Logo
image

বিশিষ্ট শিক্ষাবিদ কবি-গীতিকাৰ বিৰিঞ্চি কুমাৰ মেধিৰ বিয়োগ

ডিজিটেল সংবাদ, গুৱাহাটীঃ বিশিষ্ট শিক্ষাবিদ, কবি-গীতিকাৰ ড০ বিৰিঞ্চি কুমাৰ মেধিৰ বুধবাৰে পুৱা প্ৰায় ৯ বাজি ৫৫ মিনিটত গুৱাহাটীৰ ডাউন টাউন হাস্পতালত মৃত্যু হয়। তেওঁ দীৰ্ঘদিন জটিল ৰোগত আক্রান্ত হৈ আছিল। ১৯৪৮ চনৰ ১৪ নৱেম্বৰত জন্মগ্ৰহণ কৰা ড০ মেধিৰ মৃত্যুৰ সময়ত বয়স আছিল ৭৫ বছৰ।

মঙলদৈ টাউনত জন্ম গ্ৰহণ কৰা মেধিয়ে পৰৱৰ্তী সময়ত গুৱাহাটীৰ মাছখোৱাস্থিত লেণ্ডমাৰ্ক ৰেচিডেন্সিত স্থায়ীভাৱে বাস কৰিছিল। তেওঁ ১৯৬৪ চনত কটন কলেজিয়েটৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয়। তাৰপাছত ১৯৬৫ চনত  শ্বিলঙৰ চেইণ্ট এনথনি কলেজৰ পৰা বিজ্ঞান শাখাত পি ইউ উত্তীৰ্ণ হয়। তাৰপাছত ১৯৬৯ চনত কটন কলেজৰ পৰা নৃতত্ত্ব বিভাগৰ স্নাতক পৰীক্ষাত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান অধিকাৰ কৰি বি. এছ. গুহা পদক লাভ কৰে। ১৯৭১ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা নৃতত্ত্ব বিভাগৰ স্নাতকোত্তৰ পৰীক্ষাতো প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান অধিকাৰ কৰি সোণৰ পদক লাভ কৰে। ১৯৭৮ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়াত স্নাতকোত্তৰ আৰু ১৯৯০ চনত 'The Assamese Sikhs: Their Social Relations in a Rural Context of Assam' শীর্ষক গৱেষণা গ্রন্থত ডক্টৰেট ডিগ্রী লাভ কৰে।  

 ১৯৭২ বৰ্ষত গুৱাহাটীৰ আৰ্য বিদ্যাপীঠ মহাবিদ্যলয়ত পোনপ্ৰথমে আৰু ১৯৮১ বৰ্ষত গুৱাহাটী বিশ্ববিদ্যালয়ৰ নৃতত্ত্ব বিভাগত অধ্যাপনা আৰম্ভ কৰে। তেওঁ ২০০৩ চনত  গুৱাহাটী বিশ্ববিদ্যালয়ৰ নৃতত্ত্ব বিভাগৰ মুৰব্বী অধ্যাপক হিচাপে দায়িত্ব গ্রহণ কৰি ২০১৩বৰ্ষত অৱসৰ গ্ৰহণ কৰে। তেওঁৰ তত্ত্বাৱধনাত ৩৩ গৰাকীৰো অধিক গৱেষকে সমাজৰ বিভিন্ন ক্ষেত্রত গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হৈছে। ড০ মেধিয়ে  ইংৰাজী আৰু অসমীয়াত বিভিন্ন গ্রন্থ, গৱেষণা পত্র, প্রবন্ধ, কবিতা, গীত ইত্যাদি ৰচনা কৰি অসমীয়া ভাষা সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে। ১৯৭৪ বৰ্ষত ড০ মেধিৰ গ্রন্থ 'এখন দেশ অলেখ মানুহ' এ ৰাষ্ট্ৰপতিৰ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰোপৰি ৰাজ্যিক চলচ্চিত্ৰ মহোৎসৱত দুবাৰ সৰ্বশ্ৰেষ্ঠ গীতিকাৰ পুৰস্কাৰ (২০১০ আৰু ২০১৫) আজুৰি আনিবলৈ সক্ষম হয়। ২০১২ বৰ্ষত  তেওঁ KIIT University and KISS, ভুৱেনশ্বৰৰ পৰা Living Anthropologist' খিতাপ বিভাগ অর্জন কৰে।

'যিদিনা মোক বিচাৰি নাপাবা' শীৰ্ষক জনপ্ৰিয় গীতৰ স্রষ্টা মেধিয়ে কেইবাখনো কবিতা পুথিৰে অসমীয়া সাহিত্যজগত সমৃদ্ধ কৰি গৈছে। উল্লেখ্য, 'যিদিনা মোক বিচাৰি নাপাবা' শীৰ্ষক জনপ্ৰিয় গীতৰ স্রষ্টা মেধিয়ে কেইবাখনো কবিতা পুথিৰ লগতে বহু মন পৰশা গীত ৰচনা কৰি গৈছে। বুধবাৰে তেওঁৰ নশ্বৰ দেহ হাস্পতাৰ পৰা আৰ্য বিদ্যাপীঠ কলেজ, গুৱাহাটীৰ মাছখোৱাস্থিত লেণ্ডমাৰ্ক ৰেচিডেন্সি, গুৱাহাটীৰ বিশ্ববিদ্যালয়লৈ নি শেষশ্রদ্ধা জনোৱাৰ পাছত জন্মস্থান মঙলদৈ লৈ নিয়া হয়। তেওঁৰ জন্মস্থান মঙলদৈত বহুসংখ্যক গুণমুগ্ধৰ উপস্থিতিত অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন কৰা হয়। ড° বিৰিঞ্চি কুমাৰ মেধিৰ মৃত্যুত ৰাজ্যজুৰি শোকৰ ছাঁ পৰিছে। তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰি  অসম নাট্য সন্মিলনৰ সভাপতি,প্ৰাক্তন সাংসদ কুমাৰ দীপক দাসে কয়-অসমৰ এগৰাকী বিশিষ্ট সাহিত্যিক, কবি-গীতিকাৰ ,শিক্ষাবিদ ড০ বিৰিঞ্চি কুমাৰ মেধিৰ বিয়োগৰ বাতৰিয়ে আমাক অতি বেদনাহত কৰিছে। প্ৰথমে আৰ্য বিদ্যাপীঠ মহাবিদ্যালয় আৰু পাছলৈ গুবাহাটী বিশ্ববিদ্যালয়ত নৃতত্ত্ব বিভাগত অধ্যাপনা কৰি অৱসৰ গ্ৰহণ কৰা আমাৰ অতি শ্ৰদ্ধাৰ ড০ মেধিছাৰৰ সান্নিধ্য আৰু ব্যক্তিত্বই আমাক সদায় কিবা নতুনত্ব আনিব পৰা জ্ঞানেৰে সমৃদ্ধ কৰিছিল। বিশেষকৈ অসম আন্দোলনৰ সময়চোৱাত তেওঁৰ এনে সক্ৰিয় সহযোগিতাৰে আমাৰ দিকপাল হৈ পৰিছিল৷ সাহিত্য-সংস্কৃতি চৰ্চা আৰু সৃষ্টিৰ ক্ষেত্ৰত আমাৰ অভিভাৱকৰূপে সদায় অনুপ্ৰাণিত কৰিছিল ৷ এনে বিশাল হৃদয়ৰ এগৰাকী মহানুভৱ শ্ৰদ্ধাৰ মেধিচাৰৰ বিয়োগত অসমৰ সামাজিক আৰু জাতীয় জীৱনত এক অপূৰণীয় ক্ষতি হ’ল ৷ বিশিষ্ট এই গৰাকী শিক্ষাবিদ তথা সমাজপ্ৰাণ ব্যক্তিৰ পবিত্ৰ স্মৃতিত আমাৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেখেতৰ বিদেহ আত্মাৰ সদগতি কামনা কৰিলোঁ।"

ইফালে  ডঃ ভূপেন হাজৰিকা ফাউণ্ডেচনৰ সচিব ড০ দীপাংক হাজৰিকাই এক শোক বার্তাত কয়- অসমৰ এগৰাকী যশস্বী গীতিকাৰ, প্ৰসিদ্ধ গল্পকাৰ তথা সমগ্র দেশতে এজন বিশিষ্ট নৃতাত্ত্বিকৰূপে খ্যাতি লাভ কৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ নৃতত্ব বিভাগৰ অৱসৰী অধ্যাপক ডঃ বিৰিঞ্চি কুমাৰ মেধিৰ আজি পৰলোক গমনত আমি শোক প্ৰকাশ কৰিছোঁ। শৈশৱৰ পৰা সুধাকণ্ঠৰ সমগ্ৰ পৰিয়ালৰ সৈতে অতি ঘনিষ্ঠ আৰু নিবিড় সম্পর্ক থকা ড০ বিৰিঞ্চি কুমাৰ মেধিয়ে ড০ ভূপেন হাজৰিকাৰ সৃষ্টি আৰু কৃতিৰ বিষয়ে কেইবাটাও উৎকৃষ্ট প্রবন্ধ লিখিছিল তথা ভূপেন হাজৰিকাৰ সৃষ্টিৰাজিৰ প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে গঠন হোৱা ড০ ভূপেন হাজৰিকা ফাউণ্ডেচনৰ ২০১১ চনৰ জন্মলগ্নৰ সময়ৰ পৰা আজিলৈ উপসভাপতিৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। অসমৰ বহু আগশাৰীৰ শিক্ষানুষ্ঠান আৰু সংগঠন, প্ৰতিষ্ঠানৰ শীৰ্ষক গীত ৰচনা কৰি খ্যাতি অৰ্জন কৰা ড০ বিৰিঞ্চি কুমাৰ মেধিয়ে ঐতিহ্যমণ্ডিত কটন কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰৰূপে 'কটন কলেজিয়েট মহা মনীষাৰ তীর্থ' শীর্ষক কালজয়ী গীতটি ৰচনা কৰিছিল আৰু ২০০৮ চনত কলেজিয়েটৰ ১৭৫ বছৰীয়া উদযাপন অনুষ্ঠানত গীতটি পৰিৱেশন হৈছিল। ড০ বিৰিঞ্চি কুমাৰ মেধিৰ পৰলোকগমনত অসমৰ বিজ্ঞান-সাহিত্য-সংস্কৃতিৰ পথাৰখনৰ এজন উজ্জ্বল ব্যক্তিৰ বিয়োগ হ'ল। তেওঁৰ পবিত্ৰ বিদেহ আত্মাৰ চিৰ শান্তিৰ কামনা কৰিছোঁ।'' 

ড০ মেধিৰ মৃত্যুত শোক প্ৰকাশ কৰে তেওঁৰ ছাত্র ফাইজুৰ ৰহমান বৰুৱাই। তেওঁ লগতে নিজৰ শিক্ষাগুৰুক শেষ শ্রদ্ধা জনায়। আর্য বিদ্যাপীঠ মহাবিদ্যালয়, গুবাহাটী বিশ্ববিদ্যালয়ত নৃতত্ত্ব বিভাগত অধ্যাপনা কৰি অৱসৰ গ্ৰহণ কৰা ড০ মেধিৰ মৃত্যুত গভীৰ শোক প্ৰকাশ মঙলদৈবাসীয়ে। তেওঁৰ মৃত্যুত শিক্ষা, সাহিত্য, সংস্কৃতি জগতৰ বহু সংখ্যকলোকে শোক প্ৰকাশ কৰে।