Logo
image

বিয়াৰ নিমন্ত্ৰণী চিঠিত দৰা-কইনাৰ ‘বয়সৰ প্ৰমাণ’

আমাৰ অসম, ১৯ ফেব্ৰুৱাৰীঃ শদিয়াৰ পৰা ধুবুৰীলৈ অসম আৰক্ষীয়ে চলাইছে বাল্য বিবাহ বিৰোধী অভিযান৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত আৰক্ষীয়ে বাল্য বিবাহৰ গোচৰত নিশাটোৰ ভিতৰতে হাজাৰ হাজাৰ বে-আইনী স্বামী তথা পিতৃ-মাতৃ আৰু শহুৰ-শাহুকো গ্ৰেপ্তাৰ কৰি জে’ললৈ নিক্ষেপ কৰিছে৷ আনকি বাল্য বিবাহস্থলীতো উপস্থিত হৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বে-আইনী স্বামী, পূজাৰী তথা কাজীক৷ আৰক্ষীৰ এই কঠোৰ স্থিতিৰ বাবে আত্মগোপন কৰিও তত্‌ পোৱা নাই বহু বে-আইনী স্বামীয়ে৷ একেদৰে আৰক্ষীৰ ভয়ত পলায়ন কৰিছে নাবালিকা নৱবধুৱে৷ 

ইফালে বাল্য বিবাহক কেন্দ্ৰ কৰি ৰাজ্যত কেইবাটাও অনাকাংক্ষিত আত্মহত্যাৰ ঘটনাও সংঘটিত হৈছে৷ কোনোৱে যদি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰৰ ভয়ত আত্মহত্যা কৰিছে, আন কোনোৱে আকৌ পুত্ৰ-স্বামীৰ গ্ৰেপ্তাৰৰ দুখ সহিব নোৱাৰি কৰুণ মৃত্যুক আঁকোৱালি লৈছে৷ আনহাতে বাল্য বিবাহ বিৰোধী আৰক্ষীৰ অভিযানৰ বাবে কাজী আৰু পূজাৰীৰ অভাৱত বহু অঞ্চলত বিবাহৰ দিন পৰ্যন্ত পিছুৱাবলগীয়া হৈছে৷ মুঠৰ ওপৰত বাল্য বিবাহক কেন্দ্ৰ কৰি ৰাজ্যত এতিয়া একপ্ৰকাৰ আতংকময় পৰিৱেশে বিৰাজ কৰিছে৷ পূজাৰী-কাজীৰ কথা বাদেই বিবাহ খাবলৈও যাবলৈ ভয় কৰিছে অতিথিয়ে৷

এনে আতংকৰ বাবেই এতিয়াৰে পৰা বিবাহৰ নিমন্ত্ৰণী পত্ৰত দৰা-কইনাৰ বয়স তথা জন্মৰ তাৰিখ লিখি দিবলৈ বাধ্য হৈছে অভিভাৱকে৷ দৰা-কইনাৰ জন্মৰ তাৰিখ লিখা বিবাহৰ এখন নিমন্ত্ৰণী পত্ৰ এতিয়া সামাজিক মাধ্যমতো ভাইৰেল হৈ পৰিছে৷ বাগ্‌সা জিলাৰ পাঘামাৰা গাঁৱৰ এজন যুৱকৰ বিবাহৰ নিমন্ত্ৰণী পত্ৰত দৰা-কইনাৰ জন্মৰ তাৰিখ উল্লেখ কৰা দেখা গৈছে৷ নিমন্ত্ৰণী পত্ৰখনত মেধি উপাধিৰ দৰাজনৰ জন্মৰ তাৰিখ ২১ ডিচেম্বৰ ১৯৯২ চন বুলি লিখি দিয়াৰ বিপৰীতে কলিতা উপাধিৰ কন্যাগৰাকীৰ জন্মৰ তাৰিখ ১৭ জানুৱাৰী ১৯৯৭ বুলি উল্লেখ কৰিছে৷ অৰ্থাৎ বিবাহৰ নিমন্ত্ৰণী পত্ৰখনত দৰা-কইনাই আইনে প্ৰদান কৰা বয়সত বিয়া কৰাবলৈ সাজু হোৱা বুলিও ইংগিত দিছে৷ যাতে আৰক্ষীয়েও কোনো হাৰাশাস্তি নকৰে আৰু বিবাহ খাবলৈ অহা লোক সকলেও ভয় শংকাত নাথাকি সাবালক দুজন যুৱক-যুৱতীৰ নতুন জীৱনৰ বাবে আশীৰ্বাদ দিব পাৰে৷ নিমন্ত্ৰণী পত্ৰখনত উল্লেখ থকা মতে বাগ্‌সাৰ পাখামাৰা গাঁৱৰ ঘৰত অহা ১১ মাৰ্চত এই দৰা-কইনাৰ বিবাহখন সম্পন্ন হ’ব৷