Logo
image

সাংবাদিকক দুৰ্ব্যৱহাৰ, বাতৰি পৰিৱেশনত বাধা! বিবিচিৰ অভিযোগ

আমাৰ অসম, ২০ ফেব্ৰুৱাৰীঃ কেন্দ্ৰীয় আয়কৰ বিভাগে বিবিচিৰ নতুন দিল্লী আৰু মুম্বাইৰ কাৰ্যালয়ত চলোৱা তালাচীৰ সময়ত বিদেশী সংবাদ প্ৰতিষ্ঠানটোৰ সাংবাদিকসকলক বাতৰি প্ৰস্তুত আৰু পৰিৱেশন কৰাৰ কাম কৰিবলৈ দিয়া নাছিল৷ আয়কৰ বিভাগৰ বিষয়া আৰু আৰক্ষী বাহিনীয়ে সাংবাদিকসকলক দুৰ্ব্যৱহাৰ কৰিছিল আৰু কাম কৰিবলৈ নিদিয়াকৈ অপৰাধীৰ দৰে বহুৱাই ৰাখিছিল৷ জ্যেষ্ঠ সম্পাদকৰ বাৰম্বাৰ  অনুৰোধৰ অন্তত যেতিয়া সাংবাদিকসকলক আয়কৰ বিভাগৰ বিষয়াই কাম কৰিবলৈ অনুমতি দিছিল তেতিয়ালৈ বাতৰি সম্প্ৰচাৰৰ সময় প্ৰায় শেষ হৈছিল৷ ভাৰতীয় আয়কৰ বিভাগৰ এই ৰুঢ় পদক্ষেপৰ বিষয়ে দেওবাৰে বিবিচিয়ে এক প্ৰতিবেদনৰ জৰিয়তে প্ৰকাশ কৰিছে৷ উল্লেখ্য, ভাৰতীয় আয়কৰ বিভাগে যোৱা মঙলবাৰৰ পৰা একেৰাহে ৩ দিনত ৬০ ঘণ্টা ধৰি বিবিচিৰ নতুন দিল্লী আৰু মুম্বাইৰ কাৰ্যালয়ত তালাচী চলাইছিল৷ সেই সময়ত আয়কৰ বিভাগে জনাইছিল যে, তেওঁলোকে সাংবাদিকসকলৰ কাম-কাজত কোনো হস্তক্ষেপ কৰা নাই আৰু তেওঁলোকক নিজৰ কাম কৰি থাকিবলৈ দিয়া হৈছে৷ তদুপৰি শুকুৰবাৰে আয়কৰ বিভাগে এই তালাচী সন্দৰ্ভত ৰাজহুৱা কৰি কৈছিল যে বিবিচিৰ হিচাপ নিকাচত তেওঁলোকে গঢ়-মিল দেখা পাইছে আৰু ব্ৰিটিছ সংবাদ প্ৰতিষ্ঠানটোৱে ভাৰতত আয়কৰ ফাঁকি দিছে৷

যোৱা মঙলবাৰৰ পৰা তিনিদিন ধৰি চলোৱা মুঠ ৬০ ঘণ্টাৰ তালাচীৰ সময়ত বিবিচিৰ সাংবাদিকসকলক দৈনন্দিন কাম-কাজ স্বাভাৱিকভাৱে কৰি যাবলৈ দিয়া হৈছিল বুলি আয়কৰ বিভাগে দাবী কৰিছিল৷ আনকি বিবিচিয়েও তেওঁলোকৰ সাংবাদিকসকলৰ কাম-কাজত বাধা দিয়া বুলি বিগত কেইদিনত বিবৃতি বা প্ৰতিবেদনত কোৱা নাছিল৷ কিন্তু দেওবাৰে বিবিচিৰ হিন্দী ৱেবছাইটত প্ৰকাশিত প্ৰতিবেদনত কোৱা হৈছে–‘কেইবা ঘণ্টা ধৰি সাংবাদিকসকলক কাম কৰিবলৈ দিয়া হোৱা নাছিল৷ আয়কৰ বিভাগৰ কৰ্মী আৰু আৰক্ষীৰ লোকে সাংবাদিকসকলক দুৰ্ব্যৱহাৰ কৰিছিল৷ সাংবাদিকসকলৰ ফোন আৰু লেপটপ বলপূৰ্বক লৈ লৈছিল আৰু বহু ঘণ্টাৰ অন্ততহে ‘স্কেন’ কৰি ঘূৰাই দিছিল৷ তেওঁলোকে কিদৰে কাম কৰে তাকো জেৰাত সোধা হৈছিল৷ আনকি এই তালাচীৰ বিষয়ে সাংবাদিকক কোনো কথা লিখিবলৈ দিয়া নাছিল৷ সামগ্ৰিকভাৱে এই তালাচী সন্দৰ্ভত লিখাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল৷’

কেন্দ্ৰীয় আয়কৰ বিভাগে ব্ৰিটিছ ব্ৰডকাষ্টিং কৰ্প’ৰেচন অৰ্থাৎ বিবিচিৰ বিৰুদ্ধে একেৰাহে ষাঠিঘণ্টা ধৰি তালাচী চলোৱাৰ অন্তত যোৱা শুকুৰবাৰে বিদেশী সংবাদ প্ৰতিষ্ঠানটোৱে ভাৰতত কৰফাঁকি দিয়াৰ অভিযোগ তোলাৰ লগতে হিচাপ-নিকাচত গুৰুতৰ বিসংগতি থকা বুলি প্ৰকাশ কৰিছিল৷ মঙলবাৰৰ পৰা বৃহস্পতিবাৰলৈকে একেৰাহে তিনিদিন ধৰি কেন্দ্ৰীয় আয়কৰ বিভাগে বিবিচিৰ নতুন দিল্লী আৰু মুম্বাইৰ দুয়োটা কাৰ্যালয়ত সমান্তৰালভাৱে তালাচী চলাইছিল৷ বিবিচিৰ কাৰ্যালয়ত আয়কৰ বিভাগে তালাচী চলোৱাৰ ঘটনাত বিশ্বজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় আৰু নৰেন্দ্ৰ মোদী চৰকাৰে এই কাম আক্ৰোশমূলকভাৱে কৰা বুলি অভিযোগ উঠে৷ কিয়নো অলপতে বিবিচিয়ে ‘ইণ্ডিয়াঃ দ্য মোদী কুৱেশ্বন’ নামৰ দুটাখণ্ডৰ এখন তথ্যচিত্ৰ প্ৰচাৰ কৰিছিল৷ সেই তথ্যচিত্ৰত ২০০২ চনত গুজৰাটত সংঘটিত গোধৰাকাণ্ড আৰু তাৰ পৰৱৰ্তী সময়ত সংঘটিত ভয়ংকৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ ঘটনা চিত্ৰায়ন কৰা হৈছিল৷ গোধৰাত এটা সৰু ঘটনাৰ পৰা আৰম্ভ হোৱা বাক-বিতণ্ডাই পাছত গুৰুতৰ ৰূপ লৈছিল আৰু এখন ৰে’লত বহি থকা শতাধিক হিন্দুভক্তক জীৱন্তে অগ্নিদগ্ধ কৰি পুৰি মৰা হৈছিল৷ সেই সময়ত গুজৰাটৰ মুখ্যমন্ত্ৰী আছিল নৰেন্দ্ৰ মোদী৷ গোধৰা-উত্তৰ সাম্প্ৰদায়িক সংঘৰ্ষত ৰাজ্যখনৰ মুছলিম সম্প্ৰদায়ক লক্ষ্য কৰি লোৱা হৈছিল আৰু সহস্ৰাধিকক হত্যা কৰাৰ লগতে মুকলি ঠাইতে ২০০০ ৰো অধিক মুছলিম মহিলাক ধৰ্ষণ কৰা হৈছিল৷ বিবিচিৰ তথ্যচিত্ৰত সেই ঘটনাৰ পূৰ্বে অপ্ৰকাশিত বহু কথা আৰু মোদী চৰকাৰৰ প্ৰশাসনে সাম্প্ৰদায়িক সংঘৰ্ষ ৰোধ কৰাৰ বিপৰীতে নিষ্ক্ৰিয়তা প্ৰদৰ্শন কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে৷ এই তথ্যচিত্ৰখন তাৎক্ষণিকভাৱে নৰেন্দ্ৰ মোদী চৰকাৰে ভাৰতত নিষিদ্ধ কৰে৷ তদুপৰি টুইটাৰ, ইউটিউবকে ধৰি ছ’চিয়েল মিডিয়াৰ পৰা তথ্যচিত্ৰখন মোদী চৰকাৰে আঁতৰাই পেলোৱাৰ নিৰ্দেশ দিয়ে৷ তাৰ কিছুদিনৰ পাছতে যোৱা মঙলবাৰৰ পৰা মোদী চৰকাৰৰ অধীনস্থ আয়কৰ বিভাগে বিবিচিৰ দুটাকৈ কাৰ্যালয়ত তালাচী চলোৱাৰ ঘটনা সেই তথ্যচিত্ৰ নিৰ্মাণ তথা সম্প্ৰচাৰৰ প্ৰতিশোধকল্পে কৰা বুলি দেশৰ বিৰোধী পক্ষই অভিযোগ তুলিছে৷ 

শুকুৰবাৰে কেন্দ্ৰীয় আয়কৰ বিভাগে এখন সংবাদমেলৰ জৰিয়তে জনাই যে বিবিচিৰ কাৰ্যালয়ত তেওঁলোকে চলোৱা ‘জৰীপ’ বা ‘সমীক্ষা’ত বিদেশী সংবাদ প্ৰতিষ্ঠানটোৰ হিচাপ-নিকাচত গুৰুতৰ বিসংগতি ধৰা পেলাইছে৷ তদুপৰি বিবিচিয়ে বিভিন্ন উপায়েৰে কৰফাঁকি দিছে৷  আয়কৰ বিভাগে কয় যে, ভাৰতত বিবিচিৰ বিভিন্ন ইউনিটৰ দ্বাৰা প্ৰকাশিত আয় আৰু লাভৰ মাজত সামঞ্জস্য নাই৷ তদুপৰি সংস্থাটোৰ ভাৰতত ব্যৱসায়িক কাৰ্যকলাপৰ মাত্ৰা সামঞ্জস্যহীন নহয়৷ একেলগে বিবিচিয়ে কিছুমান ক্ষেত্ৰত তেওঁলোকৰ আয় প্ৰকাশ কৰা নাই আৰু কৰ নিদিয়াকৈ আঁতৰি আছে৷ আয়কৰ বিভাগে অৱশ্যে স্পষ্ট কৰি দিয়ে যে এতিয়াও বিবিচিৰ একাংশ কৰ্মচাৰীৰ বক্তব্য, ডিজিটেল ফাইল আৰু নথি পৰীক্ষাৰ কাম সম্পূৰ্ণ হোৱা নাই৷ সেয়া সম্পূৰ্ণ হ’লে হিচাপ-নিকাচৰ বিসংগতি আৰু আয়কৰ ফাঁকিৰ সম্পূৰ্ণ হিচাব প্ৰকাশ কৰিব পৰা যাব৷