Logo
image

পঞ্চায়তৰ সভাপতি হোৱাৰো যোগ্য নহয় ৰাহুল গান্ধীঃ ৰূপজ্যোতি কুৰ্মী

ডিজিটেল ডেস্কঃ 'ৰাহুল গান্ধী পঞ্চায়তৰ সভাপতি হোৱাৰো যোগ্য নহয়৷' - এই মন্তব্য কৰিছে বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে৷

সততে নিজৰ মন্তব্য লৈ চৰ্চাৰ শীৰ্ষত থাকে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগ দিয়া বিধায়ক ৰূপজ্যোতি কুৰ্মী৷ বিজেপিক যোগদান কৰাৰ পাছৰে পৰা কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা কৰি আহিছে বিধায়ক কুৰ্মীয়ে৷ এইবাৰ ৰূপজ্যোতি কুৰ্মীয়ে আক্ৰমণৰ লক্ষ্য কৰি ল'লে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক৷ কুৰ্মীয়ে কয় যে ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী হোৱাটো বাদেই দিয়ক, সাংসদ হোৱাৰো যোগ্য নহয়৷ 

লগতে কুৰ্মীয়ে কয় যে বিধায়ক হোৱাৰো যোগ্য নহয় ৰাহুল গান্ধী৷ পঞ্চায়তৰ সভাপতি হোৱাৰো যোগ্যতা নাই ৰাহুলৰ৷ সেইজন ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী হোৱাৰ সপোন দেখিছে যদিও তেওঁক ৰাইজেই গ্ৰহণ কৰা নাই৷