Logo
image

গুৱাহাটীত বিশ্বৰ আটাইতকৈ পুৰণি চেলুন ট্ৰুফিট এণ্ড হিল

ডিজিটেল সংবাদ, গুৱাহাটীঃ গিণীজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছৰ দ্বাৰা স্বীকৃত বিশ্বৰ আটাইতকৈ পুৰণি চেলুন ট্ৰুফিট এণ্ড হিলে প্ৰথমবাৰৰ বাবে নিজা বিলাসী গ্ৰুমিং অভিজ্ঞতাক গুৱাহাটীলৈ আনি প্ৰসিদ্ধ লিগেছী অব্যাহত ৰাখিছে। গুৱাহাটীৰ জিএছ ৰোড, দিছপুৰত ট্ৰুফিট এণ্ড হিলৰ শুভাৰম্ভণিৰ লগে-লগে গুৱাহাটীৰ পৰিচয়ে অধিক গতি লাভ কৰিছে। ২০২৫ চনৰ ভিতৰত ঘৰুৱা বজাৰখনত ৫০ বিলাসী গ্ৰুমিং অভিজ্ঞতা মুকলিৰ বাবে কোম্পানীটোৰ ৩০ খন চহৰলৈ সম্প্ৰসাৰণ কৌশলৰ সৈতে সংগতি ৰাখি এই মুকলি কৰা হয়।

এই বিলাসী চেলুনখন উদ্বোধন কৰে লয়ডছ লাক্সাৰীজ লিমিটেডৰ পৰিচালন সঞ্চালক আৰু চিঅ’অ’ শ্ৰী প্ৰন্নয় ড’কানিয়া। গুৱাহাটীত একচেটিয়া পুৰুষৰ গ্ৰুমিং বিকল্পৰ অভাৱ হোৱাত ট্ৰুফিট এণ্ড হিলৰ চমৎকাৰী স্পৰ্শৰে বিলাসী গ্ৰুমিঙক প্ৰোৎসাহনৰ অৰ্থে ই এক প্ৰধান উপযুক্ত বজাৰ হৈ পৰিছে। ব্ৰেণ্ডৰ উত্তৰাধিকাৰৰ সৈতে খাপ খুৱাই গুৱাহাটীৰ চেলুনখনৰ পৰিৱেশ সুৰুচিপূৰ্ণ আৰু উচ্চ মানদণ্ডৰ। ১৭০০ বৰ্গফুটৰ বিশাল আৰু বিস্তৃত ষ্ট’ৰখনৰ অভ্যন্তৰ উন্নতমানৰ, যাক ৱাৰ্ম আইভৰী আৰু মেহগনি কাঠেৰে সজাই তোলা হৈছে। যিয়ে ব্ৰেণ্ডটোৰ বিচক্ষণ পেট্ৰনসকলক এক আৰামদায়ক পৰিৱেশ প্ৰদান কৰিব। ৰয়েল শ্বেভ, ৰয়েল হেয়াৰকাটৰ দৰে মূল সেৱাসমূহৰ উপৰিও ট্ৰুফিট এণ্ড হিলে বিশেষ সুবিধাপ্ৰাপ্ত মেম্বাৰশ্বীপো আগবঢ়াই যাৰ জৰিয়তে পেট্ৰনসকলে কেইবাটাও সু-পৰিচিত ব্ৰেণ্ডৰ ক্ষেত্ৰত অভিনন্দনসূচক সুবিধা, বিশেষ ৰেহাই লাভ কৰিব পাৰে।

চেলুনখন মুকলি কৰি, লয়ডছ লাক্সাৰীজ লিমিটেডৰ অধ্যক্ষ শ্ৰী শ্ৰীকৃষ্ণ গুপ্তাই কয়, “এয়া সঁচাকৈয়ে আমাৰ ক্ৰমবৰ্ধমান বিলাসী গ্ৰুমিং বজাৰৰ উদ্যোগৰ বাবে এক আশাৰ বতৰা যিয়ে ব্যক্তিগত যত্ন আৰু গ্ৰুমিং আমাৰ আধুনিক জীৱন-যাপনৰ এক অবিচ্ছেদ্য অংগ হৈ পৰাটো সূচিত কৰিছে। গুৱাহাটীৰ এই নতুন স্থান লাক্স ব্ৰেণ্ডৰ এক নিখুঁত মিল, কিয়নো আমি গুৱাহাটীৰ জিএছ ৰোড, দিছপুৰৰ এই আপমাৰ্কেট অঞ্চলত আমাৰ পেট্ৰনসকলৰ সৈতে যোগাযোগ কৰিব পাৰো যি অঞ্চল এইচএনআই আৰু ইউএইচএনআইৰ বাবে ৰিটেইল পেৰেডাইছ আৰু আশ্ৰয়স্থল হৈ পৰিছে। ট্ৰুফিট এণ্ড হিলত আমাৰ প্ৰতিজন বিশ্বাসযোগ্য ক্লায়েন্টে আমাৰ সেৱা আৰু সামগ্ৰীৰ সৰ্বোত্তম উপযোগিতা লাভ কৰিব বুলি আমি নিশ্চিত। হেয়াৰকাটৰপৰা শ্বেভলৈকে প্ৰতিটো সেৱা, প্ৰতিটো কাম অতি নিখুঁতভাৱে তথা অতিশয় পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু সুৰক্ষাৰ সতৰ্কতা অৱলম্বনেৰে সম্পন্ন কৰা হয়।"

লয়ডছ লাক্সাৰীজ লিমিটেডৰ সৈতে লগ-লাগি ট্ৰুফিট এণ্ড হিলে ভাৰতৰ ১৪+ চহৰত ৩০বিশেষ অত্যাধুনিক চেলুন সফলতাৰে মুকলি কৰিছে। অধিক চাহিদাৰ সৈতে খাপ খুৱাই ব্ৰেণ্ডটো অনাগত বৰ্ষসমূহত গ্ৰুমিং খণ্ডটোৰ বাবে নতুন দিগন্ত আৰু সম্ভাৱনাৰ পথ অন্বেষণ কৰিবলৈ আশাবাদী হৈ উঠিছে। যিয়ে এক সৰ্বোৎকৃষ্ট ৰিগেল স্পৰ্শৰ সৈতে এক সুখদায়ক অভিজ্ঞতা প্ৰদান কৰে, যি আমাৰ আধুনিক জীৱনশৈলীৰ এক অপৰিহাৰ্য্য অংশ হৈ পৰিছে।

লয়ডছ লাক্সাৰীজ লিমিটেডৰ পৰিচালন সঞ্চালক আৰু চিঅ’অ’ শ্ৰী প্ৰন্নয় ড’কানিয়াই কয়, "যোৱা দশকটোত আমি পুৰুষৰ গ্ৰুমিঙৰ ক্ষেত্ৰত যথেষ্ট পৰিৱৰ্তন দেখিছো আৰু পুৰুষসকলে কি পিন্ধিব আৰু তেওঁলোকৰ লুকটো কেনেকুৱা হ’ব, সেই সম্পৰ্কে অধিক সচেতন হৈ পৰিছে। ভাৰতীয় পুৰুষৰ বাবে বিশেষভাৱে নিৰ্বাচিত গ্ৰুমিং প্ৰডাক্টৰ ক্ষেত্ৰত আমি মাৰ্কেট লিডাৰ। আমি ২০২৫ ৰ শেষৰফালে ভাৰত আৰু ইয়াৰ উপমহাদেশৰ শীৰ্ষ ৩০ খন চহৰত ৫০ খন চেলুন মুকলিৰ লক্ষ্যত উপনীত হোৱাৰ পৰিকল্পনা কৰিছো।"

হাই-এণ্ড বিলাসী পুৰুষৰ গ্ৰুমিং সেৱাৰ উপৰিও ট্ৰুফিট এণ্ড হিলত পুৰুষৰ ভিন্ন গ্ৰুমিং প্ৰডাক্ট যেনেঃ চেম্পু, ছিৰাম, আফটাৰশ্বেভ বাম, বাথ আৰু শ্বাৱাৰ জেল, কলন, বিলাসী শ্বেভিং চাবোন, শ্বেভিং ক্ৰীম, ব্ৰাছ আৰু বহুতো উপলব্ধ হৈছে। এটা বিশেষ দিনৰ বাবে সপ্ৰতিভ দেখিবলৈ বা মিটিঙৰ বাবে সুদৰ্শন হৈ উঠিবলৈ বিস্তৃত প্ৰডাক্টসমূহ কিউৰেট কৰা হৈছে।