Logo
image

আছু শূণ্য হ'ল কটন বিশ্ববিদ্যালয়

ডিজিটেল ডেস্কঃ কাৰ্যতঃ সদৌ অসম ছাত্ৰ সন্থাৰ সংগঠন শূণ্য হ'ল ঐতিহ্য মণ্ডিত কটন বিশ্ববিদ্যালয়ত। কালি বিশ্ববিদ্যালয় খনৰ আছু গোটৰ বিষয়ববীয়া আৰু সদস্য সকলে সমূহীয়া অব্যাহতি গ্ৰহণ কৰাৰ পাছতে উত্তৰ পূৰ্ৱাঞ্চলৰ উচ্চ শিক্ষাৰ প্ৰাণ কেন্দ্ৰস্বৰূপ ঐতিহ্য গৰকা শিক্ষানুষ্ঠানখনত শূণ্য হৈ পৰিল ছাত্ৰ সংগঠনটোৰ সাংগঠনিক ভেটি। আজি বিশ্ববিদ্যালয়খনৰ ইউনিয়ন হলত অনুষ্ঠিত এখন সংবাদ মেল সম্বোধন কৰি এই কথা সদৰি কৰে কটন বিশ্ববিদ্যালয় আছুগোটৰ সদ্য অব্যাহতি লোৱা নেতৃত্বই। সংবাদমেলত আছু গোটৰ সভাপতি প্ৰাঞ্জল সোনোৱালে কয় যে আছুৰ সৈতে কটনৰ সম্পৰ্ক অতি নীবিড় আৰু ঐতিহাসিক। অসমত ছাত্ৰ সংগঠনৰ জন্মৰ ক্ষেত্ৰতে কটনৰ ভূমিকা অনবদ্য বুলি মন্তব্য কৰি তেওঁ‌ কয় যে সদৌ গুৱাহাটী ছাত্ৰ সন্থা আৰু পাছলৈ সদৌ অসম ছাত্ৰ সন্থাৰ জন্মৰ সৈতে কটন ওতঃপ্ৰোতঃ ভাৱে জড়িত। কটন কলেজতে সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ কাৰ্যালয় আছিল বুলি সদৰি কৰি তেওঁ‌ পুনৰ কয় যে অসম আন্দলোনকে ধৰি অসমৰ আটাই কেইটা গুৰুত্বপূৰ্ণ ছাত্ৰ আৰু সামাজিক আন্দোলনত কটনৰ ছাত্ৰ সমাজে বলিষ্ঠভূমিকা পালন কৰিছিল। কিন্তু অতি সম্প্ৰতি কিছু সাংগঠনিক আৰু অন্যান্য এৰাব নোৱাৰা কাৰণত কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে সদৌ অসম ছাত্ৰ সন্থাৰ সৈতে সাংগঠনিক সম্পৰ্ক বিচ্চিন্ন কৰিবলৈ বাধ্য হৈছে বুলি মন্তব্য কৰে সোনোৱালে। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত সভাপতিগৰাকীয়ে কয় যে আছুৰ জন্মলগ্নৰে পৰা কটন আৰু কটনিয়ান আছুৰ সৈতে জড়িত হৈ আহিছে যদিও শিক্ষানুষ্ঠানখনৰ আছু গোটৰ নেতৃত্ব দিয়া লোকসকলে সংগঠনটোৰ পৰা উচিত মৰ্যাদা লাভ কৰা নাই। দীৰ্ঘদিনৰ পৰা আছু গোটে আছুৰ কেন্দ্ৰীয় সমিতিত প্ৰতিনিধিত্ব বিচাৰি আহিছে যদিও কেন্দ্ৰীয় নেতৃত্বই বিষয়টো পাকে প্ৰকাৰে এৰাই চলি আহিছে। আছুৰ দুধনৈ আৰু দুলীয়াজান অধিবেশনত বিষয়টোক লৈ কোনো সিদ্ধান্তই গ্ৰহণ নকৰিলে কেন্দ্ৰীয় সমিতিয়ে। শেহতীয়াভাৱে লখীমপুৰ সাধাৰণ সভাই বিষয়টো বিবেচনাৰ বাবে ৪ জনীয়া এখন সমিতি গঠন কৰি দিছে যদিও এই পৰ্যন্ত এখন বৈঠকতো মিলিত হোৱা সমিতিৰ সদস্য সকল। এনে পৰিস্থিতিত এই সমিতিখনেও যে কোনো সিদ্ধান্তলৈ আহিব পাৰিব তাৰ কোনো নিশ্চয়তা নাই বুলি সন্দেহ প্ৰকাশ কৰে তেওঁ‌। আছু গোটৰ সৈতে জড়িত প্ৰাক্তন ছাত্ৰ নেতা সকল বা বৰ্তমানৰ সদস্যসকল এই বিষয়টোক লৈ দীৰ্ঘদিনে ক্ষুন্ন হৈ আছে আৰু এই বঞ্চনাৰ প্ৰতিবাদ কৰি আহিছে। ইপিনে কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সভাপতি, সাধাৰণ সম্পাদকে ধৰি ৫ টা পদবীত আছে আছু সমৰ্থিত প্ৰাৰ্থী। আছু গোটৰ সভাপতিগৰাকীয়ে জনায় যে একতা সভাৰ আছু সমৰ্থিত সদস্য সকল বিষয়টোক লৈ অৱগত। তেওঁলোক যদিও বৰ্তমানে আছুৰ সদস্য নহয়, তেওঁলোকো আছু গোট আৰু ছাত্ৰাবাস খনৰ সিদ্ধান্তৰ সৈতে একমত। ইপিনে এক প্ৰেছ বিবৃতিযোগে আছু গোটৰ নেতৃত্বই কয় যে জাতীয় সংগঠন আছুৰ সৈতে সম্পৰ্ক বিচ্চিন্ন কৰিলেও বিশ্ববিদ্যালয়খনৰ ছাত্ৰ সমাজ জাতীয়তাবাদৰ আদৰ্শত অটল থাকিব আৰু জাতি, ভাষা আৰু অসমৰ পক্ষত পূৰ্ৱৰ দৰেই মাত মাতি যাব। উল্লেখ্য যে আজি ছাত্ৰ সংগঠনটোৰ কটন বিশ্ববিদ্যালয় গোটে সদৌ গুৱাহাটী ছাত্ৰ সন্থা আৰু সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি, সাধাৰণ সম্পাদকলৈ পত্ৰ প্ৰেৰণ কৰি অব্যাহতি লয়। ইপিনে বিশ্ববিদ্যালয়খনৰ ৰজনীকান্ত বৰদলৈ ছাত্ৰাবাসৰ আবাসীসকলে সদৌ অসম ছাত্ৰ সন্থাৰ সৈতে সাংগঠনিক সম্পৰ্ক ছেদ কৰাৰ কথা সদৰি কৰে। উল্লেখ্য, আজিৰ সংবাদ মেলত আছু গোটৰ সভাপতি, সাধাৰণ সম্পাদক, বিষয়ববীয়া আৰু ৰজনীকান্ত বৰদলৈ ছাত্ৰাবাসৰ আবাস পৰিচালনা সমিতিৰ নেতৃত্বই অংশ গ্ৰহণ কৰে।