Logo
image

মুখ্যমন্ত্ৰী হিমন্তবিশ্ব অ’ভাৰ কনফিডেণ্ট হৈছে! আজমল

ডিজিটেল ডেস্কঃ ‘বাল্যবিবাহৰ বিৰুদ্ধে যি চলিছে সেয়া অতি সোনকালে বন্ধ হ’ব লাগে৷ মুখ্যমন্ত্ৰী ড॰ হিমন্তবিশ্ব শৰ্মা অ’ভাৰ কনফিডেণ্ট হৈ আছে৷ কোনো পলিটিচিয়ানৰ বাবে অ’ভাৰ কনভিডেঞ্চ ভাল নহয়৷ অসমত হিন্দু-মুছলমানৰ  মাজত থকা ভ্ৰাতৃত্ববোধ তেখেত অহাৰ পাছত শেষ হৈ গৈ আছে৷ হিমন্তবিশ্ব শৰ্মাৰ মুছলমানবিৰোধী মনোভাৱে এদিন তেওঁক ধবংস কৰিব৷ এতিয়াও অসমৰ ৯০ শতাংশ মানুহ ধৰ্মনিৰপেক্ষ৷’ –এই ভাষ্য ইউডিএফৰ সভাপতি বদৰুদ্দিন আজমলৰ৷ বিলাসীপাৰাত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত সাংসদ আজমলে এইদৰে মন্তব্য কৰে৷

ভূপেন বৰাই দুয়োফালে তাল মিলাই আছে!আজমল

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই আমাৰ লগতো তাল-মিল জীয়াই ৰাখিছে, আকৌ বি জে পিৰ লগতো তাল-মিল বৰ্তাই ৰাখিছে৷ আমাৰ পৰাও ধন লৈ আছে, বিজেপিৰ পৰাও ধন লৈ আছে৷ সেয়ে দুয়োটা দলৰ ভিতৰৰ খবৰ ভূপেন বৰাই জানে৷ এই বিস্ফোৰক মন্তব্য এ আই ইউ ডি এফপ্ৰধান তথা ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলৰ৷ সোমবাৰে বিয়লি পশ্চিম বিলাসীপাৰা সমষ্টিৰ বিভিন্ন ঠাইত দলীয় নেতা-কৰ্মীৰে সভা-সমিতি অনুষ্ঠিত কৰি আহি নিশা উপস্থিত হয় সমষ্টিটোৰ হাতীধূৰাত৷ হাতীধূৰাত সাংসদ আজমলে মিত্ৰতা সন্দৰ্ভতো বিস্ফোৰক মন্তব্য কৰে৷ দিল্লীপৰ্যায়ত হ’ব বিজেপিবিৰোধী দলবোৰৰ মিত্ৰতা৷ মিত্ৰতাৰ বৈঠকত নীতিশ কুমাৰ, ছলমান খুৰছিদ আদি নেতাবোৰে মিত্ৰতা বিচাৰিছে৷ সেয়ে কেন্দ্ৰত মিত্ৰতা হ’লে অসমতো মিত্ৰতা হ’ব লাগিব৷ কিন্তু অসমত মিত্ৰতা সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কৰা বিৰোধ অমূলক বুলি দোহাৰে সাংসদ আজমলে৷  লগতে সাংসদজনে আৰু কয় যে, সম্প্ৰতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিন-কাল বেয়া হৈ পৰিছে৷ সেয়ে কেতবোৰ জনবিৰোধী কাৰ্য-কলাপত সাঙোৰ খাই পৰিছে৷ মুছলমানসকলক কষ্ট দিয়াই তেওঁৰ বৰ্তমান কাম৷ বাল্যবিবাহ সন্দৰ্ভত আইনী সাহায্য লৈছে বুলি মন্তব্য কৰে৷ আনহাতে, বদৰুদ্দিন আজমলে বিধায়ক অখিল গগৈৰ বিষয়েও কৰিলে কটু মন্তব্য৷ অখিল গগৈ এজন ফাল্টু মানুহ বুলি উল্লেখ কৰিলে সংবাদ মাধ্যমৰ আগত সাংসদজনে৷ সাংসদজনৰ সকলো কাৰ্যসূচীত সংগ দিয়ে ধুবুৰী সমষ্টিৰ বিধায়ক নজৰুল ইছলাম, গৌৰীপুৰৰ বিধায়ক নিজানুৰ ৰহমান, পশ্চিম বিলাসীপাৰাৰ বিধায়ক হাফিজ বছিৰ আহমেদ আৰু পূব বিলাসীপাৰাৰ বিধায়ক ছামছুল হুদাই৷