Logo
image

সমাজে সাৰ পোৱাৰ প্ৰয়োজন!ডিজিপি সিঙৰ অনুভৱ

ডিজিটেল ডেস্কঃ গুৱাহাটীৰ নাৰেংগীত সংঘটিত দিল্লী, উত্তৰ প্ৰদেশৰ ষ্টাইলৰ ডাৱল মাৰ্ডাৰ কাণ্ডই ভাবুক কৰি তুলিছে ৰাজ্যৰ আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙকো৷ দেশ কঁপোৱা এই ঘটনাৰ তদন্তত গুৱাহাটী আৰক্ষীয়ে দেখুওৱা সফলতাত অভিনন্দন জনাই আৰক্ষী সঞ্চালকপ্ৰধানজনে টুইটাৰত এনেদৰে লিখিছে– ‘জীৱনত আমি    ক’ত পালোঁ? সমাজে সাৰ পোৱাৰ প্ৰয়োজন৷ এনে অমানৱীয় কাম৷ অভিনন্দন গুৱাহাটী আৰক্ষী৷ আমি সমাধান নোহোৱা গোচৰবোৰ চাব লাগে আৰু সমাধান কৰিব লাগে৷’ কাৰ্যতঃ ৰাজ্যৰ আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীৰ এই টুইটৰ পৰা স্পষ্ট হৈছে যে অসমৰ সহজ-সৰল সমাজতো অপৰাধে কিমান দূৰলৈকে শিপাইছে৷ সেয়েহে সমাজখনক জাগ্ৰত হ’বলৈ আহ৩ান জনাই তেওঁ কৈছে যে ৰাইজৰ সহযোগিতা থাকিলেহে অসম আৰক্ষীয়ে এনে অপৰাধৰ বিৰুদ্ধে যুঁজিবলৈ সক্ষম হ’ব৷