Logo
image

বন্দনাই দেখুওৱা মতেই পাহাৰৰ তলত উদ্ধাৰ স্বামীৰ অৱশিষ্ট

ডিজিটেল ডেস্কঃ  গুৱাহাটীৰ ডাবল মাৰ্ডাৰৰ জাল চপাই আনিছে মহানগৰ আৰক্ষীয়ে৷ অৱশেষত মহানগৰ আৰক্ষীয়ে মেঘালয়ৰ ডাউকীৰ পৰা অমৰজ্যোতি দেৰ মৃতদেহৰ অৱশিষ্ট অংগ প্ৰত্যংগ উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ পত্নী বন্দনা কলিতাই দেখুওৱাই দিয়া স্থানৰ পৰাই আৰক্ষীয়ে স্বামী অমৰজ্যোতি দেৰ মৃতদেহৰ অৱশিষ্ট অংগ উদ্ধাৰ কৰে৷ কালি পুৱা ৭ বজাত মহানগৰ আৰক্ষীৰ এটা দলে ডাবল মাৰ্ডাৰৰ মূল অভিযুক্ত বন্দনা কলিতা, সহযোগী হত্যাকাৰী ধণ্টি ডেকা আৰু অৰূপ ডেকাক লগত লৈ মেঘালয়ৰ ডাউকীলৈ ৰাওনা হয়৷ ডাউকীত উপস্থিত হৈ বন্দনা কলিতাই দেখাই দিয়া প্ৰথম দুটা স্থানত আৰক্ষীয়ে অভিযান চলাই যদিও অমৰজ্যোতিৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম নহ’ল৷ ইয়াৰ পাছত বন্দনা কলিতাই দেখুওৱাই দিয়া তৃতীয় স্থানত আৰক্ষীয়ে অভিযান চলাই নিলা ৰঙৰ পলিথিনৰ ভিতৰত বান্ধি থোৱা অৱস্থাত অমৰজ্যোতি দেৰ মৃতদেহৰ অৱশিষ্ট অংগ উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ নিলা ৰঙৰ পলিথিনৰ ভিতৰৰ পৰা আৰক্ষীয়ে অমৰজ্যোতিৰ মুণ্ড, হাত আৰু ভৰিৰ অংগ উদ্ধাৰ কৰে৷ ডাউকীৰ পাহাৰ তলত আৰক্ষীয়ে দিনটো তিনি হত্যাকাৰীক লৈ অভিযান চলাই বিয়লি ভাগত মৃতদেহৰ অংগ তিনিটা লৈ গুৱাহাটী অভিমুখে ৰাওনা হয়৷ গুৱাহাটীত উপস্থিত হৈ আৰক্ষীয়ে হত্যাকাণ্ডৰ মুল অভিযুক্ত বন্দনা কলিতাক পাণবজাৰ মহিলা থানাত ৰখা হয় আৰু আন দুজন হত্যাকাৰী ধণ্টি আৰু অৰূপক নুনমাটি থানাত ৰখা হয়৷ উল্লেখ্য যে মূল হত্যাকাৰী বন্দনা কলিতাৰ পিতৃ গৃহ বোন্দাৰ ঘৰত ভাৰাতীয়া হিচাপে বাস কৰিছিল প্ৰেমিক ধণ্টি ডেকাই৷ প্ৰেমিক ধণ্টিৰ ভাৰা ঘৰত বন্দনা কলিতাই অৰূপ ডেকা আৰু ধণ্টিক মাতি আনি স্বামী আৰু শাহুক হত্যাৰ ব্লুপ্ৰিণ্ট ৰচনা কৰিছিল৷ বন্দনা কলিতা, ধণ্টি আৰু অৰূপ ডেকাই শীতল মস্তিষ্কৰে যোৱা ২৬ জুলাই চানমাৰিৰ ঘৰত শাহু শংকৰী দেক হত্যা কৰিছিল আৰু ১৭ আগষ্টত নাৰেংগীৰ ঘৰত স্বামী অমৰজ্যোতি দেক হত্যা কৰি টুকুৰা টুকুৰ কৈ কাটি পিছদিনা মেঘালয়ৰ পাহাৰৰ তলত পেলাই দিছিল৷ ইপিনে, আৰক্ষীৰ জালত পৰাৰ পিছতেই আক্ষীৰ জিম্মাত চতুৰ বন্দনা কলিতাই বিভিন্ন অস্বাভাবিক আচৰণ কৰিবলৈ আৰম্ভ কৰে৷ লকাপৰ ভিতৰত বন্দনাই মাছ মাংস বিচাৰি আৰক্ষীক হাৰাশাস্তি কৰাৰ অভিযোগ উঠিছে৷ বাৰে বাৰে বন্দনাই মোৰ জামিন কেতিয়া হ’ব বুলি প্ৰশ্ন কৰি ব্যতিব্যস্ত কৰি আছে৷ আনহাতে জঘন্য কাণ্ড সংঘটিত কৰি বন্দনাই অতিসাধাৰণভাৱে আছিল বুলি সহপাঠী সকলে জানিবলৈ দিয়ে৷ ইতিমধ্যে আৰক্ষীয়ে ডাবল মাৰ্ডাৰৰ সন্দৰ্ভত আৰক্ষীয়ে তিনি হত্যাকাৰীৰ বিৰুদ্ধে যথেষ্ট সাক্ষ্য প্ৰমাণ লাভ কৰি গোচৰটো শক্তিশালী কৰিবলৈ সক্ষম হৈছে৷ উল্লেখ্য যে, আৰক্ষীৰ এটা উচ্ছস্তৰীয় সূত্ৰে জানিব পৰা মতে মহানগৰীৰ নাৰেংগী এছ বি আই বেংকৰ সমীপৰ বাসিন্দা অমৰজ্যোতি দে ১২ বছৰ পূৰ্বে বন্দনা কলিতা নামৰ যুৱতী গৰাকীৰ সৈতে বিবাহপাশত আবদ্ধ হয়৷ বিয়াৰ কিছুদিনলৈ স্বামী স্ত্ৰীৰ সম্পৰ্ক ঠিকে আছিল যদিও উচ্ছাকাংক্ষী পত্নী বন্দনাৰ ধনজিত ডেকা নামৰ এজন যুৱকৰ সৈতে অবৈধ প্ৰেমৰ সম্পৰ্কৰ কথা জানিব পাৰি স্বামী অমৰজ্যোতি দে আৰু বন্দনাৰ মাজত প্ৰায়ে সংঘাতৰ সৃষ্টি হৈছিল৷ ইপিনে অমৰজ্যোতি দেৰ মাতৃ শংকৰী দেৰ নামত মহানগৰীৰ চান্দমাৰি অঞ্চলত পাঁচটা অট্টালিকা আছিল৷ তাৰে এটা অট্টালিকাত মাতৃয়ে অকলে বসবাস কৰি আছিল৷ ইয়াৰে অন্য চাৰিটা অট্টালিকা ভাড়া সংগ্ৰহ কৰি আছিল অমৰজ্যোতি দেৰ মোমায়েকে৷ ইয়াকে লৈ পত্নী বন্দনা কলিতা ক্ষুণ্ণ হৈ পৰিছিল৷ এনে কাৰণতে বন্দনা কলিতা আৰু স্বামী অমৰজ্যোতি দেৰ মাজত বিবাহ বিচ্ছেদৰ প্ৰস্তুতি চলি আছিল৷ এনে সময়তে প্ৰায় ৭ মাহ পূৰ্বে বন্দনাই তেওঁৰ স্বামী অমৰজ্যোতি দে আৰু শাহু শংকৰী দে নিৰুদ্দেশ হৈ থকা বুলি বন্দনাই নুনমাটি আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে ৷ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে সন্ধানহীন সম্পৰ্কীয় গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখে৷ এই তদন্ত চলি থকা সময়তে বন্দনাই দ্বিতীয়খন এজাহাৰ দাখিল কৰি শাহুৰ পাঁচটা একাউণ্টৰ ধন অমৰজ্যোতি দেৰ মোমায়েকৰ লৰাই হৰলুকী কৰাৰ অভিযোগ কৰি ঘটনাৰ তদন্ত বিচাৰে আৰক্ষীৰ পৰা৷ আৰক্ষীয়ে এই পাঁচটা একাউণ্টৰ ধন উলিওৱা ঘটনাটো সূক্ষ্ম ভাবে তদন্ত কৰি ইয়াৰ এটা একাউণ্টৰ পৰা বন্দনাই এ টি এম ব্যৱহাৰ কৰি পাঁচ লাখ টকা উলিওৱাৰ তথ্য লাভ কৰে৷ এই তথ্য লাভ কৰাৰ পিছতে আৰক্ষীৰ বন্দনাৰ ওপৰত সন্দেহ ওপজে৷ পিছত আৰক্ষীয়ে যোৱা ১৭ ফেব্ৰুৱাৰীত বন্দনাক আটক কৰে৷ আৰক্ষীৰ জেৰাত বন্দনাই স্বামী অমৰজ্যোতি দে আৰু শাহু শংকৰী দেক হত্যা কৰা ঘটনা নিজ মুখে স্বীকাৰ কৰে৷ আৰক্ষীৰ জেৰাত বন্দনাই প্ৰথমে শাহু শংকৰী দেক চনমাৰীৰ অট্টালিকাত অৰূপ দাস নামৰ যুৱক জনৰ সহযোগত মুখত সোপা দি হত্যা কৰি মৃতদেহটো দাৰে টুকুৰা টুকুৰ কৈ কাটি ফ্ৰীজত তিনিদিন ধৰি ভৰাই ৰখা বুলি বিস্ফোৰক স্বীকাৰোক্তি দিয়ে৷ তিনিদিন পিছত বন্দনাই পুনৰ নাৰেংগীস্থিত নিজৰ বাস ভৱনত স্বামী অমৰজ্যোতি দেক ধনজিত ডেকাৰ সহযোগত ডিঙি চেপি নৃশংস ভাবে হত্যা কৰে৷ পিছত অমৰজ্যোতি দেক দাৰে কাটি টুকুৰা টুকুৰ কৰি পলিথিনত ভৰাই থয়৷ পিছত মাতৃ পুত্ৰৰ মৃতদেহ দুটা ধনজিত ডেকাৰ গাড়ীত ভৰাই মেঘালয়ৰ ডাউকীলৈ ৰাওনা হয়৷ ডাউকিত উপস্থিতহৈ তিনি হত্যাকাৰী মিলি মৃতদেহৰ টোপোলা দুটা পথৰ দাঁতিৰ দ খাৱৈত পেলাই দিয়ে৷ এই বিস্ফোৰক তথ্য লাভ কৰাৰ পিছতো আৰক্ষীয়ে ধণ্টি ডেকাক ১৮ ফেব্ৰুৱাৰীত তিনিচুকীয়াৰ পৰা আৰু অৰূপ দাসক খানাপাৰাৰ পৰা গ্ৰেপ্তাৰ কৰি নুনমাটি থানালৈ আনে৷ ১৯ ফেব্ৰুৱাৰীত পুৱাৰ ভাগত নুনমাটি আৰক্ষীয়ে তিনি হত্যাকাৰীক লগত লৈ মেঘালয়ৰ ডাউকিত উপস্থিত হয়৷ আৰক্ষীৰ দলটোৱে দ খাৱৈত অভিযান চলায় মৃতদেহ দুটাৰ কেতবোৰ অংগ-প্ৰত্যঙ্গ উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ এই দুটা হত্যা কেন্দ্ৰত এক বৃহৎ চক্ৰ জড়িত থকা বুলি সন্দেহ কৰিছে আৰক্ষীয়ে৷ লগতে পৰকীয়া প্ৰেম আৰু সম্পত্তিৰ বাবে এই হত্যা কাণ্ড সংঘটিত হোৱা বুলি দাবী কৰিছে আৰক্ষীয়ে৷