Logo
image

১০ মে'ৰ ভিতৰত ১ লাখ নিযুক্তি সম্পূৰ্ণ কৰাৰ লক্ষ্য মুখ্যমন্ত্ৰীৰ

ডিজিটেল ডেস্কঃ ১০ মে'ৰ ভিতৰত সম্পূৰ্ণ হ'ব ৰাজ্য চৰকাৰৰ একলাখ নিযুক্তি প্ৰক্ৰিয়া৷ বুধবাৰে কলাক্ষেত্ৰত পশু পালন আৰু পশু চিকিৎসা, মীন, উদ্যোগসহ কেইবাটাও বিভাগৰ নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত পুনৰবাৰ ১ লাখ নিযুক্তিৰ প্ৰসংগ উল্লেখ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই৷

নিৰ্বাচনী প্ৰচাৰৰ সময়ত হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতি দিছিল যে বিজেপি চৰকাৰ শাসনলৈ অহাৰ এক বছৰৰ ভিতৰতে ৰাজ্যৰ ১ লাখ যুৱক-যুৱতীক নিযুক্তি দিয়া হ'ব৷ হিমন্ত চৰকাৰৰ প্ৰায় দুবছৰ সম্পূৰ্ণ হ'বৰ হ'ল যদিও বৰ্তমানে ১ লাখ নিযুক্তি সম্পূৰ্ণ হোৱা নাই৷ মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰা অনুসৰি এইপৰ্যন্ত ৪১,৯২০ গৰাকী যুৱক-যুৱতীকহে নিযুক্তি দিয়া হৈছে৷ ১০ মে'ৰ ভিতৰত ৰাজ্য চৰকাৰৰ ১ লাখ নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা লক্ষ্য লোৱা হৈছে৷

নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্বই কয়, "এইপৰ্যন্ত ৪১,৯২০ গৰাকী যুৱক-যুৱতীক নিযুক্তি দিয়া হৈছে৷ সকলো ঠিকে-ঠাকে থাকিলে মে' মাহৰ ভিতৰত ১ লাখ নিযুক্তিৰ অধিকাংশ নিযুক্তি সমাপনৰ দিশত আগবাঢ়িছো৷ ইতিমধ্যে অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থবৰ্গৰ চৰকাৰী  চাকৰিৰ ২৬ হাজাৰ পদৰ নিযুক্তি প্ৰক্ৰিয়া প্ৰায় সম্পূৰ্ণ হৈছে৷ আমি শেষ পৰ্যায়ত আহি উপনীত হৈছোঁ৷ বন বিভাগ, আৰক্ষী বিভাগ, স্বাস্থ্য বিভাগ আৰু শিক্ষা বিভাগতো প্ৰায় ২০ হাজাৰ নিযুক্তি প্ৰক্ৰিয়া আজিৰ দিনটোত চলি আছে৷ এই গোটেই নিযুক্তি প্ৰক্ৰিয়া ১০ মে'ৰ ভিতৰত সম্পূৰ্ণ কৰাৰ বাবে দ্ৰুত গতিত আগবাঢ়িছো৷"