Logo
image

বতাহত উৰিছে টকা

ভোটকালীন তালাচীত ৩ ৰাজ্যৰ পৰা ১৪৭ কোটি টকা জব্দ
আমাৰ অসম, ১৯ ফেব্ৰুৱাৰীঃ নিৰ্বাচনী প্ৰক্ৰিয়া চলি থকা উত্তৰ-পূৰ্বাঞ্চলৰ তিনি ৰাজ্যৰ আকাশে-বতাহে যেন উৰিছে টকা৷ নাগালেণ্ড, মেঘালয় আৰু ত্ৰিপুৰাৰ বতাহত উৰিছে টকাই টকা৷ কেউখন ৰাজ্যত নিৰ্বাচনী প্ৰক্ৰিয়া চলি থকাৰ সময়ত জব্দ হৈছে বিপুল পৰিমাণৰ নগদ টকা৷ ত্ৰিপুৰা, নাগালেণ্ড আৰু মেঘালয়ৰ নিৰ্বাচনী প্ৰক্ৰিয়া চলি থকাৰ সময়তে ৰাজ্য তিনিখনত জব্দ কৰা হৈছে প্ৰায় ১৭৪ কোটি টকা৷ নিৰ্বাচনী আয়োগে বৃহস্পতিবাৰে সদৰী কৰা মতে এই তথ্য৷ শনিবাৰপৰ্যন্ত ইয়াৰ পৰিমাণ আৰু বৃদ্ধি পোৱাটো প্ৰায় নিশ্চিত৷ এতিয়া যেন উত্তৰ-পূবৰ কেউখন ৰাজ্যত নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰাৰ বাবে চলিছে অঘোষিত প্ৰতিযোগিতা৷ নাগালেণ্ড আৰক্ষীয়ে শনিবাৰে জব্দ কৰিছে ৪৫.৩৮ লাখ টকা৷ ডিমাপুৰৰ নিহোটো অঞ্চলৰ পৰা জব্দ কৰা হৈছে উক্ত ধনৰাশি৷ ১২ ফেব্ৰুৱাৰীপৰ্যন্ত নাগালেণ্ডত আৰক্ষীয়ে প্ৰায় ৩৬ কোটি টকা জব্দ কৰিছে৷ ৰাজ্যখনৰ মুখ্য নিৰ্বাচন বিষয়াই সদৰী কৰা মতে, নাগালেণ্ডত নগদ ৩৬ কোটি টকাৰ উপৰি ৪.২৬ কোটি টকাৰ বিলাতী সুৰা জব্দ কৰা হৈছে৷ নিৰ্বাচনী আচৰণবিধি বলৱৎ হৈ থকা মেঘালয়ত শনিবাৰে জব্দ কৰা হৈছে প্ৰায় ২৩ লাখ টকা৷ পশ্চিম গাৰো পাহাৰ জিলাৰ পৰা জব্দ কৰা হৈছে উক্ত ধনৰাশি৷ আনহাতে, মেঘালয়ৰ পূব জয়ন্তীয়া পাহাৰ জিলাৰ পৰা শনিবাৰে ৬ কোটি টকা জব্দ কৰা হৈছে৷ নিৰ্বাচন আয়োগে শেহতীয়াভাৱে জব্দ কৰা উক্ত ধনৰ পৰিমাণ ২০১৮ চনৰ জুলাইত তিনি ৰাজ্যত জব্দ কৰা নগদ ধনৰ পৰিমাণতকৈ প্ৰায় ২০গুণ বেছি৷ ২০১৮ চনৰ বিধানসভা নিৰ্বাচনত উক্ত তিনি ৰাজ্যত জব্দ হৈছিল প্ৰায় ৭.২৪  কোটি টকা৷ নিৰ্বাচন আয়োগ বৃহস্পতিবাৰে ৰাজহুৱা কৰা তথ্য মতে ত্ৰিপুৰা, মেঘালয় আৰু নাগালেণ্ডৰ পৰা জব্দ কৰা হৈছে ১৪৭ কোটি টকা৷ উল্লেখ্য, ১৬ ফেব্ৰুৱাৰীত ত্ৰিপুৰাত ভোটগ্ৰহণ অনুষ্ঠিত হৈ যায়৷ মেঘালয় আৰু নাগালেণ্ডৰ ভোটগ্ৰহণ হ’ব ২৭ ফেব্ৰুৱাৰীত৷ কেৱল নগদ ধনৰ ক্ষেত্ৰতে নহয়, ২০১৮ চনৰ তুলনাত এইবাৰ ড্ৰাগ্‌ আৰু সুৰাও প্ৰায় ২০গুণ বেছি জব্দ হৈছে৷ নিৰ্বাচনী আচৰণবিধি বলৱৎ হোৱাৰ পৰা ত্ৰিপুৰাত ৩.১২ কিলোগ্ৰাম হেৰ’ইন, ৫২ হাজাৰ য়াবা টেবলেট, নাগালেণ্ডত ৫.২৯ কিলোগ্ৰাম হেৰ’ইন, মেঘালয়ত ৩.৬২ কিলোগ্ৰাম হেৰ’ইন, ৪,৫০০ কিলোগ্ৰাম গাঞ্জা, ১৫০ গ্ৰাম অপিয়াম, ১৮,৮৮০ টা য়াবা টেবলেট, ১৪৫ বটল কফ্‌ ছীৰাপ জব্দ কৰা হৈছে৷ এয়া নিৰ্বাচন আয়োগৰ তথ্যহে৷ বাস্তৱ ক্ষেত্ৰত ইয়াৰ পৰিমাণ আৰু হয়তো বহু বেছি হ’ব৷