Logo
image

কি হৈছে অসমত! আত্মীয়,বন্ধুৰ তেজেৰে ৰাঙলী হাতঃ গুৱাহাটী-টীয়কত বন্ধু হত্যা, শিলচৰত স্বামীক হত্যা

আমাৰ অসম, ২৩ ফেব্ৰুৱাৰীঃ অসমৰ মানুহে পৰুৱা এটাও মাৰিব নোৱাৰে! –কিছুদিন আগলৈকে এই কথাটো অসমৰ মানুহৰ বাবে আছিল মৰ্যাদাপূৰ্ণ অহংকাৰৰ বিষয়৷ শান্তিৰ সৰগ আৰু সম্প্ৰীতিৰ বৰপীঠ বুলি অসমক জানিছিল ভাৰতৰ আন ঠাইৰ লোকে৷ আনকি দেশৰ বাহিৰতো অসম আৰু অসমীয়াৰ নাম আছিল– শান্তিপ্ৰিয় আৰু শৃংখলাবদ্ধ জাতিৰূপে৷ অসম আন্দোলনৰ সময়ত হোৱা কেতবোৰ অবাঞ্ছিত ঘটনা আৰু পৰৱৰ্তী সময়ত আলফাকে ধৰি বিভিন্ন উগ্ৰপন্থী সংগঠনৰ কূটাঘাতমূলক কাম-কাজে অসম শান্তিৰ সৰগ বুলি থকা ভাবমূৰ্তিত আঘাত হানিছিল যদিও তেতিয়াও সামগ্ৰিকভাৱে অসমৰ অধিকাংশ লোক হিংসা-হত্যাৰ পৰা শতযোজন দূৰত আছিল৷ আন্দোলন বা বিদ্ৰোহী সংগঠনৰ কাম-কাজৰ আঁৰত সমূহীয়া কাৰণ জড়িত আছিল৷ কিন্তু ব্যক্তিগত পৰ্যায়ত হিংসা-হত্যাই সমগ্ৰ অসমক কাহানিও ছানি ধৰা নাছিল৷ কিন্তু এতিয়া পৰিস্থিতি সলনি হৈছে৷ দেশৰ আন আন ঠাইৰ দৰে বা বিদেশৰ কেতবোৰ ঠাইৰ দৰে অসমতো এতিয়া প্ৰতিনিয়ত সংঘটিত হৈছে ভয়ংকৰ হত্যাকাণ্ড, অপহৰণ, ধৰ্ষণ, লুণ্ঠন– আৰু কত যে কি! বিগত ৭২ ঘণ্টাত অসমৰ ইমূৰৰ পৰা সিমূৰলৈ সংঘটিত হৈছে ভয়ংকৰ হিংসাত্মক ঘটনা– যাৰ আঁৰত আছে অবৈধ প্ৰেম, সম্পত্তিৰ লালসা, ব্যক্তিগত শত্ৰুতা আদি৷ পাৰিবাৰিক হিংসা, বন্ধু-বিদ্বেষ আদি চৰম পৰ্যায় পাইছেগৈ৷  বন্দনা কলিতা নামৰ বিবাহিত মহিলাগৰাকীয়ে তেওঁৰ স্বামী আৰু শাহুৱেকক সাত মাহ পূৰ্বেই হত্যা কৰে৷ ঘটনাটো গুৱাহাটীৰ৷ শেহতীয়াভাৱেহে এই ভয়ংকৰ ঘটনা পোহৰলৈ আহে৷ এই ঘটনাৰ সমান্তৰালভাৱে সৰ্বত্ৰ ঘটিছে পাৰিবাৰিক আৰু ব্যক্তিগত হিংসাৰ ঘটনা৷ আত্মীয়ৰ তেজেৰে ৰাঙলী হৈছে আত্মীয়ৰ হাত৷ বন্ধুৰ তেজেৰে ৰক্তাক্ত অন্তৰংগ বন্ধুৰ হাত৷ মাজুলীৰ দক্ষিণপাটত তিনিজন লোকে এজন পঞ্চায়ত সচিবক আক্ৰমণ কৰে৷ তেওঁলোকৰ খঙৰ মাত্ৰা ইমানেই বেছি আছিল যে পঞ্চায়ত সচিবজনৰ গাৰ মঙহ কামুৰি ছিঙি পেলায়৷ টীয়কৰ লাহদৈগড়ত এজন যুৱকে তেওঁৰ বন্ধুক হত্যা কৰি কটা মূৰটো লৈ থানা অভিমুখে গৈ থকাৰ সময়তেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷ হত্যাকাৰী যুৱকজনৰ যুক্তি– বন্ধুজনে তেওঁৰ ভনীয়েকক উদ্দেশ্যি অশ্লীল মন্তব্য কৰাৰ বাবেই তেওঁক হত্যা কৰিলে৷ ওদালগুৰিত অবৈধ প্ৰেমিকৰ লগ লাগি স্বামীক ডিঙি চেপি মাৰিলে এগৰাকী কম বয়সীয়া বোৱাৰীয়ে৷ গুৱাহাটীৰ নুনমাটিৰ এজন যুৱকক দুৰ্বৃত্তই চোকা অস্ত্ৰৰে হত্যা কৰি মৃতদেহ পেলাই থৈ গ’ল তেওঁৰ ঘৰৰ চৌহদত৷ কেৱল সেয়ে নহয়, সেই যুৱকজনৰ এজন অন্তৰংগ বন্ধুকো দুৰ্বৃত্তই হত্যা কৰে৷ গুৱাহাটীৰ এগৰাকী তেৰ বছৰীয়া কিশোৰীক এজন বৃদ্ধই ধৰ্ষণ কৰে৷ আৰক্ষীয়ে তৎপৰতাৰে ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ কৰে৷ ডিব্ৰুগড়ত নিজৰ ঘৰতে এজন চিকিৎসকক হত্যাৰ চেষ্টা চলোৱা যুৱকে কামুৰি ছিঙি নিলে চিকিৎসকজনৰ কাণ৷ শিলচৰৰ মেহেৰপুৰ কাবিউৰাত যুৱতীৰ ছুৰিকাঘাতত নিহত হয় তেওঁৰ স্বামী৷ শিলচৰৰে কালাইনত এগৰাকী ৬০ বছৰীয়া মহিলাই তেওঁৰ ভ্ৰাতৃ আৰু পুত্ৰৰ সহযোগত নিজৰ পো-বোৱাৰীক দাৰে ঘপিয়ালে, এই ঘটনাত গুৰুতৰভাৱে আহত হয় মহিলাগৰাকীৰ নাতিয়েক৷ এইবোৰ মাত্ৰ কেইটামান উদাহৰণহে৷ এনেধৰণৰ বহু ঘটনা ঘটিছে ৰাজ্যৰ বিভিন্ন ঠাইত৷ এইবোৰ ঘটনা কেৱল আৰক্ষীয়ে নোহোৱা কৰিব নোৱাৰে৷ ইয়াৰ বাবে সামাজিক সচেতনতা অত্যন্ত জৰুৰী৷ অসমৰ আৰক্ষী সঞ্চালকপ্ৰধান জিপি সিঙেও দিনচেৰেক পূৰ্বে অসমৰ শেহতীয়া ঘটনাপ্ৰৱাহত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে আৰু ৰাইজৰ সহযোগ কামনা কৰিছে৷ বহুজনৰ মতে, ক’ভিডৰ পৰৱৰ্তী কালছোৱাত সৰ্বগ্ৰাসী হতাশাই বহুজনক আগুৰি ধৰিছে৷ অৰ্থনৈতিক সমস্যা আৰু সামাজিক জটিলতায়ো বহুতক ক্ষুব্ধ-হতাশ আৰু হিতাহিত জ্ঞানশূন্য কৰিছে৷ সেইবাবেই বঙহৰ তেজেৰে ফাকু খেলিছে বহুজনে৷ এই অবাঞ্ছিত পৰিস্থিতিৰ অৱসান নঘটিলে অসমৰ সমাজ ব্যৱস্থাৰ শক্তিশালী ভেটিটো যে ভয়ংকৰভাৱে দুৰ্বল হৈ পৰিব সেয়া নিশ্চিত৷ এইক্ষেত্ৰত চৰকাৰ আৰু ৰাইজ দুয়োপক্ষৰে কৰণীয় আছে৷

টীয়কত বন্ধুক হত্যা কৰি কটা মূৰ বেগত লৈ থানালৈ যুৱক
‘আমাৰ অসম’ৰ কাকজানৰ প্ৰতিবেদকঃ টীয়ক সমষ্টিৰ অন্তৰ্গত চেনিজান বাঘমৰীয়া যাদৱপুৰ গান্ধী গাঁৱত মঙলবাৰে নিশা এক লোমহৰ্ষক হত্যাকাণ্ডই জোকাৰি যায় সমগ্ৰ অঞ্চলটোক৷ লোহিত গগৈ নামৰ এজন যুৱকে বন্ধুক হত্যা কৰি ছিঙা মুণ্ড স্কুল বেগত সুমুৱাই থানালৈ আহি থকা অৱস্থাত লাহদৈগড় আৰক্ষীয়ে আটক কৰে যুৱকজনক৷ জানিব পৰা মতে, হত্যা কৰা যুৱকজনৰ নাম ফাই চাওৰা বুলি জানিব পৰা গৈছে৷ ইতিমধ্যে লোহিত গগৈক লাহদৈগড় আৰক্ষীয়ে আটক কৰি সোধা-পোছা অব্যাহত ৰাখিছে৷ যোৰহাট জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক, উপ-আৰক্ষী অধীক্ষকসহিতে বিষয়াসকল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে৷ জানিব পৰা মতে, হত্যাকাণ্ডৰ পূৰ্বে লোহিত গগৈ আৰু ফাই চাওৰাই একেলগে মদ্যপান কৰিছিল বুলি হত্যাকাৰী যুৱক লোহিত গগৈয়ে ব্যক্ত কৰিছে ৷  ঘটনা হোৱাৰ কিছুসময়ৰ পূৰ্বে দুই বন্ধুৱে যাদৱপুৰত জুৱা খেলি আহি ঘৰতে মদ্যপান কৰে বুলি লোহিত গগৈৰ মাতৃয়ে জানিবলৈ দিয়ে৷ লোহিত গগৈৰ ভাষ্য অনুসৰি মদৰ ৰাগীত ফাই চাওৰাই লোহিত গগৈৰ ভগ্নীৰ প্ৰতি আশালীন মন্তব্য কৰিছিল বুলি জানিবলৈ দিয়ে৷ এই লৈ দোয়ো বন্ধুৰ মাজত হোৱা বাক-বিতণ্ডাৰ ফলত এখন দাৰে বন্ধুৰ ডিঙি কটি দিছিল লোহিত গগৈয়ে৷ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ লোহিত গগৈৰ বাৰীৰ পিছফালৰ পথাৰত মৃতদেহ পৰি থকা প্ৰত্যক্ষ কৰে৷ আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে৷ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰা লগতে পেচাত গাড়ীচালক  লোহিত গগৈক জে’ললৈ প্ৰেৰণ কৰিছে৷