Logo
image

মাৰ্ঘেৰিটাত আবকাৰী অভিযান; বৃহৎ পৰিমানৰ অৰুণাচলী সুৰা জব্দ

ডিজিটেল ডেস্কঃ মাৰ্ঘেৰিটা আৰু ডিগবৈ আবকাৰী বিভাগে যোৱাকালি মহকুমাটোৰ বিভিন্ন স্থানত অভিযান চলাই বৃহৎ পৰিমানৰ অৰুণাচলী সুৰা জব্দ কৰিবলৈ সক্ষম হয় । আবকাৰী দলটোৱে মাৰ্ঘেৰিটা নগৰ, মাৰ্ঘেৰিটা চাহ বাগিচা, জাগুনৰ ৰাভা গাওঁ,নামফাই আদি এলেকাত চলোৱা অভিযানৰ সময়ত  ৬৫০এমএল ৰ  ৪৮টা আৰু ৫০০এমএল ৰ ৩৬ টা বটল মুঠ ৮৪ বটল বিয়েৰ , আৰু বিদেশী সুৰা  (১৮০এমএল )১৪৮ টা বটল জব্দ কৰিবলৈ সক্ষম হয় ।