Logo
image

জে’লযাত্ৰা ৰুধিবলৈ ন্যায়ালয়ৰ দুৱাৰে দুৱাৰে টুকুৰিয়াইছে অখিলে

আমাৰ অসম, ১৯ ফেব্ৰুৱাৰীঃ ন্যায়ালয়ৰ দুৱাৰে দুৱাৰে টুকুৰিয়াব লগা হৈছে অখিল গগৈয়ে৷ জে’ল যাত্ৰা ৰুধিবলৈ এইবাৰ উচ্ছতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ৷ ‘কা’ বিৰোধী আন্দোলনৰ সময়ত মাওবাদীয়ে সম্পৰ্ক থকা দুটা গোচৰত অখিল গগৈক ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ ‘নিয়া’ই দীঘলীয়া সময়ৰ বাবে বন্দী কৰি ৰাখিছিল যদিও পৰৱৰ্তী সময়ত নিয়াৰ বিশেষ আদালতে অভিযোগমুক্ত ঘোষণা কৰিছিল ৰাইজৰ দলৰ মুৰব্বীজনক৷ কিন্তু ‘নিয়া’ৰ বিশেষ আদালতৰ ৰায়ক প্ৰত্যাহ্বান জনাই ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাটোৱে পৰৱৰ্তী সময়ত গুৱাহাটী উচ্ছ ন্যায়ালয়ত দ্বাৰস্থ হোৱাত বিশেষ আদালতৰ ৰায়ক খাৰিজ কৰে উচ্ছ ন্যায়ালয়ে৷ লগতে অখিল গগৈক ২৩ ফেব্ৰুৱাৰীত নিয়াৰ আদালতত হাজিৰ হোৱাৰ বাবেও নিৰ্দেশ দিয়ে৷

ইফালে অখিল গগৈৰ লগতে একেটা গোচৰতে সতীৰ্থ ধৈৰ্য কোঁৱৰ, মানস কোঁৱৰ আৰু বিতু সোণোৱালকো গ্ৰেপ্তাৰ কৰিছিল যদিও পৰৱৰ্তী সময়ত তিনিওজনে জামিনত মুক্তি লাভ কৰিছিল৷ গুৱাহাটী উচ্ছ ন্যায়ালয়ে ‘নিয়া’ৰ বিশেষ আদালতক অখিল গগৈসহ সতীৰ্থ কেইজনৰ মাওবাদীৰে সম্পৰ্কৰ গোচৰটো পুনৰ চলাবলৈ অনুমতি দিয়াত কাৰ্যতঃ অখিল গগৈৰ জে’ল যাত্ৰা নিশ্চিত হৈ পৰিছে৷ যাৰ বাবে জে’ল যাত্ৰা ৰোধৰ বাবে এইবাৰ উচ্ছতম ন্যায়ালয়ত দ্বাৰস্থ হৈছে শিৱসাগৰ সমষ্টিৰ বিধায়কজন৷ অখিল গগৈয়ে গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ ৰায়ক প্ৰত্যাহ্বান জনাই দাখিল কৰা গোচৰটোৰ বৰ্তমানেও শুনানি লোৱা নাই সৰ্বোচ্ছ ন্যায়ালয়ে৷ অহা সপ্তাহত গোচৰটোৰ শুনানি হোৱাৰ সম্ভাৱনা আছে৷ অৱশ্যে ২৩ ফেব্ৰুৱাৰীৰ পূৰ্বে উচ্ছতম ন্যায়ালয়ত অখিল গগৈৰ আবেদনৰ কোনো শুনানি নহ’লে বা বিধায়কজনৰ সপেক্ষে ৰায় নিদিলে ২৩ ফেব্ৰুৱাৰীত অখিল গগৈয়ে পুনৰ নিয়াৰ আদালতৰ বিচাৰৰ সন্মুখীন হ’ব৷ যদিহে নিয়াৰ আদালতে গোচৰটোৰ চাৰ্জফ্ৰেম প্ৰক্ৰিয়া আৰম্ভ কৰে, তেনেহ’লে অখিল গগৈয়ে জামিনৰ বাবে আবেদন জনাব বুলিও ৰাইজৰ দলৰ নেতৃত্বই জানিবলৈ দিছে৷ আনকি নিয়াৰ আদলতে যদিহে অখিল গগৈকে কাৰাগাৰলৈ প্ৰেৰণ কৰে, তেনেহ’লে উচ্ছ ন্যায়ালয়ত দ্বাৰস্থ হোৱাৰ পথ খোলা ৰখা বুলিও ৰাইজৰ দলৰ নেতৃত্বই প্ৰকাশ কৰিছে৷ ইফালে নিয়াৰ আদালতৰ ৰায়ক খাৰিজ কৰি গুৱাহাটী উচ্ছ ন্যায়ালয়ে দিয়া শেহতীয়া ৰায়ক প্ৰত্যাহ্বান জনাই ধৈৰ্য কোঁৱৰ আৰু মানস কোঁৱৰে সৰ্বোচ্ছ ন্যায়ালয়ত দ্বাৰস্থ হৈছিল যদিও সৰ্বোচ্ছ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠে দুয়োকে কোনো সকাহ নিদিলে৷ দুই সতীৰ্থৰ আবেদনক খাৰিজ কৰাত অখিল গগৈৰ ভৱিষ্যতক লৈয়ো অনিশ্চয়তাই দেখা দিছে৷ এই মুহূৰ্তত ২৩ ফেব্ৰুৱাৰীত নিয়াৰ গুৱাহাটীস্থ বিশেষ আদালত হাজিৰ হোৱাৰ বাহিৰে যেন গত্যান্তৰ নাই অখিল গগৈ আৰু তেওঁৰ সতীৰ্থ কেইজনৰ৷