Logo
image

বৰভূঁইকপৰ ১২ দিনৰ পাছত ধ্বংসস্তূপৰ পৰা জীৱিত অৱস্থাত উদ্ধাৰ ৪৫ বছৰীয়া ব্যক্তিক

ডিজিটেল ডেস্কঃ বৰভূঁইকপৰ পাছত তুৰস্কত অব্যাহত আছে উদ্ধাৰ অভিযান৷ তুৰস্কৰ উপ-ৰাষ্ট্ৰপতি ফুয়াট অকটেই জনোৱা অনুসৰি ভূমিকম্পৰ ফলত ক্ষতিগ্ৰস্ত হোৱা কমেও ২০০ টা অঞ্চলত উদ্ধাৰ অভিযান অব্যাহত আছে৷ ভূমিকম্পৰ ফলত তুৰস্ক আৰু ছিৰিয়াত এতিয়ালৈকে ৪৪ হাজাৰৰো অধিক লোকৰ মৃত্যু হৈছে৷

তুৰস্কত উদ্ধাৰ অভিযান অব্যাহত থকাৰ মাজতে এটা খবৰে দৃষ্টি কাঢ়িছে বিশ্ববাসীৰ৷ বিধ্বংসী ভূমিকম্পৰ প্ৰায় ১২ দিনৰ পাছত ধ্বংসস্তূপৰ পৰা জীৱিত অৱস্থাত উদ্ধাৰ কৰা হ'ল এগৰাকী ৪৫ বছৰীয়া ব্যক্তিক৷ ছিৰিয়াৰ সীমান্তৰ সমীপৰ দক্ষিণ প্ৰান্তৰ হাটেত অহা ৭.৮ প্ৰাবল্যৰ বৰভূঁইকপৰ ফলত ধ্বংসস্তূপৰ মাজত সোমাই পৰিছিল হাকান য়াচিন'গ্লো৷ ভূমিকম্পৰ ২৭৮ ঘণ্টাৰ পাছত উদ্ধাৰকাৰী দলে ধ্বংসস্তূপৰ মাজৰ পৰা ব্যক্তিজনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে৷ 

ইফালে শুকুৰবাৰে তুৰস্কৰ দুৰ্যোগ সংস্থাৰ মুৰব্বী অৰহান তাতাৰে কয় যে ৬ ফেব্ৰুৱাৰীৰ ভূমিকম্পৰ পিছত বৰ্তমানলৈকে ৪,৭০০ টা আফটাৰশ্বকে জোকাৰিছে তুৰস্কক। প্ৰতি চাৰি মিনিটত এটা আফটাৰশ্বক আহিছে। বেছিভাগ আফটাৰশ্বকৰ প্ৰাবল্য ৪ তকৈ অধিক।