Logo
image

দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন

ডিজিটেল ডেস্কঃ আপৰ মন্ত্ৰী তথা দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ পুনৰ চমন জাৰি কৰিছে চিবিআইয়ে৷ দিল্লীৰ নতুন সুৰা নীতিৰ কেলেংকাৰীৰ সন্দৰ্ভত সোধপোছৰ বাবে চিবিআইৰ কাৰ্যালয়ত হাজিৰ হ'বলৈ নিৰ্দেশ দিয়া হৈছে মনীষ ছিছোদিয়াক৷

 চিবিআইৰ চমনৰ পিছতে মন্ত্ৰী ছিছোদিয়াই টুইটযোগে কয়, "চিবিআইয়ে কাইলৈ পুনৰ মাতিছে। চিবিআই, ইডিয়ে মোৰ বিৰুদ্ধে সকলো শক্তি ব্যৱহাৰ কৰিছে। ঘৰত তালাচী অভিযান, বেংকৰ লকাৰত তালাচী চলোৱাৰ পিছতো মোৰ বিৰুদ্ধে কোনো তথ্য লাভ নকৰিলে৷ মই দিল্লীৰ শিক্ষাৰ্থীৰ বাবে ভাল শিক্ষাৰ ব্যৱস্থা কৰিছো। তেওঁলোকে এইক্ষেত্ৰত বাধা দিব বিচাৰিছে। মই সদায় তদন্তত সহযোগিতা কৰি আহিছো আৰু কৰি যাম।"

উল্লেখ্য যে চলিত বৰ্ষৰ ১১ ফেব্ৰুৱাৰীত দিল্লী আবকাৰী নীতি কেলেংকাৰী গোচৰত ইডিয়ে মাগুন্তা ৰাঘৱ ৰেড্ডীক গ্ৰেপ্তাৰ কৰে। মাগুন্তা ৰাঘৱ ৰেড্ডীক ৱাইএছআৰ কংগ্ৰেছ পাৰ্টিৰ সাংসদ মাগুন্তা শ্ৰীনিবাসলু ৰেড্ডীৰ পুত্ৰ বুলি জানিব পৰা গৈছে। সূত্ৰ অনুসৰি, গ্ৰেপ্তাৰ কৰা অভিযুক্ত ৰাঘৱ বালাজী গ্ৰুপ নামৰ এটা কোম্পানীৰ গৰাকী আৰু ৱাইএছআৰ কংগ্ৰেছ পাৰ্টিৰ সাংসদৰ পুত্ৰ। যোৱা এসপ্তাহৰ ভিতৰত এই গোচৰত তিনিজনক গ্ৰেপ্তাৰ কৰিছে।