Logo
image

পূতনাৰ ৰূপত প্ৰদূষণ

ডিজিটেল ডেস্কঃ চাৰিওফালে পাহাৰেৰে আৱৰা গুৱাহাটীৰ বায়ুমণ্ডল প্ৰকৃততে প্ৰদূষণমুক্ত হ’ব লাগিছিল৷ গুৱাহাটীৰ বাসিন্দাই সেৱন কৰিবলৈ পাব লাগিছিল নিৰ্মল বায়ু৷ কিন্তু ইয়াৰ বিপৰীতে মহানগৰবাসীয়ে সেৱন কৰিবলগীয়া হৈছে প্ৰদূষিত বায়ু৷ কেৱল গুৱাহাটীয়েই নহয়, ৰাজ্যৰ সৰ্বত্ৰ এতিয়া একেই পৰিস্থিতি– প্ৰদূষণৰ প্ৰকোপ৷ মানৱসৃষ্ট এই প্ৰদূষণৰ কৱলত সবাতোকৈ বেছি ভুগিবলগীয়া হৈছে শিশু-কিশোৰে৷ কিয়নো দৈনন্দিন স্কুলৰ পাঠ্যক্ৰমৰ বাবে সকলোৱেই ওলাই আহিব লাগে ঘৰৰ পৰা৷  ঘৰৰ ভিতৰত আবদ্ধ হৈ থাকি প্ৰদূষিত বায়ুৰ পৰা ৰক্ষা পৰাৰ কোনো বিকল্প নাই শিশুসকলৰ৷ ইয়াৰ ফলত গুৱাহাটী মহানগৰীকে ধৰি বিভিন্ন ঠাইৰ শ শ শিশু অসুস্থ হৈ পৰিছে৷ প্ৰদূষণজনিত বিভিন্ন ৰোগত আক্ৰান্ত হৈ পৰিছে কণ কণ শিশু৷ দূষিত বায়ুৰ লগতে ধূলি-আৱৰ্জনাৰ পৰা নিৰ্গত হোৱা প্ৰদূষিত পৰিৱেশে অসুস্থ কৰি তুলিছে শিশুসকলক৷ এয়া যেন পূতনা ৰাক্ষসীৰ বক্ষৰ পৰা ওলোৱা বিষমিশ্ৰিত দুগ্ধহে৷ যি পূতনাই তেওঁৰ  বিষমিশ্ৰিত দুগ্ধৰে শিশুক হত্যা কৰিছিল আৰু শিশু কৃষ্ণক হত্যাৰ বৃথা চেষ্টা চলাইছিল, সেই পূতনাৰ হলাহলৰ দৰেই এতিয়া মহানগৰীকে ধৰি অসমৰ বিভিন্ন ঠাৰি শিশুক প্ৰদূষিত বায়ুয়ে অসুস্থ কৰি তুলিছে৷ যেন পূতনাৰ ৰূপত শিশুৰ সংহাৰৰ বাবে আগবাঢ়ি আহিছে প্ৰদূষণ৷ প্ৰদূষণৰ উপৰি ঋতু পৰিৱৰ্তনেও জটিলতা বৃদ্ধি কৰিছে পৰিস্থিতিৰ৷ ফাগুনৰ পছোৱা বতাহে অসম আকাশ বাউলি কৰাৰ সময়তে ঋতু পৰিৱৰ্তনজনিত সংক্ৰমণ ৰোগেও মানৱ শৰীৰত দেখা দিছে৷ শেহতীয়াকৈ বিশেষকৈ গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ প্ৰতিখন সৰু-বৰ চহৰত প্ৰদূষণৰ মাত্ৰা ব্যাপক হাৰত বৃদ্ধি পোৱাত বায়ুমণ্ডল বিপদজ্জনক হৈ উঠিছে৷ এক কথাত বায়ুমণ্ডল ধূলি, ধোঁৱা আৰু ভাসমান কণাই ছানি ধৰি কুঁৱলিৰ সৈতে মিলি ডাঠ আৱৰণৰ হৈ ভূপৃষ্ঠলৈ নামি অহাত ধূসৰ পৰিৱেশৰ সৃষ্টি হৈছে৷ এনে পৰিৱেশ এই মুহূৰ্তত শিশু আৰু বৃদ্ধ লোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত অতি বিপজ্জনক হৈ পৰিছে৷ প্ৰদূষণৰ বাবেই বিশেষকৈ শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ লগতে বিভিন্ন আনুসংগিক ৰোগৰ চিকাৰ হৈছে শিশুসকল৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালতে এদিনতে প্ৰদূষণ সম্পৰ্কীয় কাৰণত শ্বাস-প্ৰশ্বাসজনিত সমস্যাত ভুগি  ৬৩ টি শিশু ভৰ্তি হ’বলগীয়া হৈছে৷ একেটা দিনতে জি এম চি এইচৰ জৰুৰীকালীন বিভাগত প্ৰায় ১০০ শিশুক চিকিৎসা প্ৰদান কৰা হৈছে৷ এয়া মাত্ৰ এদিনৰ উদাহৰণ যদিও বিগত প্ৰায় এমাহ ধৰি দৈনিক বৃহৎ সংখ্য শ্বাস-প্ৰশ্বাসজনিত সমস্যাত জৰ্জৰিত শিশুক জি এম চি এইচত চিকিৎসা প্ৰদান কৰিছে৷ জি এম চি এইচৰ শিশু ৰোগ বিভাগৰ চিকিৎসকে প্ৰকাশ কৰা মতে মূলত ৩টা ৰোগত আক্ৰান্ত হৈ শিশুসকল চিকিৎসাধীন হৈছে৷ শ্বাস প্ৰশ্বাসজনিত সমস্যাত ভুগি চিকিৎসালয়ত ভৰ্তি হ’বলগীয়া হৈছে শিশুসকল৷ বিশেষকৈ শিশুসকল ভাইৰেল ইনফেকশ্বন অৰ্থাৎ বংকাইটিছত আক্ৰান্ত হৈছে৷ বহু সংখ্য শিশু এজমা ৰোগত আক্ৰান্ত হোৱাৰ লগতে একাংশ শিশুৰ দেহত নিউমোনিয়া ৰোগ ধৰা পৰিছে৷ এই আটাইকেইটা ৰোগৰে মূল কাৰণ বায়ুমণ্ডলৰ প্ৰদূষণ বুলিও সদৰী কৰিছে চিকিৎসকে৷ প্ৰদূষণৰ বাবেই বিভিন্ন বেক্টেৰিয়াই শিশুৰ হাঁওফাঁওত সমস্যাৰ সৃষ্টি কৰা বুলিও জানিবলৈ দিছে৷ শিশুক ঘৰৰ ভিতৰত আৱদ্ধ কৰি ৰখাটোৱেই এই মুহূৰ্তত প্ৰকৃত প্ৰতিৰোধমূলক ব্যৱস্থা বুলিও চিকিৎসকে মত ব্যক্ত কৰিছে৷ গৰম পানী ব্যৱহাৰ, চাফ চিকুণতা আৰু ঘৰৰ বাহিৰলৈ মাস্ক পৰিধান কৰিহে ওলাবলৈ পৰামৰ্শ দিছে চিকিৎসকে৷ কেৱল শিশুৱেই নহয়, ৰাজ্যৰ অন্যতম গুৰুত্বপূৰ্ণ চিকিৎসালয়খনত শেহতীয়াকৈ শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ বাবে বৃদ্ধ ৰোগীৰ সংখ্যাও বৃদ্ধি পাইছে৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ লগতে ৰাজ্যৰ আন আন হাস্পতালসমূহতো চলিত দিনকেইটাত প্ৰদূষণৰ পৰিপ্ৰেক্ষিতত তুলনামূলকভাৱে ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে৷ মঙলবাৰে ফাগুনৰ প্ৰথমজাক বৰষুণে গুৱাহাটীৰ ঠায়ে ঠায়ে স্পৰ্শ কৰিলে যদিও চলিত দিনকেইটাত অধিক বৰষুণ নহ’লে পৰিস্থিতিয়ে ভয়ংকৰ ৰূপ লোৱাৰ আশংকা ব্যক্ত কৰিছে বিশেষজ্ঞসকলে৷ অৰ্থাৎ দীৰ্ঘদিন বৰষুণ নিদিয়াৰ ফলত বায়ুমণ্ডলত ভাহি ফুৰা ধূলি, ধোঁৱা আৰু ভাসমান কণাৰ প্ৰদূষিত আৱৰণক বৰষুণে মাতিলৈ নমাই আনিলে পৰিস্থিতি জটিল হৈ পৰাৰো ইংগিত দিছে৷ অৰ্থাৎ বায়ুমণ্ডলৰ ভাহি ফুৰা প্ৰদূষিত বিষাক্ত কণাসমূহ বৰষুণৰ সৈতে মিলি ভূমণ্ডলত বিলীন হোৱাৰ বাহিৰে যেন  সম্প্ৰতি প্ৰদূষণৰ পৰা উদ্ধাৰ পোৱাৰ কোনো বিকল্প নাই মহানগৰবাসীৰ বাবে৷ স্বাভাৱিকতেই বায়ুমণ্ডলৰ প্ৰদূষিত ধূসৰ চামনিক মহাভাৰতৰ পূতনাৰ হিচাপেও অভিহিত কৰিছে বিশেষজ্ঞসকলে৷ মহাভাৰতত যি দৰে পূতনাই স্তন প্ৰাণ কৰোৱাই শিশু শ্ৰীকৃষ্ণক হত্যাৰ চেষ্টা চলাইছিল, ঠিক তেনেদৰে এই মুহূৰ্তত প্ৰদূষণে শিশু-নৱজাতকৰ বাবে মৃত্যুদূত হৈ থিয় দিছে৷ অৱশ্যে মৃত্যুদূত ৰূপী¸ এই প্ৰদূষণ হৈছে মানৱসৃষ্ট৷ বিশেষকৈ অবাধ নিৰ্মাণ কাৰ্যৰ পৰা উৎপন্ন হোৱা ধূলি, ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ নামত বন ধবংস, ব্ৰহ্মপুত্ৰৰ পৰা বতাহত উৰি অহা ধূলি-বালি আৰু যান-বাহনৰ পৰা নিৰ্গমণ হোৱা কাৰ্বনকে প্ৰধান কাৰক হিচাপে ধৰা হৈছে৷ গুৱাহাটী পৌৰ নিগমে নলা নৰ্দমাৰ চাফ চিকুণৰ নাম ৫-১০ দিন ধৰি পথৰ ওপৰত গেলা-পচা বোকা দ’মাই থোৱাৰ ফলাতো প্ৰদূষণ দুগুণলৈ বৃদ্ধি পাইছে৷