Logo
image

শিল্পী কিৰণ শংকৰক প্ৰণৱ বৰুৱা বঁটা, শিকদাৰলৈ ‘ক্ৰান্তিকাল’

আমাৰ অসম, ২০ ফেব্ৰুৱাৰীঃ ৰাজ্যৰ এগৰাকী প্ৰবীণ চিত্ৰশিল্পী কিৰণ শংকৰক সহজাত শিল্প প্ৰতিভা, উদ্ভাৱনী চিন্তা আৰু নিৰালস সাধনাৰে শিল্পৰ জগতত সুখ্যাতি অৰ্জন কৰা বাবে ২০২৩ বৰ্ষৰ প্ৰণৱ বৰুৱা শিল্পী বঁটাৰে সন্মানিত কৰা হয়৷ দেওবাৰে গুৱাহাটীৰ চান্দমাৰীস্থিত গুৱাহাটী আৰ্টিষ্ট গীল্ডৰ সভাগৃহত প্ৰণৱ বৰুৱা শিল্পী বঁটা সমিতি আৰু গুৱাহাটী আৰ্টিষ্ট গীল্ডৰ যৌথ উদ্যোগত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিশিষ্ট ভাস্কৰ্য্যশিল্পী বীৰেণ সিংহই কিৰণ শংকৰক এই সন্মানীয় বঁটা প্ৰদান কৰে৷ এই বঁটাত  আছে এটি সুদৃশ্য স্মাৰকৰ সৈতে এখনি প্ৰশস্তি পত্ৰ আৰু নগদ ২৫ হাজাৰ টকা৷ আনহাতে এই উপলক্ষে প্ৰণৱ বৰুৱা শিল্পী বঁটা সমিতিৰ সম্পাদক মনোজ কুমাৰ গোস্বামীৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা অনুষ্ঠানত কিৰণ শংকৰক এই বঁটা প্ৰদান কৰে বিশিষ্ট ভাস্কৰ্য শিল্পী বীৰেন সিংহই৷ চমু ভাষণত বীৰেন সিংহই কয় প্ৰণৱ বৰুৱা আমাৰ সমাজ জীৱনৰ অবিচ্ছেদ্য অংগ আছিল৷ প্ৰণৱ দা আমাৰ অন্তৰত আছিল৷ আমাৰ বন্ধু কিৰণ শংকৰক প্ৰণৱ বৰুৱা শিল্পী বঁটা প্ৰদান কৰিবলৈ পাই নিজকে ধন্য মানিছোঁ৷ আনহাতে বঁটা গ্ৰহণ কৰি কিৰণ শংকৰে কয় ৰূপ সাগৰত সাঁতুৰিবৰ বাবে এই বঁটা প্ৰদানে মোক যথেষ্ট পৰিমাণে উৎসাহিত কৰিব৷ বঁটা গ্ৰহণ কৰি মই সুখী অনুভৱ কৰিছো৷ অনুষ্ঠানত গুৱাহাটী আৰ্টিষ্ট গীল্ডৰ সভাপতি আমিনুল হক, সম্পাদক কিশোৰ কুমাৰ দাস,  প্ৰণৱ বৰুৱাৰ কন্যা লখিমী বৰুৱা ভূঞাকে ধৰি কেবাজনো বিশিষ্ট লোক উপস্থিত থাকে৷  শেষত শলাগৰ শৰাই আগবঢ়াই নয়ন প্ৰসাদে৷ অনুষ্ঠানৰ পাছতেই শিল্পী কিৰণ শংকৰৰ ছবিৰ এখনি প্ৰদৰ্শনী মুকলি কৰা হ’য়৷ প্ৰদৰ্শনীখন মুকলি কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ নৃতত্ত্ব বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ইৰশ্বাদ আলীয়ে৷ প্ৰদৰ্শনীত কিৰণ শংকৰৰ কেবাখনো ছবি প্ৰদৰ্শন কৰা হয়৷  উল্লেখযোগ্য যে ১৯৪৯ চনৰ ২৫ নৱেম্বৰত নগাঁও জিলাৰ শালনা চাহ বাগিচাৰ সমীপৰ চিমনাবস্তিত জন্ম গ্ৰহণ কৰা শিল্পী কিৰণ শংকৰে চিমনাবস্তি প্ৰাথমিক বিদ্যালয়তে স্কুলীয়া শিক্ষা আৰম্ভ কৰে৷ শৈশৱতে শ্ৰেণী কোঠাত কিৰণ শংকৰৰ সুন্দৰ হাতৰ আখৰ আৰু ছবি আঁকাৰ পাৰদৰ্শিতাই শিক্ষক সকলৰ দৃষ্টি আকৰ্ষণ কৰিছিল৷ পৰৱৰ্তী সময়ত জীৱন সংগ্ৰামত সৃষ্টিশীল কলাৰ পৃথিৱীখনৰ পৰা আঁতৰি যাবলৈ উপক্ৰম হোৱা কিৰণ শংকৰক শিল্পী প্ৰণৱ বৰুৱাই পুনৰ আবিষ্কাৰ কৰি কল্লোল চিত্ৰাঙ্কন বিদ্যালয়ৰ সৈতে জড়িত কৰে৷ কল্লোল চিত্ৰাঙ্কণ বিদ্যালয়ত শিক্ষকতা আৰু পৰৱৰ্ত্তী সময়ত অধ্যক্ষৰ দায়িত্বও পালন কৰা শিল্পী কিৰণ শংকৰে নৱ প্ৰজন্মক চিত্ৰ কলা শিক্ষাৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ লগতে এচাম প্ৰতিশ্ৰুতি সম্পন্ন যুৱক-যুৱতীক চিত্ৰশিল্পী হিচাপে গঢ়ি তোলাত দায়িত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে৷ অসম চৰকাৰৰ শিল্পী পেঞ্চন প্ৰাপ্ত চিত্ৰশিল্পী কিৰণ শংকৰে চিত্ৰকলা চৰ্চাৰ এক পৰিৱেশ গঢ় দিয়াৰ লগতে সমাজত সুস্থ ৰুচিবোধৰ প্ৰসাৰ ঘটোৱাৰ বাবেও অহোপুৰুষাৰ্থ কৰি আহিছে৷

বিশিষ্ট গল্পকাৰ জ্যোতিষ শিকদাৰক ক্ৰান্তিকাল বঁটা প্ৰদান

বিশিষ্ট গল্পকাৰ জ্যোতিষ শিকদাৰক আজি এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ক্ৰান্তিকাল সাহিত্য বঁটা ২০২২ প্ৰদান কৰা হয়৷ গুৱাহাটীৰ শিলপুখুৰীস্থিত পঞ্চৱতীৰ মুনীন বৰকটকী স্মাৰক ন্যাসৰ আড্ডাঘৰত অনুষ্ঠিত অনুষ্ঠানত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কুল শইকীয়া, বিশিষ্ট গল্পকাৰ দেৱব্ৰত দাস, বিশিষ্ট গল্পকাৰ তথা সাহিত্য অকাডেমি অসমীয়া ভাষা পৰিষদৰ সদস্য ডাঃ অপূৰ্ব শইকীয়া, বিশিষ্ট গল্পকাৰ তথা সাংবাদিক বিতোপন বৰবৰাৰ উপস্থিতিত এই বঁটা প্ৰদান কৰা হয়৷  উল্লেখ্য, ক্ৰান্তিকাল বঁটাত আছে নগদ পঁচিশ হাজাৰ টকাৰ লগতে স্মাৰক, সম্বৰ্ধনা-পত্ৰ আৰু গ্ৰন্থৰ টোপোলা৷ ক্ৰান্তিকাল প্ৰকাশনৰ স্বত্বাধিকাৰ কৈলাস ৰাজখোৱা, বিশিষ্ট সমালোচক অৰিন্দম বৰকটকীৰ দ্বাৰা পৰিচালিত শিৱকান্ত-ক্ৰান্তিকাল ন্যাসৰ দ্বাৰা প্ৰদান কৰা এই বঁটা ২০১১ চনৰ পৰা অসমৰ সাহিত্য, সংস্কৃতি আৰু সমাজ জীৱনত বিশিষ্ট বৰঙনি আগবঢ়োৱা একোজনকৈ পুৰোধা ব্যক্তি তথা সাধকলৈ আগবঢ়াই অহা হৈছে৷ বঁটা প্ৰদান অনুষ্ঠানত সাহিত্যিক কুল শইকীয়াই গল্প-সাহিত্যৰ ক্ষেত্ৰখনত বিশেষ বৰঙণি আগবঢ়াই অহা জ্যোতিষ শিকদাৰলৈ ক্ৰান্তিকাল বঁটা প্ৰদান কৰা বিষয়টোৰ শলাগ লয়৷ তেওঁ কয় ‘শিকদাৰে কমাই লিখে কিন্তু ভাল লিখে৷ প্ৰচুৰ অধ্যয়নশীল আৰু সূক্ষ্ম পৰ্যবেক্ষক জ্যোতিষ শিকদাৰলৈ এনে স্বীকৃতিয়ে গল্পকাৰজনক উৎসাহিত কৰাত শিৱকান্ত ক্ৰান্তিকাল ন্যাসৰ উদ্যোগ সঁচাকৈয়ে প্ৰশংসনীয়৷’ গল্পকাৰ দেৱব্ৰত দাসে শিকদাৰৰ গল্প সম্পৰ্কত গুৰুত্বপূৰ্ণ কেইবাটাও দিশ আলোচনা কৰি নিজৰ মত প্ৰকাশ কৰে৷ গল্পকাৰ বিতোপন বৰবৰাই কয় যে মধ্যবিত্তীয়, নিম্ন মধ্যবিত্তীয় শ্ৰেণীৰ চিত্ৰ দাঙি ধৰি সামাজিক দায়বদ্ধতাৰ পৰিচয় দিয়া গল্পকাৰ শিকদাৰ হ’ল সমাজৰ অৱহেলিত শ্ৰেণীৰ এটা কণ্ঠ৷ একেবাৰে মাটিৰ পৰা গল্পৰ বিষয় বস্তু দাঙি ধৰি উচ্ছ পৰ্যায়ৰ সাহিত্য ৰচনাত জ্যোতিষ শিকদাৰৰ নিপুনতা অগতানুগতিক৷ বিশিষ্ট সাহিত্যিক অপূৰ্ব শইকীয়াৰ মতে জ্যোতিষ শিকদাৰ এনে এজন গল্পকাৰ যি নিজা নিয়মত স্বকীয় ভাষা-বৈশিষ্ট্যৰে গল্প লিখে৷ শিকদাৰ অসমীয়া সাহিত্যৰ এজন অতি সমৃদ্ধিশালী গল্পকাৰ৷ ক্ৰান্তিকাল প্ৰকাশনৰ উদ্যোগত অগতানুগতিকভাৱে অসমীয়া সমাজত নীৰৱে সাধনা কৰি অহা এগৰাকী বিশিষ্ট ব্যক্তিক প্ৰতিবছৰে এনেকৈ বঁটা প্ৰদান কৰি অহা কথাটোৰ ক্ষেত্ৰত আমন্ত্ৰিত অতিথিসকলে প্ৰশংসা কৰে৷  বিশিষ্ট সমালোচক অৰিন্দম বৰকটকীয়ে আদৰণি ভাষণত ক্ৰান্তিকাল সাহিত্য বঁটা আৰু জ্যোতিষ শিকদাৰ সম্পৰ্কত বক্তব্য আগবঢ়ায়৷ তেওঁ কয়, আশীৰ দশকৰ পৰা নিজস্ব ধাৰা এটাৰে, সামাজিক দৃষ্টিভংগীৰে, বিষাদ আৰু হতাশাৰ বিষয়কো প্ৰতিবাদৰ ভাষা কৰি গঢ়ি তোলা জ্যোতিষ শিকদাৰে নিজা এটা প্ৰতিষ্ঠা বা পৰিচয় গঢ় দিবলৈ সক্ষম হৈছে৷ বঁটা-প্ৰাপক জ্যোতিষ শিকদাৰে বঁটা গ্ৰহণ কৰি ধন্যবাদসূচক বক্তব্যত নিজকে এতিয়াও সাহিত্যৰ ছাত্ৰ বুলি গণ্য কৰা বুলি কয়৷ কবি নীলাভ সৌৰভে আঁত ধৰা অনুষ্ঠানটোত কুকিল শইকীয়া, অংকুৰ ৰঞ্জন ফুকন, মিনাক্ষী বৰকটকীকে আদি কৰি কেইবাগৰাকীও নবীন-প্ৰবীণ সাহিত্যিক, কবি উপস্থিত থাকে৷ ক্ৰান্তিকাল প্ৰকাশনৰ উদ্যেক্তা কৈলাস ৰাজখুৱাই প্ৰদান কৰা শলাগৰ শৰাইৰে এই বঁটা প্ৰদান অনুষ্ঠানৰ সামৰণি পৰে৷