Logo
image

অখিল গগৈক সাময়িক সকাহ উচ্ছতম ন্যায়ালয়ৰ

ডিজিটেল ডেস্কঃ সাময়িক সকাহ পালে অখিল গগৈয়ে৷ উচ্ছতম ন্যায়ালয়ে মাত্ৰ এদিনৰ বাবে সকাহ দিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈক৷ মাওবাদীৰে সম্পৰ্ক থকাৰ ‘নিয়া’ৰ গোচৰত অখিল গগৈক পুনৰ ‘নিয়া’ৰ আদালতত ২৩ ফেব্ৰুৱাৰীত হাজিৰ হ’বলৈ গুৱাহাটী উচ্ছ ন্যায়ালয়ে নিৰ্দেশ দিছিল যদিও ইয়াক প্ৰত্যাহ্বান জনাই সৰ্বোচ্ছ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাত এদিনৰ বাবে সাময়িক সকাহ লাভ কৰিবলৈ সক্ষম হৈছে বিধায়কজনে৷ উল্লেখ্য, ‘কা’ বিৰোধী আন্দোলনৰ সময়ত মাওবাদীৰে সম্পৰ্ক থকাৰ অভিযোগত ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ ‘নিয়া’ই গ্ৰেপ্তাৰ কৰিছিল অখিল গগৈৰ লগতে আন তিনি সতীৰ্থক৷ দীঘলীয়া কাৰাবাসৰ অন্তত কিছু মাহ পূৰ্বে ‘নিয়া’ৰ বিশেষ আদালতে অভিযোগমুক্ত ঘোষণা কৰি ৰেহাই দিছিল ৰাইজৰ দলৰ সভাপতিজনক৷ কিন্তু নিম্ন আদালতৰ এই ৰায়ক প্ৰত্যাহ্বান জনাই ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাটোৱে গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ দ্বাৰস্থ হয়৷ যাৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী উচ্ছ ন্যায়ালয়ে শেহতীয়াকৈ এটা নিৰ্দেশনাত ‘নিয়া’ৰ পূৰ্বৰ ৰায়ক খাৰিজ কৰি গোচৰটো পুনৰ মুকলি কৰাৰ বাবে ৰায় প্ৰদান কৰে৷ আনকি উচ্ছ ন্যায়ালয়ে অখিল গগৈক ২৩ ফেব্ৰুৱাৰীত নিয়াৰ গুৱাহাটীস্থ বিশেষ আদালতত হাজিৰ হোৱাৰ বাবেও নিৰ্দেশ দিয়ে৷ ইয়াৰ পাছতেই গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ ৰায়ক প্ৰত্যাহ্বান জনাই অখিল গগৈয়ে বিগত সপ্তাহত উচ্ছতম ন্যায়ালয়ৰ দ্বাৰস্থ হয়৷ মঙলবাৰে অখিল গগৈৰ উক্ত গোচৰটোৰ শুনানি গ্ৰহণ কৰি সৰ্বোচ্ছ ন্যায়ালয়ৰ বিচাৰপীঠে এদিনৰ বাবে অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰে বিধায়ক অখিল গগৈৰ৷ অৰ্থাৎ অখিল গগৈয়ে ২৩ ফেব্ৰুৱাৰীত নিয়াৰ বিশেষ আদালতত হাজিৰ হ’ব লাগিব যদিও নিয়াৰ আদালতে যদিহে গোচৰটো পুনৰ মুকলি কৰাৰ সিদ্ধান্ত লয়, তেনেহ’লে বিধায়কজনক উক্ত দিনা জে’ললৈ প্ৰেৰণ কৰিব নোৱাৰিব৷ উচ্ছতম ন্যায়ালয়ে অখিল গগৈৰ মূল গোচৰটোৰ ২৪ ফেব্ৰুৱাৰীত পৰৱৰ্তী শুনানি গ্ৰহণ কৰি চূড়ান্ত ৰায় প্ৰদান কৰিব বুলিও স্পষ্ট কৰি দিছে৷ অৰ্থাৎ সৰ্বোচ্ছ ন্যায়ালয়ে চূড়ান্ত ৰায় নিদিয়া পৰ্যন্ত সাময়িক সকাহ লাভ কৰিছে অখিল গগৈয়ে৷