Logo
image

ক্ষমতা আজি আছে কাইলৈ নাই... সৰ্বানন্দৰ উপলব্ধি

আমাৰ অসম, ২০ ফেব্ৰুৱাৰীঃ ৰাজনীতিয়ে ভাগ কৰে, সংস্কৃতিয়ে জোৰা লগায়, ৰাজনীতিৰ সমাজখন চিন্ন ভিন্ন নকৰিব৷ এই আহ্বান কেন্দ্ৰীয় মন্ত্ৰী, প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ৷ দেওবাৰে কেন্দ্ৰীয় মন্ত্ৰীজনে মাজুলীত উপস্থিত হৈ কয়–মাজুলীৰ যি শক্তিশালী সাংস্কৃতিক ধাৰা আছে, সাংস্কৃতিক পৰম্পৰা আছে সেই ধাৰাৰে মাজুলী সকলো সময়তে এক হৈ থাকিব৷ যিমানেই দুৰ্যোগ নাহক কিয়, যিমানেই ধুমুহা নাহক কিয়, যিমানেই প্ৰত্যাহ্বান নাহক কিয়, যিমানেই সমস্যা নাথকক কিয় মাজুলী সদায় এক হৈ আছে, এক হৈ থাকিব৷ এইটো মই মনে প্ৰাণে বিচাৰো৷ তেওঁ আৰু কয়–মই মুখ্যমন্ত্ৰী হৈ থকা অৱস্থাত বৰাক ব্ৰহ্মপুত্ৰ-পাহাৰ-ভৈয়ামৰ মানুহক একগোট কৰাৰ লক্ষ্য আছিল৷ অসমৰ ৩ কোটি ৪০ লাখ মানুহ  ঐক্যবদ্ধ কৰা মোৰ লক্ষ্য আছিল৷ একতাৰ যি শক্তি আছে ভাগ ভাগ হ’লে সেই শক্তি নাথাকে৷ ৰাজনীতিক এইটো পৰ্যায়লৈ নিনিব য’ত সমাজখন চূৰ্ণ-বিচূৰ্ণ হয়৷ ৰাজনীতিক এই পৰ্যায়লৈ আনিব য’ত সমন্বয়ৰ দ্বাৰা সমাজ শক্তিশালী হয়৷ কাকো নাম নোলোৱাকৈ তেওঁ কয়–মানৱ সেৱা কৰাৰ বাবে আমি যিখিনি সুযোগ লাভ কৰিছো সেইটো জনসাধাৰণে দিয়া৷ চৰকাৰী পদবীক লৈ কোনোৱে অহংকাৰ কৰা উচিত নহয়৷ ক্ষমতা আজি আছে কাইলৈ নাই৷ কিন্তু সমাজখন সদায় থাকিব৷ সমাজখন শিৰত ৰাখিব লাগে৷ ক্ষমতাক ভৰিৰ তলত ৰাখিব লাগেয় সমাজখনেই ঈশ্বৰৰ প্ৰকৃত ৰূপ৷ ক্ষমতা শিৰত উঠিলে ধবংস হ’বলৈ বেছিদিন নালাগে৷ ভগৱানে কৈছে মই সকলোৰে হৃদয়ত আছো৷ নাভাবিবা যে তুমি আজি প্ৰবল প্ৰতাপী৷ তোমাৰ লগতে সকলো শক্তি বিৰাজমান৷ অ’ মই তোমাক কিছুমান কাৰণত ক্ষমতা দিছোঁ৷ ৰাজনীতিক এই পৰ্যায়লৈ নিয়ক য’ত সমন্বয়ৰ দ্বাৰা সমাজখন শক্তিশালী হয়৷ কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে কাৰো নাম নোলোৱাকৈ এনে ধৰণে বক্তব্য ৰাখিলেও তেওঁৰ এনে বক্তব্যৰ মূল লক্ষ্য তেওঁৰে যে কোনো সতীৰ্থ হ’ব পাৰে তাক কাকো বুজাই কোৱাৰ প্ৰয়োজন নিশ্চয় নাই৷ কোনো সতীৰ্থৰ কাম-কাজ দেখিয়েই হয়তো এনে উপলব্ধি হৈছে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালৰ৷