Logo
image

অৰুণাচল চফৰত ৰাষ্ট্ৰপতি মুৰ্মু

ডিজিটেল ডেস্কঃ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ সূৰ্য উঠাৰ ৰাজ্য অসম’ৰ চুবুৰীয়া অৰুণাচল প্ৰদেশে ব্যাপক উলহ-মালহেৰে ৩৭সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰে৷  অৰুণাচল প্ৰদেশৰ ৩৭সংখ্যক প্ৰতিষ্ঠা দিৱসত মুখ্য অতিথি হিচাপে দেশৰ ৰাষ্ট্ৰপতি দ্ৰোপদী মুৰ্মুৱে অংশগ্ৰহণ কৰে৷ দুদিনীয়া কাৰ্যসূচীৰে আজি পুৱা ভাৰতৰ মহিলা ৰাষ্ট্ৰপতি দ্ৰোপদী মুৰ্মুৱে অৰুণাচল প্ৰদেশৰ প্ৰথম অসামৰিক বিমানবন্দৰ শোলেঙীত অৱতৰণ কৰি তাৰ পৰা পোনে পোনে এখন  হেলিকপ্টাৰত গৈ ৰাজভৱনত থকা হেলিপেডত অৱতৰণ কৰে৷ ৰাজভৱনত ৰাষ্ট্ৰপতিগৰাকীক প্ৰট’কল অনুসৰি ৰাজ্যপালৰ লগতে অৰুণাচল প্ৰদেশ চৰকাৰৰ হৈ মুখ্যমন্ত্ৰী পেমা খাণ্ডু আৰু উপ-মুখ্যমন্ত্ৰী চাওনা মেইনৰ লগতে কেইবাজনো মন্ত্ৰীয়ে অভিভাষণ জনায়৷ ১৯৮৭ চনৰ ২০ ফেব্ৰুৱাৰীৰ দিনটোতেই ১৯৭২ চনত ঘোষিত কেন্দ্ৰীয় শাসিত অঞ্চল নেফাৰ পৰা এখন পূৰ্ণ ৰাজ্যৰ মৰ্যাদা পাবলৈ সক্ষম হোৱা অৰুণাচল প্ৰদেেশ আজি গৌৰৱোজ্জ্বল ৩৭টা বৰ্ষ অতিক্ৰম কৰিবলৈ সক্ষম হয়৷ আজি ৰাজ্য ঘোষণা হোৱাৰ ঐতিহাসিক দিনৰ লগত সংগতি ৰাখি ৰাজধানী ইটানগৰৰ ইন্দিৰা গান্ধী পাৰ্কত ৰাষ্ট্ৰপতিৰ উপস্থিতিত এক বৃহৎ কাৰ্যসূচীৰ আয়োজন কৰা হয়৷ এই কাৰ্যসূচীত ৰাষ্ট্ৰপতিগৰাকীক অৰুণাচল প্ৰদেশৰ জনগোষ্ঠীয় কলা-সংস্কৃতিৰ লোকনৃত্য, লোকবাদ্য প্ৰদৰ্শন কৰা হয়৷ ইয়াৰ উপৰিও অৰুণাচল প্ৰদেশৰ জনগোষ্ঠীয় পৰম্পৰাৰ ওপৰত নিৰ্মিত দুখনকৈ তথ্যচিত্ৰও ৰাষ্ট্ৰপতিগৰাকীক প্ৰদৰ্শন কৰা হয়৷ ভাৰতৰত্ন প্ৰয়াত ড॰ ভূপেন হাজৰিকাই ১৯৭৭ চনত লিখা অৰুণাচল প্ৰদেশৰ জনপ্ৰিয় ৰাজ্যিক গীত ‘অৰুণাচল হামাৰা’ গীতৰ ৰোমন্থন কৰি ভাষণ আৰম্ভ কৰে৷ ভাষণ প্ৰসংগত ৰাষ্ট্ৰপতিগৰাকীয়ে অৰুণাচল প্ৰদেশৰ জনগোষ্ঠী বৈশিষ্ট্যক ভূয়সী প্ৰশংসা কৰাৰ লগতে চীন সীমান্তত থকা অৰুণাচল প্ৰদেশক ভাৰতৰ এক গুৰুত্বপূৰ্ণ প্ৰদেশ বুলি আখ্যা দিয়ে৷ তদুপৰি, অৰুণাচল প্ৰদেশক কলা, কৃষ্টি-সংস্কৃতিত যথেষ্ট আগবঢ়া বুলি অভিহিত কৰে৷  ইয়াৰ পাছতেই ৰাষ্ট্ৰপতিগৰাকীয়ে সচিবালয়ত বুটাম টিপি ৰাজ্যিক মানৱ অধিকাৰ আয়োগ, লোকায়ুক্ত আৰু ৰাজ্যিক খাদ্য নিগমৰ বাসগৃহৰ আধাৰশিলা স্থাপন কৰে৷ কাৰ্যসূচী অনুসৰি ৰাজধানী ইটানগৰৰ সমীপৰ নাহৰলগুন ৰে’ল জংচনৰ পৰা সোণাজুলি আৰু দোৰ্পাং হৈ শোলেঙীৰ ডনি প’ল’ বিমানবন্দৰলৈ ৪০ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বৈত ৰাষ্ট্ৰীয় ঘাইপথৰ আধাৰশিলা স্থাপন কৰিব৷ আনহাতে, কাইলৈ দিনৰ ১০ বজাত অৰুণাচল প্ৰদেশ বিধানসভাত বিশেষ অধিৱেশন অনুষ্ঠিত কৰা হ’ব আৰু এই অধিেৱশনত ৰাষ্ট্ৰপতি দ্ৰোপদী মুৰ্মুৱে সম্বোধন কৰিব৷