Logo
image

শুৱালকুছিৰ পাট উদ্যোগ চাই আজি পাণ্ডু পাবহি গংগা বিলাস

আমাৰ অসম, ২০ ফেব্ৰুৱাৰীঃ গোৱালপাৰাৰ ঐতিহাসিক শ্ৰীশ্ৰী সূৰ্য পাহাৰৰ অপৰূপ প্ৰাকৃতিক সৌন্দৰ্যই মোহিলে ‘এম ভি গংগা বিলাস’ৰ বিদেশী পৰ্যটকক৷ উল্লেখ্য যে বিশ্বৰ সবাতোকৈ দীৰ্ঘতম নদী পথ অতিক্ৰম কৰাৰ লক্ষ্যৰে সুদূৰ বাৰাণসীৰ পৰা যাত্ৰা কৰা অত্যাধুনিক ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসে ক্ৰমান্বয়ে অন্তিম লক্ষ্যস্থান ডিব্ৰুগড়ৰৰ দিশে অগ্ৰসৰ হৈছে৷ শুকুৰবাৰে ‘এম ভি গংগা বিলাসে বাংলাদেশৰ পৰা ব্ৰহ্মপুত্ৰৰে আহি অসমৰ ধুবুৰীত প্ৰৱেশ কৰিছিল৷ অসমত গংগা বিলাসৰ আজি তৃতীয়টো দিন৷ ধুবুৰীৰ পৰা যাত্ৰা কৰি শনিবাৰে     সন্ধিয়াই গোৱালপাৰাৰ কাছাৰী ঘাটত উপস্থিত হৈছিল ‘এম ভি গংগা বিলাস৷’ কাছাৰী ঘাটৰ পৰা প্ৰায় এক কিলোমিটাৰ দুৰৈত জাহাজখনে অৱস্থান গ্ৰহণ কৰিছিল৷ শনিবাৰৰ নিশাটো ক্ৰুজখনতে বিদেশী পৰ্যটক সকলে কটায়৷ দেওবাৰে পুৱা ৭ বজাত আভ্যন্তৰীণ জল পৰিবহণৰ দুখন সু-সজ্জিত যন্ত্ৰচালিত নাৱেৰে পৰ্যটকসকলক পাৰলৈ অনা হয়৷ পিছত বিশেষ সন্মান আৰু আতিথ্যৰ মাজেৰে তিনিখন ক্ৰুইজাৰ গাড়ীৰে তেওঁলোকক সূৰ্যপাহাৰ দৰ্শনৰ বাবে লৈ যোৱা হয়৷ পুৱা ৭.৩০ বজাত সূৰ্য পাহাৰত পৰ্যটকৰ দলটোৱে পদাৰ্পন কৰাৰ লগে লগে জিলা উপায়ুক্ত খনিন্দ্ৰ চৌধুৰীয়ে সকলোকে একোখনকৈ ৰাভা গামোছাৰে আদৰণি জনায়৷ সূৰ্য পাহাৰৰ প্ৰত্নতাত্বিক স্থানৰ লগতে পাহাৰৰ নৈসৰ্গিক দৃশ্যৰাজি চাই পৰ্যটকসকল অভিভূত হৈ পৰে৷ বিশেষকৈ ছুইজাৰলেণ্ডৰ পৰ্যটকসকলে সূৰ্য পাহাৰৰ অপৰূপ সৌন্দৰ্যৰ মাজত নিজ দেশৰ ছবি দেখা পায় বুলি মনৰ ভাব ব্যক্ত কৰে৷ জিলা প্ৰশাসনৰ তৰফৰ পৰা লোৱা আদৰ-সম্ভাষণ ব্যৱস্থাৰ শলাগ লয় সকলো বিদেশী পৰ্যটকে৷ সুযোগ পালে পুনৰ এনে পৰিৱেশৰ মাজলৈ অহাৰ ইচ্ছা ব্যক্ত কৰে পৰ্যটকৰ দলটোৱে৷ সূৰ্য পাহাৰৰ প্ৰত্নতাত্ত্বিক স্থানসমূহ চোৱাৰ পিছত পৰ্যটকসকলৰ মনোৰঞ্জনৰ বাবে জিলা প্ৰশাসনে ৰাভা জনগোষ্ঠীয় নৃত্য প্ৰদৰ্শনৰ ব্যৱস্থা কৰে৷ ৰাভা যুৱক যুৱতী সকলে প্ৰদৰ্শন কৰা ৰাভা নৃত্য চাই আত্মহাৰা হৈ পৰে পৰ্যটকসকল৷ ভালে কেইগৰাকী বিদেশী পৰ্যটকে ৰাভা নৃত্যৰ তালে তালে নৃত্য কৰে৷ পৰ্যটক সকলৰ কঁকাল ভাঙোন নাচ দেখি সকলোৱে হাঁহি আৰু হাত চাপৰিৰে তেওঁলোকক উৎসাহিত কৰে৷ ইপিনে পৰ্যটক সকলক গোৱালপাৰাৰ ডুবাপাৰাৰ ঐতিহাসিক পাটী শিল্পৰো আভাস দিয়া হয়৷ পাটী শিল্পক বিশ্বৰ দৰবৰলৈ লৈ যোৱাৰ উদ্দেশ্যৰে জিলা প্ৰশাসনে সূৰ্যপাহাৰতে পাটী শিল্পৰ এক প্ৰদৰ্শনীৰ ব্যৱস্থা কৰে৷ প্ৰদৰ্শনী স্থলীতে শীতল পাটী আৰু ইয়াৰ পৰা তৈয়াৰ কৰিব পৰা সামগ্ৰী থোৰতে তৈয়াৰ কৰি পৰ্যটক সকলক দেখুৱা হয়৷ পাটী শিল্পৰ নিৰ্মাণ শৈলী আৰু উৎপাদিত শীতল পাটীৰ লগতে আন আন সমগ্ৰীয়েও মোহিত পৰ্যটক সকলক মোহিত কৰে৷ পৰ্যটক সকলে ইয়াৰে কিছু সামগ্ৰী যেনে চেণ্ডেল, হেণ্ডবেগ, টুপি আদি ব্যক্তিগত ভাৱে ক্ৰয় কৰে৷ ইয়াৰ পিছতে তেওঁ লোকে ১০ বজাত সূৰ্য পাহাৰৰ পৰা প্ৰস্থান কৰে৷ প্ৰস্থানৰ সময়ত শ্ৰীশ্ৰী সূৰ্যপাহাৰ পৰিচালনা সমিতিয়ে সকলো পৰ্যটককে ফুলাম গামোচা আৰু জাপিৰে বিদায় জনোৱাৰ লগতে জিলা প্ৰশাসনে শীতল পাটী উপহাৰ হিচাপে প্ৰদান কৰে৷ উল্লেখযোগ্য যে বাৰাণসীৰ পৰা ডিব্ৰুগড়লৈ ২৭খন নদী পথেৰে তিনি হাজাৰ দুই শ কিলোমিটাৰ জলপথ অতিক্ৰম কৰাৰ লক্ষ্যৰে ডিব্ৰুগড়লৈ গৈ থকা এম ভি গংগা বিলাসত মুঠ ২৮ গৰাকী বিদেশী পৰ্যটক আছে৷ ইয়াৰে চ্ছ গৰাকী চুইজাৰলেণ্ডৰ আৰু ২ গৰাকী জাৰ্মানী পৰ্যটক ৷ পৰ্য্যটক সকলে আজি শ্ৰীশ্ৰী সূৰ্যপাহাৰ পৰিভ্ৰমণ কৰাৰ পাছত ১০.৩০ বজাত পুনৰ ক্ৰুজ খনেৰে গুৱাহাটীলৈ যাত্ৰা আৰম্ভ কৰে৷  এম ভি গংগা বিলাসৰ যাত্ৰীসকলে দেওবাৰে নিশাটো বহৰিৰ মাজৰ চৰত কটাই সোমবাৰে আহি শুৱালকুছিত উপস্থিত হ’ব৷ পৰ্যটকৰ দলটোৱে শুৱালকুছিত জাহাজৰ পৰা নামি পাট, মুগা উদ্যোগ আৰু এৰি শিল্পৰ কাম-কাজ পৰিদৰ্শন কৰিব৷ সন্ধিয়া আহি পৰ্যটকৰ দলটো গুৱাহাটীৰ পাণ্ডুত উপস্থিত হ’ব৷