Logo
image

ছেল্‌ফিৰ দাবীৰে ত্ৰাস সৃষ্টি কৰিছে নৱপ্ৰজন্মৰ একাংশই

ডিজিটেল ডেস্কঃ এখন ছেলফিৰ  আবদাৰৰ পৰা যে কত কি ঘটিব পাৰে! অন্ততঃ যোৱা ৫-৬ দিনৰ মুম্বাইৰ দুটা ঘটনাই তাকেই প্ৰতিপন্ন কৰিছে৷ সকলোৰে মূলতে হেনো এখন ছেলফিৰ আবদাৰ৷ প্ৰথমটো আবদাৰ এগৰাকী সুন্দৰীৰ ভাৰতীয় ক্ৰিকেটাৰ পৃথ্বি শ্ব’ৰ প্ৰতি, দ্বিতীয়টো এজন বিধায়ক পুত্ৰৰ, শিল্পী ছনু নিগমৰ প্ৰতি৷ দুয়োটা ঘটনা মুম্বাইৰ আৰু দুয়োক্ষেত্ৰত চেলেব্ৰিটীৰ ছেলফি তোলাত আপত্তি আছিল৷ ঘটনা গৈ ‘থানা-পুলিচ’ হ’ল আৰু প্ৰথমটো ঘটনাৰ খলনায়িকা গ্ৰেপ্তাৰ হ’ল৷ দ্বিতীয় ঘটনাৰ খলনায়কক আৰক্ষীয়ে ‘বুক’ কৰিছে, গ্ৰেপ্তাৰ সময়ৰ অপেক্ষা৷ প্ৰথমটো ঘটনা সংঘটিত হৈছিল যোৱা ১৬ ফেব্ৰুৱাৰীত৷ এখন পঞ্চতাৰকা হোটেলত নৈশাহাৰ কৰি ওলাই আহিছিল ক্ৰিকেটাৰ পৃথ্বি শ্ব’৷ হোটেলৰ লবীত স্বপ্না গিল নামৰ এগৰাকী স্বল্পখ্যাত ভোজপুৰী অভিনেত্ৰীয়ে পৃথ্বি শ্ব’ৰ সৈতে কেইখনমান ছেলফি তুলিলে৷ পৃথ্বি শ্ব’ হোটেলৰ বাহিৰলৈ ওলাই অহাৰ সময়ত সুন্দৰীয়ে তেওঁৰ এদল সংগীক লৈ পুনৰ ছেলফি তুলিবলৈ যাওঁতে এইবাৰ পৃথ্বি শ্ব’ৱে আপত্তি কৰিলে আৰু দুয়োপক্ষৰ মাজত বাক-বিতণ্ডা আৰম্ভ হ’ব৷ সুন্দৰীয়ে পুৰুষ সংগীৰ সৈতে বেছবল বেট লৈ পৃথ্বি শ্ব’ৰ গাড়ীৰ বনেট, উইণ্ডস্ক্ৰীন কোবাই ভাঙি পেলালে৷ পাছত সুন্দৰী স্বপ্না গিলক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে৷ সেই ঘটনাই ৫ দিন অতিক্ৰম কৰাৰ পাছত সোমবাৰে মুম্বাইৰ চেম্বুৰত গায়ক ছনু নিগমৰ সৈতে চেম্বুৰৰ উদ্ধৱ থাক্‌ৰে পক্ষৰ বিধায়ক প্ৰকাশ ফাটেৰপেকৰৰ পুত্ৰ স্বপ্নিল ফাটেৰপেকৰে ছেলফি তুলিবলৈ লৈ ছনু নিগমক শাৰীৰিকভাৱে অপদস্থ কৰিলে৷ সেই সময়ত ছনু নিগমে চেম্বুৰ উৎসৱৰ অনুষ্ঠান শেষ কৰি মঞ্চৰ পৰা নামি আহিছিল৷ তেতিয়া স্বপ্নিলে মঞ্চৰ ওপৰতে ছনু নিগমক পিছফালৰ পৰা ধৰি ছেলফি তুলিবলৈ আবদাৰ কৰে৷ ছনু নিগমে আপত্তি কৰাত বিধায়ক-পুত্ৰই গায়কজনক গতিয়া-গতি কৰে আৰু তেওঁৰ দুজন সংগীক গতিয়াই মঞ্চৰ পৰা তলত  পেলাই দিয়ে৷ ছনু নিগমৰ দুই সংগী হৰি প্ৰকাশ আৰু ৰব্বানি খান প্ৰায় ৭ ফুট ওপৰৰ পৰা পৰি আঘাতপ্ৰাপ্ত হয়৷ গায়ক ছনু নিগমে চেম্বুৰ থানাত এজাহাৰ দিয়াত বিধায়ক-পুত্ৰৰ বিৰুদ্ধে ৩২৩, ৩৪১, ৩৩৭ ধাৰাত আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে৷ যিকোনো মুহূৰ্তত আৰক্ষীয়ে অভিযুক্ত স্বপ্নিলক গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে৷ চেম্বুৰ উৎসৱৰ এই অনুষ্ঠানৰ অন্যতম আয়োজক আছিল চেম্বুৰৰ বিধায়কৰ কন্যা আৰু অভিযুক্তৰ ভগ্নী সুপ্ৰদা ফাটেৰপেকৰ৷ সুপ্ৰদাই ইতিমধ্যে টুইটাৰত ছনু নিগম আৰু সংগীসকলক ক্ষমা বিচাৰিছে  আৰু ঘটনাটো অনাকাংক্ষিত কিন্তু ইমান ডাঙৰ নহয় বুলি মন্তব্য কৰিছে৷

সাম্প্ৰতিক এই দুটা ঘটনা আৰু সচৰাচৰ দেখি থকা এনে ছেলফিৰ আবদাৰৰ ঘটনাই সম্প্ৰতি নৱপ্ৰজন্মই ছেলফিৰ দাবীৰে চেলেব্ৰিটীৰ জীৱন অতীষ্ঠ কৰি তোলাতো সমস্যাত পৰিণত হোৱা বুলি স্পষ্ট কৰি তুলিছে৷ এসময়ত চেলেব্ৰিটীৰ পৰা অটোগ্ৰাফ লোৱাৰ এটা ঢং আছিল৷ সুযোগ পালে আৰু হাতত বা ওচৰে-পাজৰে কেমেৰা থাকিলে কেতিয়াবা অনুমতি লৈ চেলিব্ৰিটীৰ সৈতে দুই-এখন ফটো৷ বচ, সিমানতে শেষ চেলেব্ৰিটীৰ সান্নিধ্য৷ আৰু অটোগ্ৰাফ বা ফটো হৈ ৰয় স্মৃতি৷ এতিয়া হাতে হাতে ম’বাইল আৰু ম’বাইলত বহু মেগাপিক্সেলৰ ফ্ৰণ্ট কেমেৰা৷ সেয়ে সোধ-পোছ নোহোৱাকৈ চেলেব্ৰিটী দেখিলেই ম’বাইল পোনাই ছেলফি তোলাৰ ঢং সৰ্বত্ৰ৷ লাগিলে চেলেব্ৰিটীৰ ইচ্ছাই নাথকক৷ অনুৰাগীক ছেলফি লাগিবই৷ এই দাবী কৰা সকলোৱেই যে সেই চেলেব্ৰিটীগৰাকীৰ অনুৰাগী বা ‘ফেন’ তেনে নহয়৷ তেওঁলৈ ছেলফি দাবী কৰা জনৰ সামান্যতম শ্ৰদ্ধাও নাথাকিব পাৰে৷ কিন্তু ছেলফিৰ আবদাৰ আৰু বহুসময়ত সেয়া দাবীত পৰিণত হয়৷ তাৰ কাৰণ মূলতঃ বিখ্যাত ব্যক্তিৰ সৈতে ছেলফি তুলি নিজৰ গুৰুত্ব বঢ়োৱা৷ তেনে ছেলফি ছ’চিয়েল মিডিয়াত বিলাই দি অনেকে নিজৰ গুৰুত্ব প্ৰকাশ কৰে৷ অনেক চেলেব্ৰিটীয়ে সেয়া বুজি পায় আৰু সেয়ে বহুসময়ত অচিনাকি লোকৰ সৈতে ছেলফি তুলিবলৈ অস্বীকাৰ কৰে৷ এনে বহু ঘটনা ঘটিছে, য’ত বিভিন্ন অপৰাধী-সমাজবিৰোধীৰ সৈতে চেলেব্ৰিটীৰ ছেলফি দেখা যায়৷ অথচ ছেলফি তোলাৰ সময়ত চেলেব্ৰিটীয়ে নাজানেই যে সেইজন ‘ফেন’ এজন সমাজবিৰোধী, অপৰাধী৷ কোনো ঘটনাত ধৰা পৰাৰ পাছত সংবাদ মাধ্যমে তেনে ছেলফি প্ৰবলভাৱে প্ৰচাৰ কৰে, সম্প্ৰচাৰ কৰে৷ আনকি অপৰাধীৰ সৈতে অমূক চেলেব্ৰিটীৰ সম্পৰ্ক থকা বুলিও প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰে৷ এনেবোৰ কাৰণতে প্ৰায়ে চেলেব্ৰিটীয়ে অচিনাকি অনেকৰ সৈতে ছেলফি তোলাত আপত্তি প্ৰদৰ্শন কৰে৷ কিন্তু ‘ফেনসকল’ প্ৰায়ে এনেক্ষেত্ৰত নাচোৰবান্দা হোৱা দেখা যায় আৰু তাৰ ফলত অনাহুত ঘটনাৰ সৃষ্টি হয়৷ তাৰকা ফুটবলাৰ ৰ’নাল্ডোৱে তেনে ‘ফেন’ক গতিয়াই পেলাই দিয়া, হেভীৱেইট বক্সাৰ মাইক টাইছনে বিমানৰ ভিতৰতে তেনে সহযাত্ৰীক অতীষ্ঠ হৈ ঘূচিয়াই মুখ ভাঙি দিয়াৰ খবৰে এনেবোৰ অনাকাক্ষিত আবদাৰৰ কাৰণতে মাজে সময়ে শিৰোনাম দখল কৰে৷ এটা কথা পাহৰি যোৱা অনুচিত, বিশ্বৰ এসময়ৰ ‘মষ্ট ফটোগ্ৰাফ্‌ড ৱ’মেন’ ৰাজকুমাৰী ডায়েনাৰ মৃত্যু হৈছিল পাপাৰাজি হিচাপে কুখ্যাত ফটো চিকাৰীৰ খেদাত৷ সেয়া নহ’লেইবা ছেলফি,  কিন্তু ‘প্ৰিন্সেছ ডাই’তো আৰু ঘূৰি নাহে৷