Logo
image

দোকান দিয়ক, নহ’লে বিহ দিয়ক! : ধবংসস্তূপত ৰৈ চিৎকাৰ ক্ষতিগ্ৰস্তৰ

আমাৰ অসম, ১৯ ফেব্ৰুৱাৰীঃ যোৰহাটৰ চ’ক বজাৰত বৃহস্পতিবাৰে নিশা সংঘটিত বিধবংসী অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত ব্যৱসায়ীসকলে তেওঁলোকক একে স্থানতে অস্থায়ীভাৱে হ’লেও সংস্থাপনৰ দাবী উত্থাপন কৰিছে৷ ক্ষতিগ্ৰস্ত ব্যৱসায়ীসকল প্ৰয়োজনত নিজে ঘৰ সাজি ল’বলৈও প্ৰস্তুত বুলি জানিবলৈ দিছে৷ দৈনিক ব্যৱসায় নকৰিলে পেটলৈ ভাত নাযায় বুলি আক্ষেপ কৰি ক্ষতিগ্ৰস্ত ব্যৱসায়ীসকলে কয় যে তেওঁলোক পাইকাৰী ব্যৱসায়ীৰ পৰা সামগ্ৰী আনি খুচুৰা বজাৰত ইয়াক বিক্ৰী কৰি পেট প্ৰৱৰ্তাই আহিছে৷ গতিকে এদিনৰ বাবেও তেওঁলোকৰ দোকান বন্ধ থকা মানে লঘোণত দিনটো কটোৱা৷ যোৱা দুদিন ধৰি চ’ক বজাৰৰ ধবংসস্তূপলৈ চাই হা-হুমুনিয়াহ কাঢ়ি আছে ক্ষতিগ্ৰস্ত ব্যৱসায়ীসকলে৷ ক্ষতিগ্ৰস্ত ব্যৱসায়ীসকলক যথাসম্ভৱ সোনকালে বজাৰৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক আহ্বান জনায়৷ একাংশ ক্ষতিগ্ৰস্তৰ আৰ্তনাদ– ‘আমি এতিয়া কি খাই জীয়াই থাকিম? চৰকাৰে আমাক জীয়াই থকাৰ পথ দিয়ক৷ আমাক দোকান দিয়ক, নহ’লে বিহ দিয়ক৷’
অস্থায়ী সংস্থাপনৰ ব্যৱস্থা গ্ৰহণৰ বাবে সমিতি গঠনঃ ইফালে যোৰহাট জিলা উপায়ুক্তই চ’ক বজাৰৰ অগ্নিকাণ্ডৰ ফলত ক্ষতিগ্ৰস্ত হোৱা তিনি শতাধিক ব্যৱসায়ীৰ বাবে অস্থায়ী সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ ১০ জনীয়া সদস্যৰে এখন সমিতি গঠন কৰি দিয়ে৷ সমিতিত অতিৰিক্ত উপায়ুক্ত তথা দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মুখ্য কাৰ্যকৰী বিষয়াক সভাপতি হিচাপে লৈ অতিৰিক্ত আৰক্ষী অধীক্ষক, দুজন ৰাজহ চক্ৰৰ চক্ৰ বিষয়া, পৌৰ সভা আৰু নগৰ আৰু গাঁও পৰিকল্পনা বিষয়া, এ পি ডি চি এলৰ বিষয়া, লোক নিৰ্মাণ বিভাগ বিষয়াক অন্তৰ্ভুক্ত কৰা হৈছে৷ সমিতিয়ে সকলো দিশ পৰ্যালোচনা কৰি এসপ্তাহৰ ভিতৰত উপযুক্ত বিকল্প স্থানৰ নিৰ্বাচন কৰিবলৈ উপায়ুক্তৰ নিৰ্দেশটোত কোৱা হৈছে৷

স্থায়ী ব্যৱস্থাৰ সপক্ষে বিধায়ক তথা যোৰহাটৰ সচেতন মহলঃ চ’ক বজাৰখনত নতুনকৈ অস্থায়ীভাৱে কোনো নিৰ্মাণ নকৰি অত্যাধুনিক ভৱনেৰে এখন সৰ্বাংগসুন্দৰ বজাৰ গঢ়াৰ বাবে যোৰহাটবাসীৰ দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি চৰকাৰে সহাৰি জনাইছে৷ ইতিমধ্যে যোৰহাটত কেবিনেট বৈঠকত চ’ক বজাৰ পুনৰ নিৰ্মাণৰ বাবে ৫০ কোটি টকাৰ ধাৰ্য কৰিছিল৷ বৰ্তমান বিত্ত মন্ত্ৰী তথা যোৰহাটৰ অভিভাৱক মন্ত্ৰী অজন্তা নেওগেও উক্ত প্ৰস্তাৱ কাৰ্যকৰী কৰাৰ আশ্বাস দিয়া বুলি স্থানীয় বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীয়ে জানিবলৈ দিছে৷ গোস্বামীয়ে কয় যে, বৰ্তমান স্থানত ব্যৱসায়ীসকলক অস্থায়ীভাৱে সংস্থাপন কৰিবলৈ হ’লে বজাৰখন পৰিকল্পিতভাৱে নিৰ্মাণ কৰিব পৰা নহ’ব৷ সেয়ে ব্যৱসায়ীসকলৰ বাবে অস্থায়ী বিকল্পৰ ব্যৱস্থা কৰি চ’ক বজাৰখন অত্যাধুনিক ৰূপত নিৰ্মাণ কৰা হ’ব৷ বজাৰখন বৈজ্ঞানিকভাৱে নিৰ্মাণ কৰাত সকলোকে সহযোগ কৰিবলৈ বিধায়কজনে আহ্বান জনাইছে৷ ইফালে যোৰহাটৰ সচেতন লোকসকলেও যোৰহাটৰ গৌৰৱস্বৰূপ চ’ক বজাৰক আধুনিক ৰূপত নিৰ্মাণ কৰিবৰ বাবে চৰকাৰৰ প্ৰতি আহ্বান জনাইছে৷
বেজবৰুৱা হাইস্কুলত হ’ব পাৰে অস্থায়ী চ’ক বজাৰঃ উল্লেখ্য, জিলা প্ৰশাসনে চ’ক বজাৰৰ ক্ষতিগ্ৰস্ত ব্যৱসায়ীসকলৰ বাবে অস্থায়ী বিকল্প স্থানৰ সন্ধান কৰিছে৷ এই ক্ষেত্ৰত বৰ্তমান বন্ধ হৈ থকা বেজবৰুৱা হাইস্কুলতে ব্যৱসায়ীসকলক অস্থায়ীভাৱে সংস্থাপিত কৰিব পাৰে৷ অৱশ্যে এই ক্ষেত্ৰত জিলা প্ৰশাসনে চাৰিটা স্থান বিবেচনাৰ বাবে ৰাখিছে আৰু তাৰে ভিতৰত বেজবৰুৱা হাইস্কুলো থকা বুলি বিধায়ক গোস্বামীয়ে প্ৰকাশ কৰিছে৷
চ’ক বজাৰত সোণোৱালঃ কেন্দ্ৰীয় জাহাজ, বন্দৰ আৰু আয়ুস দপ্তৰৰ কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শনিবাৰে ১৬ ফেব্ৰুৱাৰীৰ নিশা বিধবংসী অগ্নিকাণ্ডত ধবংসস্তুপত পৰিণত হোৱা যোৰহাটৰ ঐতিহ্যমণ্ডিত চ’ক বজাৰ পৰিদৰ্শন কৰে৷ প্ৰাক্তন মুখ্যমন্ত্ৰীজনে অগ্নিকাণ্ডটোত ক্ষতিগ্ৰস্ত হোৱা ব্যৱসায়ী তথা কৰ্মচাৰীসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে৷ তেওঁ আশা প্ৰকাশ কৰে যে ৰাজ্য চৰকাৰে ক্ষতিগ্ৰস্ত ব্যৱসায়ীসকলৰ স্বাৰ্থত সঠিক পদক্ষেপ গ্ৰহণ কৰিব৷ এই সম্পৰ্কে তেওঁ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ লগত আলোচনা কৰাৰ কথাও সাংবাদিকৰ আগত প্ৰকাশ কৰে৷
কংগ্ৰেছ নেতা ৰাণা গোস্বামীৰ ধবংসস্তূপ পৰিদৰ্শনঃ ইফালে কংগ্ৰেছ নেতা তথা যোৰহাটৰ প্ৰাক্তন বিধায়ক ৰাণা গোস্বামীয়ে শনিবাৰে চ’ক বজাৰৰ অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত লোকসকলৰ লগত আলোচনা কৰাৰ লগতে ক্ষতিগ্ৰস্ত স্থান পৰিদৰ্শন কৰে৷ তেওঁ চৰকাৰক ক্ষতিগ্ৰস্ত ব্যৱসায়ীসকলক পুনৰ সংস্থাপনৰ দাবী জনায়৷