় যে তেওঁলোকে পূৰ্বৰ দৰেই নিৰ্ভীকভাৱে আৰু নিৰপেক্ষভাৱে বাতৰি প্ৰকাশ কৰি যাব৷ তেওঁলোকে জনাই যে, তালাচী দীঘলীয়া হ’ব বুলি জানি বিবিচি কতৃৰ্পক্ষই তেওঁলোকৰ কৰ্মচাৰীসকলক মানসিকভাৱে সাজু হৈ ল’বলৈ ই-মেইলৰ জৰিয়তে নিৰ্দেশ দিছিল৷ তদুপৰি ভাৰতীয় কতৃৰ্পক্ষক সম্পূৰ্ণ সহযোগিতা কৰিবলৈ নিৰ্দেশ দিছিল বিবিচিৰ শীৰ্ষ কতৃৰ্পক্ষই৷ তেওঁলোকৰ ইলেক্টªনিক, প্ৰিণ্ট, ডিজিটেল আৰু ৰেডিঅ’ৰ সংবাদ মাধ্যমৰ কাম-কাজত যাতে যতি নপৰে তাৰ বাবে প্ৰয়োজন হ’লে বহু কৰ্মচাৰীক ঘৰৰ পৰাই কাম কৰিবলৈ নিৰ্দেশ দিছিল৷ উল্লেখ্য দিল্লীৰ বিবিচিৰ কাৰ্যালয়টো হৈছে দক্ষিণ-পূব এছিয়াৰ মুখ্য কাৰ্যালয় আৰু লণ্ডনৰ মুখ্য কাৰ্যালয়ৰ পাছতে দ্বিতীয় বৃহত্তম৷