Logo
image

বাঢ়িছে হিংসা-হত্যাঃ শিলচৰত স্বামীক কেঁচীৰে হানি-খুঁচি হত্যা পত্নীৰ

ডিজিটেল সংবাদ, শিলচৰঃ ৰাজ্যজুৰি নুনমাটিৰ অমৰজিৎ দে' হত্যাকাণ্ডৰ চাঞ্চল্য মাৰ নৌযাওঁতেই এইবাৰ আন এক অনুৰূপ ঘটনা সংঘটিত হৈছে শিলচৰত৷ কাপোৰ কটা কেঁচীৰে বুকুত হানি-খুঁচি পত্নীয়ে নিৰ্মমভাৱে হত্যা কৰিলে স্বামীক৷ এই বৰ্বৰ হত্যাকাণ্ড সংঘটিত হৈছে মঙলবাৰে নিশা শিলচৰৰ মেহেৰপুৰ এলেকাৰ কাবিউৰাত৷ ঘৰৰ ভিতৰতে স্বামী ফৰমিন উদ্দিন লস্কৰক কেচিৰে হানি-খুঁচি হত্যা কৰে পত্নী মাম্পী বেগম লস্কৰে৷ এই ঘটনা সংঘটিত কৰাৰ পিছত শিলচৰ সদৰ থানাত আত্মসমৰ্পন কৰে মাম্পী বেগম লস্কৰে৷ পাৰিবাৰিক সংঘাতৰ পৰিণাম স্বৰূপে এই জঘন্য হত্যাকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে৷

প্ৰথম অৱস্থাত গুৰুতৰ আহত ফৰমিনক শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ যোৱা হয় যদিও আধবাদতে তেওঁৰ মৃত্যু হয়৷ মৃত ফৰমিনৰ ঘৰ হাইলাকান্দিৰ লালাৰ ৰাজেশ্বৰপুৰত৷ দীৰ্ঘদিন ধৰি স্ত্ৰী-সন্তানৰ সৈতে তেওঁ শিলচৰৰ কাবিউৰাত ভাড়াঘৰত আছিল৷ অটো চলাই পৰিয়াল পোহপাল দি আহিছিল ফৰমিনে৷ এই ঘটনাৰ পিছতে মাম্পী বেগমক কঠোৰ শাস্তি দিয়াৰ দাবী জনাইছে মৃত ফৰমিনৰ পৰিয়াল আৰু আত্মীয়ই ৷ পাৰিবাৰিক সংঘাতৰ ফলত এই জঘন্য হত্যাকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে যদিও মাম্পীয়ে কি কাৰণে স্বামীক হত্যা কৰিলে সেয়া এতিয়াও স্পষ্ট হোৱা নাই। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। 

ইপিনে ফৰমিন পিতৃ জামাল উদ্দিন লস্কৰে শিলচৰ সদৰ আৰক্ষী থানাত  মাম্পীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে।‌ তেওঁৰ অভিযোগ অনুসৰি দহ বছৰ পূৰ্বে  ইছলামিক শৰিয়তৰ বিধান মতে ফৰমিনৰ বিবাহ হৈছিল মাম্পী বেগমৰ। পিছত মেহেৰপুৰ কাবিউৰা এলেকাৰ  বাহাৰুল ইছলাম লস্কৰৰ ঘৰত ভাৰাতীয়া হিচাপে আছিল স্বামী-স্ত্রী। তেওঁলোকৰ দুটা পুত্ৰ সন্তান আছে।  আনুমান অনুসৰি মঙলবাৰে নিশা প্ৰায় ৯:৩০ বজাত মাম্পী আৰু ফৰমিনৰ মাজত কাজিয়াৰ সূত্ৰপাত হৈছিল। এই কাজিয়াৰ ফলতেই মাম্পীয়ে উত্তেজিত হৈ এখন কেঁচীৰে ফৰমিনৰ ডিঙি আৰু মুখত আঘাত কৰে। ইয়াৰ ফলত তেজেৰে লুতুৰি পুতুৰি হৈ মাটিত ঢলি পৰে ফৰমিন। পিছত তেওঁক শিলচৰ মেডিকেল কলেজ হাস্পাতাল লৈ যোৱা হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। 

ঘটনা সন্দৰ্ভত কাছাৰৰ আৰক্ষী অধীক্ষক নোমাল মাহাতোৱে কয় যে পাৰিবাৰিক অশান্তিৰ ফলতেই এনে ঘটনা সংঘটিত হৈছে। ফৰমিন উদ্দিন লস্কৰ এগৰাকী অটোচালক আছিল। তেওঁ প্ৰায়ে মদ্যপান কৰি ঘৰলৈ আহি পত্নীক মাৰপিট কৰিছিল। এইকাণ্ডত অতিষ্ঠ হৈ পত্নী মাম্পী বেগমে হত্যা কৰে স্বামীক হত্যা কৰা বুলি সন্দেহ কৰা হৈছে৷