Logo
image

স্বামী-শাহুক হত্যা যুৱতীৰ, ফ্ৰীজত দেহ

আমাৰ অসম, ২০ ফেব্ৰুৱাৰীঃ গুৱাহাটীৰ মাজমজিয়াত অতি সংগোপনে সংঘটিত হৈছিল এক নৃশংস হত্যাকাণ্ড৷ দীঘলীয়া সময়ৰ বাবে এই হত্যাকাণ্ডৰ কোনো শুংসূত্ৰ বা তথ্য পোহৰলৈ অহা নাছিল৷ আৰক্ষীৰ তদন্তত শেহতীয়াকৈ পোহৰলৈ আহিছে এই নাৰকীয় হত্যাকাণ্ডৰ সবিশেষ৷ সাত মাহ পূৰ্বে এগৰাকী যুৱতীয়ে প্ৰথমে নিজৰ স্বামী আৰু শাহুৱেকক হত্যা কৰি দুজন সংগীৰ সহযোগত তেওঁলোকৰ মৃতদেহ টুকুৰা-টুকুৰকৈ কাটি ফ্ৰীজত ভৰাই থয়৷ তাৰ পাছত এই সংগীৰ সহযোগতে যুৱতীগৰাকীয়ে মৃতদেহৰ টুকুৰাসমূহ নষ্ট হ’বলৈ মেঘালয়ৰ পাহাৰৰ পৰা তলত পেলাই দিয়ে৷ মূলতঃ ধনৰ প্ৰতি থকা অত্যধিক লোভৰ বাবেই যুৱতীগৰাকীয়ে সংঘটিত কৰে এই নাৰকীয় কাৰ্য৷ ইতিমধ্যে আৰক্ষীয়ে এই হত্যাকাণ্ডৰ সৈতে জড়িত যুৱতীগৰাকী আৰু তেওঁৰ দুই সংগীক গ্ৰেপ্তাৰ কৰে৷ যি সময়ত দিল্লী-মুম্বাইত ঘনিষ্ঠ তথা আত্মীয়ক হত্যা কৰি মৃতদেহ ফ্ৰীজত ভৰাই ৰখাৰ দৰে বীভৎস ঘটনা সংঘটিত হৈছে, সেই সময়তে অনুৰূপ ঘটনা গুৱাহাটীতো পোহৰলৈ আহিছে৷ দিল্লী-মুম্বাইৰ দৰে প্ৰেমিক বা প্ৰেমিকা নহয়, গুৱাহাটীত যুৱতীয়ে স্বামী আৰু শাহুক নৃশংসভাৱে হত্যা কৰি তেওঁলোকৰ মৃতদেহ দিনৰ পিছত দিন ধৰি ফ্ৰীজত সোমাই ৰখাৰ এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে আৰক্ষীৰ তদন্তত৷ এই হত্যাকাণ্ড ইমান নৃশংস যে যুৱতীয়ে স্বামী আৰু শাহুক হত্যা কৰি মৃতদেহটো দাৰে টুকুৰা টুকুৰ কৰি তিনিদিন ধৰি গোপনে ফ্ৰীজত ৰাখিছিল৷ পিছত খণ্ড বিখণ্ড মৃতদেহ দুটা পলিথিনত ভৰাই মেঘালয়ৰ ডাউকী ৰোডৰ পাহাৰীয়া অঞ্চলৰ প্ৰায় ৫০-৬০ ফুট দ খাৱৈত পেলাই দিয়ে হত্যাকাৰীয়ে৷ ঘটনাটো সংঘটিত হোৱাৰ প্ৰায় ৭ মাহ পাছত আৰক্ষীৰ তদন্তত পোহৰলৈ আহে এই নৃশংস হত্যাকাণ্ডৰ ঘটনা৷ আৰক্ষীৰ সূত্ৰৰ মতে মহানগৰীৰ নাৰেংগী এছ বি আই বেংকৰ সমীপৰ বাসিন্দা অমৰজ্যোতি দে কেইবছৰমান পূৰ্বে বন্দনা কলিতা নামৰ যুৱতী গৰাকীৰ সৈতে বিবাহপাশত আবদ্ধ হয়৷ বিয়াৰ কিছুদিনলৈ স্বামী স্ত্ৰীৰ সম্পৰ্ক ঠিকে আছিল যদিও পত্নী বন্দনাৰ ধনজিৎ ডেকা নামৰ এজন যুৱকৰ সৈতে অবৈধ প্ৰেমৰ সম্পৰ্কৰ কথা জানিব পাৰি স্বামী অমৰজ্যোতি দে’ আৰু বন্দনাৰ মাজত প্ৰায়ে সংঘাত হৈছিল৷ ইপিনে অমৰজ্যোতি দে’ৰ মাতৃ শংকৰী দে’ৰ নামত মহানগৰীৰ চান্দমাৰি অঞ্চলত পাঁচটা অট্টালিকা আছিল৷ তাৰে এটা অট্টালিকাত মাতৃয়ে অকলে বসবাস কৰি আছিল৷ ইয়াৰে অন্য চাৰিটা অট্টালিকা ভাড়া সংগ্ৰহ কৰি আছিল অমৰজ্যোতি দে’ৰ মোমায়েকে৷ ইয়াকে লৈ পত্নী বন্দনা কলিতা ক্ষুণ্ণ হৈ পৰিছিল৷ এনে কাৰণতে বন্দনা কলিতা আৰু স্বামী অমৰজ্যোতি দেৰ মাজত বিবাহ বিচ্ছেদৰ প্ৰস্তুতি চলি আছিল৷ এনে সময়তে প্ৰায় জ্জ মাহ পূৰ্বে বন্দনাই তেওঁৰ স্বামী অমৰজ্যোতি দে আৰু শাহু শংকৰী দে নিৰুদ্দেশ হৈ থকা বুলি বন্দনাই নুনমাটি আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে৷ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে সন্ধানহীন সম্পৰ্কীয় গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখে৷ এই তদন্ত চলি থকা সময়তে বন্দনাই দ্বিতীয়খন এজাহাৰ দাখিল কৰি শাহুৰ পাঁচটা একাউণ্টৰ ধন অমৰজ্যোতি দেৰ মোমাযেকে হৰলুকী কৰাৰ অভিযোগ কৰি ঘটনাৰ তদন্ত বিচাৰে আৰক্ষীৰ পৰা৷ আৰক্ষীয়ে এই পাঁচটা একাউণ্টৰ ধন উলিওৱা ঘটনাটো সূক্ষ্ম ভাবে তদন্ত কৰি ইয়াৰ এটা একাউণ্টৰ পৰা বন্দনাই এ টি এম ব্যৱহাৰ কৰি পাঁচ লাখ টকা উলিওৱাৰ তথ্য লাভ কৰে৷ এই তথ্য লাভ কৰাৰ পিছতে আৰক্ষীৰ বন্দনাৰ ওপৰত সন্দেহ ওপজে৷ পিছত আৰক্ষীয়ে যোৱা ১৭ ফেব্ৰুৱাৰীত বন্দনাক আটক কৰে৷ আৰক্ষীৰ জেৰাত বন্দনাই স্বামী অমৰজ্যোতি দে আৰু শাহু শংকৰী দেক হত্যা কৰা ঘটনা নিজ মুখে স্বীকাৰ কৰে৷ আৰক্ষীৰ জেৰাত বন্দনাই প্ৰথমে শাহু শংকৰী দেক চনমাৰীৰ অট্টালিকাত অৰূপ দাস নামৰ যুৱক জনৰ সহযোগত মুখত সোপা দি হত্যা কৰি মৃতদেহটো দাৰে টুকুৰা টুকুৰ কৈ কাটি ফ্ৰীজত তিনিদিন ধৰি ভৰাই ৰখা বুলি বিস্ফোৰক স্বীকাৰোক্তি দিয়ে৷ তিনিদিন পিছত বন্দনাই পুনৰ নাৰেংগীস্থিত নিজৰ বাস ভৱনত স্বামী অমৰজ্যোতি দেক ধনজীত ডেকাৰ সহযোগত ডিঙি চেপি নৃশংস ভাবে হত্যা কৰে৷ পিছত অমৰজ্যোতি দে’ক দাৰে কাটি টুকুৰা টুকুৰ কৰি পলিথিনত ভৰাই থয়৷ পিছত মাতৃ পুত্ৰৰ মৃতদেহ দুটা ধনজিত ডেকাৰ গাড়ীত ভৰাই মেঘালয়ৰ ডাউকীলৈ ৰাওনা হয়৷ ডাউকিত উপস্থিতহৈ তিনি হত্যাকাৰী মিলি মৃতদেহৰ টোপোলা দুটা পথৰ দাঁতিৰ দ খাৱৈত পেলাই দিয়ে৷ এই বিস্ফোৰক তথ্য লাভ কৰাৰ পিছতো আৰক্ষীয়ে ধনজিৎ ডেকাক কালি তিনিচুকীয়াৰ পৰা আৰু অৰূপ দাসক খানাপাৰাৰ পৰা গ্ৰেপ্তাৰ কৰি নুনমাটি থানালৈ আনে৷ আজি পুৱাৰ ভাগত নুনমাটি আৰক্ষীয়ে তিনি হত্যাকাৰীক লগত লৈ মেঘালয়ৰ ডাউকিত উপস্থিত হয়৷ আৰক্ষীৰ দলটোৱে দ খাৱৈত অভিযান চলায় মৃতদেহ দুটাৰ কেতবোৰ অংগ-প্ৰত্যঙ্গ উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ এই দুটা হত্যাকাণ্ডক কেন্দ্ৰত এক বৃহৎ চক্ৰ জড়িত থকা বুলি সন্দেহ কৰিছে আৰক্ষীয়ে৷ লগতে পৰকীয়া প্ৰেম আৰু সম্পত্তিৰ বাবে এই হত্যা কাণ্ড সংঘটিত হোৱা বুলি দাবী কৰিছে আৰক্ষীয়ে৷ উল্লেখ্য যে বিগত এবছৰৰ ভিতৰত দিল্লীত এনে দুটা নৃশংস হত্যাৰ ঘটনা সংঘটিত হৈছিল য’ত হত্যাৰ বলিক ফ্ৰীজৰ ভিতৰত ভৰাই ৰখা হৈছিল৷ তাৰে প্ৰথমটো ঘটনা সংঘটিত দিল্লীৰ নেহৰুলি অঞ্চলত৷ সেই ঘটনাত শ্ৰদ্ধা ৱাকাৰ নামৰ যুৱতী এগৰাকীক তেওঁৰ প্ৰেমিক আফতাব পুনাৱালাই হত্যা কৰি টুকৰা টুকুৰকৈ কাটি ফ্ৰীজৰ ভিতৰত ভৰাই থৈছিল৷ কিন্তু যোৱা নৱেম্বৰতহে সেই নৃশংস হত্যাকাণ্ডৰ ঘটনা পোহৰলৈ আহে৷ আনহাতে যোৱা ৯ ফেব্ৰুৱাৰীত দিল্লীৰ নজফগড় অঞ্চলত নিক্কি যাদব নামৰ এগৰাকী তৰুণীক তেওঁৰ প্ৰেমিক ছাহিল গেহলটে হত্যা কৰি নিজৰ ধাবাত থকা ফ্ৰীজৰ ভিতৰত ভৰাই লুকুৱাই ৰাখিছিল৷ পিছদিনা অৰ্থাৎ ১০ ফেব্ৰুৱাৰীত তেওঁ আন এগৰাকী যুৱতীৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল৷ ঘটনাটো পোহৰলৈ আহে যোৱা ১৩ ফেব্ৰুৱাৰীত৷