Logo
image

নলবাৰীত মহাশিৱৰাত্ৰিৰ দিনাই উন্মোচন হ'ল ৰাজ্যৰ সৰ্বোচ্চ উচ্চতাৰ শিৱমূৰ্তি

ডিটিটেল সংবাদ, নলবাৰীঃ নলবাৰীত শিৱৰাত্ৰিৰ দিনাই উন্মোচন কৰা হ'ল অসমৰ সৰ্বোচ্চ উচ্চতাৰ শিৱমূৰ্তি। নলবাৰী চহৰৰ খাৰজাৰাস্থিত ১০০৮ শ্ৰীশ্ৰী দুধনাথ বিগ্ৰহ আশ্ৰমৰ সমীপত নিৰ্মাণ কৰা হৈছে ৯১ ফুট উচ্চতাৰ মহাদেৱৰ এই বিশাল মূৰ্তি। উল্লেখ্য যে অসম তথা উত্তৰ পূব ভাৰতৰ সৰ্বোচ্চ উচ্চতাৰ আৰু বিশ্বৰ ষষ্ঠ স্থানত থকা এই শিৱমূৰ্তি নলবাৰীৰ মহালক্ষ্মী সঞ্চয় আৰু ঋণদান সমবায় সমিতিৰ উদ্যোগত নিৰ্মাণ কৰা হৈছে। 

শিৱৰ এই সুউচ্চ মূৰ্তি আনুষ্ঠানিকভাৱে মুকলি কৰে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ অসম ক্ষেত্ৰৰ সহঃ প্ৰচাৰক বশিষ্ঠ বুজৰবৰুৱাই। আনহাতে লোকাৰ্পণ কৰে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ অসম ক্ষেত্ৰৰ সংঘ চালক তথা খাৰজাৰা আশ্ৰমৰ সভাপতি ডাঃ উমেশ চক্ৰৱৰ্তীয়ে। এই উপলক্ষে অসমৰ সৰ্বোচ্চ উচ্চতাৰ শিৱমূৰ্তিৰ প্ৰাণ প্ৰতিষ্ঠা ও লোকাৰ্পণ উদযাপন সমিতিৰ সভাপতি তথা নলবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ পৌৰোহিত্যত অনুষ্ঠিত মূৰ্তি উন্মোচনী সভাত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, সাংসদ দিলীপ শইকীয়া, প্ৰাক্তন সাংসদ ৰমেন ডেকা, ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফনীন্দ্ৰ নাথ শৰ্মা, ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ উত্তৰ অসম প্ৰান্তৰ সংঘ চালক ডাঃ ভূপেশ চন্দ্ৰ শৰ্মা, সহকাৰ ভাৰতী, অসমৰ সভাপতি ভবেন সিং বসুমতাৰী, বিশ্ব হিন্দু পৰিষদ অসমৰ অধিকাৰী দীনেশ তিৱাৰী, নলবাৰী পৌৰসভাৰ পৌৰপতি জয়শ্ৰী তালুকদাৰকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে। শিৱমূৰ্তিৰ প্ৰাণ প্ৰতিষ্ঠা ও লোকাৰ্পণ উদযাপন সমিতিৰ যুটীয়া সম্পাদক অনুপ দাসে উদ্দেশ্য ব্যাখ্যা কৰা আৰু অন্যতম যুটীয়া সম্পাদক যজ্ঞেশ্বৰ গোস্বামীয়ে আদৰণি ভাষণ প্ৰদান কৰা সভাখনত মূৰ্তি উন্মোচক ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ অসম ক্ষেত্ৰৰ সহঃ প্ৰচাৰক বশিষ্ঠ বুজৰবৰুৱাই কয় যে শিৱ হৈছে ভাৰতীয় সংস্কৃতিৰ প্ৰতীক। শিৱই সকলোৰে মংগল কামনা কৰে। চৰকাৰৰ অনুগ্ৰহ নোলোৱাকৈ নিজাববীয়াকৈ মহালক্ষ্মী গ্ৰুপে অসমৰ সৰ্বোচ্চ মূৰ্তি নিৰ্মাণ কৰি যি আদৰ্শ দেখুৱাইছে, তাৰবাবে তেওঁলোক হিন্দু ৰাইজৰ ধন্যবাদৰ পাত্ৰ। 

অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকি মন্ত্ৰী ৰঞ্জিত দাস, চন্দ্ৰমোহন পাটোৱাৰীয়েও ধৰ্মীয় দিশৰ ওপৰত বক্তব্য প্ৰদান কৰে। উল্লেখ্য যে উক্ত সভাতে শিৱমূৰ্তি নিৰ্মাণকাৰ্যৰ লগত জড়িত মূল শিল্পী প্ৰদীপ পালক সম্বৰ্দ্ধনা জ্ঞাপন কৰে উদ্যোক্তাসকলে। ইপিনে অনুষ্ঠানৰ প্ৰাৰম্ভতে মহালক্ষ্মী সঞ্চয় আৰু ঋণদান সমবায় সমিতি লিমিটেডৰ প্ৰাক্তন সঞ্চালক প্ৰয়াত ড° অশোক কুমাৰ শৰ্মাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰাৰ লগতে মাল্যাৰ্পণ কৰে প্ৰয়াত শৰ্মাৰ পৰিয়ালবৰ্গৰ লগতে অতিথিসকলে। উন্মোচনৰ দিনাই সুউচ্চ শিৱমূৰ্তি প্ৰত্যক্ষ কৰিবলৈ অগনন ভক্ত-দৰ্শনাৰ্থীৰ ভিৰ পৰিলক্ষিত হয়। উল্লেখ্য যে শিৱ মূৰ্তিটোৰ নিৰ্মাণ কাৰ্যত প্ৰায় ৪০ লাখ টকা ব্যয় কৰা হৈছে। দুই বিঘা মাটি সামৰি খাৰজাৰাত মৃণ্ময় শিল্পী প্ৰদীপ পালৰ নেতৃত্বত শিল্পী সূৰ্য পাল, পবিত্ৰ মণ্ডল, নোমল বৰ্মনকে ধৰি কুৰিজন শিল্পীয়ে ২০২০ চনৰ জুলাইত এই শিৱৰ মূৰ্তিটোৰ নিৰ্মাণৰ কাম আৰম্ভ কৰি নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰি তোলে। এই মূৰ্তিটোৰ বাবে নলবাৰীৰ খাৰজাৰা অঞ্চল পৰ্যটকৰ আকৰ্ষণৰ এক কেন্দ্ৰস্থল হৈ পৰিব বুলি মন্তব্য কৰিছে উদ্যোক্তাসকলে।