Logo
image

গুৱাহাটী বিশ্ববিদ্যালয়ত ভয়ংকৰ বিত্তীয় কেলেংকাৰি

আমাৰ অসম, ২৩ ফেব্ৰুৱাৰীঃ এখন বিশ্ববিদ্যালয়ে সংশ্লিষ্ট বিশ্ববিদ্যালয়খনৰ অধীনস্থ মহাবিদ্যালয়ক হাৰাশাস্তি কৰেনে? বিত্তীয় দিশত অধীনস্থ মহাবিদ্যালয়ক শোষণ কৰেনে? ‘এফিলিয়েচন চাৰ্টিফিকেট’ৰ নামত অধীনস্থ কলেজক কাৰ্যতঃ ব্লেকমেইল কৰেনে?– নিশ্চয় নকৰে৷ কিন্তু গুৱাহাটী বিশ্ববিদ্যালয় এইক্ষেত্ৰত ‘বিৰল ব্যতিক্ৰম’ হৈ পৰিছে৷ সততে ঋণাত্মক বাতৰিৰে শিৰোনাম দখল কৰি থকা গুৱাহাটী বিশ্ববিদ্যালয়ৰ এইবাৰ ইয়াৰ অধীনস্থ মহাবিদ্যালয়বোৰৰ সৈতে সংঘটিত কৰা চূড়ান্ত বিত্তীয় অনিয়ম, কেলেংকাৰি আৰু শোষণৰ তথ্য পোহৰলৈ আহিছে৷ বিশ্ববিদ্যালয়ৰ IUMS নামৰ প’ৰ্টেলটোৱে বছৰ বছৰ ধৰি ছাত্ৰ-ছাত্ৰী আৰু মহাবিদ্যালয়বোৰক কৰা হাৰাশাস্তি, প্ৰায় প্ৰতিটো ফলাফলত হোৱা বিসংগতি, বিভিন্ন বিষয়ত প্ৰশাসনৰ চূড়ান্ত ব্যৰ্থতা, নিৰ্লিপ্তি আৰু অদক্ষতা সৰ্বজনবিদিত৷ অসমৰ মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ সকলো প্ৰাদেশীকৃত মহাবিদ্যালয়বোৰে শীঘ্ৰে ‘নাক’ৰ মূল্যায়ন নকৰিলে শিক্ষকৰ দৰমহা বন্ধ কৰা, স্বীকৃতি বাতিল কৰাৰ নিচিনা পদক্ষেপ লোৱা হ’ব বুলি বাৰাম্বাৰ কৰা ঘোষণাৰ পূৰ্ণ সুযোগ লৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ মহাবিদ্যালয়বোৰৰ ওপৰত অন্যায়ভাৱে বিত্তীয় বোজা জাপি দিছে৷ ‘নাক’ৰ মূল্যায়নৰ বাবে আবেদন কৰিব লাগিলে এটা মুখ্য চৰ্ত হ’ল মহাবিদ্যালয়বোৰত চলি থকা বিভিন্ন বিষয়যশ্ৰেণী (programme) সম্পৰ্কে বিশ্ববিদ্যালয়ৰ পৰা এফিলিয়েচন চাৰ্টিফিকেট সংগ্ৰহ কৰি ‘নাক’ (NAAC)ক দাখিল কৰা৷ 

গুৱাহাটী বিশ্ববিদ্যালয়ৰ নিয়ম অনুসৰি ইয়াৰ অধীনস্থ ৩০০তকৈও অধিক মহাবিদ্যালয়ত স্নাতক পৰ্যায়ত পঢ়ি থকা ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষাৰ মাচুলৰ উপৰিও আন কিছুমান মাচুল প্ৰতিবছৰে বিশ্ববিদ্যালয়ক জমা দিব লাগে৷ প্ৰথম বৰ্ষত পঞ্জীয়ন মাচুল (Registrstion fees) আৰু প্ৰথম, দ্বিতীয় আৰু তৃতীয় বৰ্ষত নামভৰ্তি মাচুল (Enrolment fees) প্ৰতিজন নিয়মীয়া (Regular) ছাত্ৰ-ছাত্ৰীয়ে দিব লাগে৷ ২০১৯ বৰ্ষৰ আগলৈকে এই মাচুলবোৰ মহাবিদ্যালয়ে নামভৰ্তিৰ সময়ত ছাত্ৰ-ছাত্ৰীৰ পৰা সংগ্ৰহ কৰি পাছত বিশ্ববিদ্যালয়ত জমা দিয়ে৷ বৰ্তমান পোহৰলৈ অহা ঘটনাটো গুৱাহাটীৰ এখন আগশাৰীৰ প্ৰতিষ্ঠিত প্ৰাদেশীকৃত মহাবিদ্যালয়ৰ৷ যোৱা নৱেম্বৰ মাহৰ আৰম্ভণিতে (মেমো নং. GU/AFF/2022/5624-26 তাৰিখ ২৯/১০/২০২২) মহাবিদ্যালয়খনে বিশ্ববিদ্যালয়ৰ পঞ্জীয়কৰ পৰা এখন পত্ৰ লাভ কৰে যিখনত পঞ্জীয়কে মহাবিদ্যালয়ৰ বকেয়া Enrolment feesৰ হিচাব সংলগ্ন কৰে আৰু এমাহৰ ভিতৰত বকেয়া পৰিশোধ কৰিবলৈ নিৰ্দেশ দিয়ে৷ পঞ্জীয়কে সংলগ্ন কৰা হিচাব ইমানেই ভিত্তিহীন, অযুক্তিকৰ, আনুমানিক আৰু ভুল তথ্যৰ ওপৰত প্ৰতিষ্ঠিত যে যিকোনো ব্যক্তিয়ে অতি সহজে বিশ্ববিদ্যালয়ৰ প্ৰশাসনৰ সোপাঢিলা ৰূপ প্ৰত্যক্ষ কৰিব পাৰে৷ অকণমান সাধাৰণ জ্ঞান থকা ব্যক্তিয়ে এটা কথা নিশ্চিতভাৱে জানে যে এখন মহাবিদ্যালয়ত কোনো এটা শিক্ষাবৰ্ষত বিএ প্ৰথম বৰ্ষত যদি ৩০০ ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তি কৰে আৰু পাছৰ শিক্ষাবৰ্ষত একেখিনি ছাত্ৰ-ছাত্ৰী যেতিয়া বিএ দ্বিতীয় বৰ্ষলৈ উত্তীৰ্ণ হয়, তেওঁলোকৰ সংখ্যা ৩০০তকৈ বেছি হ’ব নোৱাৰে৷ বৰং পঢ়া বাদ দিয়া বা আন মহাবিদ্যালয়লৈ গুচি যোৱা বাবে দ্বিতীয় বা তৃতীয় বৰ্ষত সংখ্যা কমি যায়৷ কিন্তু, গুৱাহাটী বিশ্ববিদ্যালয়ৰ মতে, ছাত্ৰ-ছাত্ৰীৰ সংখ্যা প্ৰথম বৰ্ষতকৈ দ্বিতীয়, তৃতীয় বৰ্ষত বাঢ়ি গৈ থাকে৷ উদাহৰণস্বৰূপে গুৱাহাটী বিশ্ববিদ্যালয়ৰ হিচাব মতে সংশ্লিষ্ট মহাবিদ্যালয়খনত ২০১৭-১৮ বৰ্ষত বিএ প্ৰথম বৰ্ষত নামভৰ্তি কৰা ২৯৩জন ছাত্ৰ-ছাত্ৰী ২০১৮-১৯ বৰ্ষত যেতিয়া বিএ দ্বিতীয় বৰ্ষ পাইছিল, তেওঁলোকৰ সংখ্যা বাঢ়ি গৈ ৪৭৩ হৈছিল৷ একেধৰণে বি কমৰ ক্ষেত্ৰতো গুৱাহাটী বিশ্ববিদ্যালয়ৰ মতে, এইখন মহাবিদ্যালয়ত ২০১৭-১৮ চনত প্ৰথম বৰ্ষত নামভৰ্তি হোৱা ১১৮জন ছাত্ৰ-ছাত্ৰী ২০১৮-১৯ বৰ্ষত দ্বিতীয় বৰ্ষলৈ উত্তীৰ্ণ হওঁতে সংখ্যা ১৬৩ লৈ বৃদ্ধি হৈছিল৷ এইদৰে দ্বিতীয় আৰু তৃতীয় বৰ্ষৰ ছাত্ৰ-ছাত্ৰীৰ কিছুমান অদ্ভুত সংখ্যা গুৱাহাটী বিশ্ববিদ্যালয়ে নিজে উদ্ভাৱন কৰি মহাবিদ্যালয়খনৰ পৰা প্ৰায় ৯.৫ লাখ টকা বকেয়া বুলি দাবী কৰি এমাহৰ ভিতৰত জমা দিবলৈ নিৰ্দেশ দিছিল৷ সংলগ্ন এই হিচাবত মহাবিদ্যালয়খনে ২০১৭-১৮বৰ্ষৰ Enrolment feesৰ সমুদায় মাচুল (প্ৰায় ২.২ লাখ টকা) ইতিমধ্যে যে সময়ত বিশ্ববিদ্যালয়ত জমা দিছিল তাৰো কোনো উল্লেখ নাই আৰু লগতে ২০১৮-১৯ আৰু ২০২০-২১ বৰ্ষত ছাত্ৰ-ছাত্ৰীয়ে বিশ্ববিদ্যালয়ত প্ৰত্যক্ষভাৱে জমা দিয়া ‘ফিজ’ৰো কোনো উল্লেখ নাই৷ 

তাৎপৰ্যপূৰ্ণভাৱে এই সম্পূৰ্ণ ভুল হিচাবত বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ অনুমোদন থকা বুলিও পঞ্জীয়কে তেওঁৰ চিঠিত উল্লেখ কৰিছে৷ মহাবিদ্যালয়ৰ অধ্যক্ষই যোৱা বৰ্ষৰ ৭ নৱেম্বৰত এই অন্যায়ৰ প্ৰতিবাদ কৰি মহাবিদ্যালয়ত উপলব্ধ তথ্যৰ ভিত্তিত পঞ্জীয়কলৈ পত্ৰ প্ৰেৰণ কৰি ইয়াৰ শুধৰণি দাবী কৰে৷ প্ৰকৃত বকেয়া যে বিশ্ববিদ্যালয়ে কৰা হিচাবৰ ৫০শতাংশতকৈও কম তাৰ প্ৰমাণ অধ্যক্ষই সংলগ্ন কৰি দিয়ে৷ প্ৰাপ্ত খবৰ অনুসৰি, ৭ নৱেম্বৰতে অনুষ্ঠিত বিশ্ববিদ্যালয়ৰ কাৰ্যবাহী পৰিষদৰ বৈঠকত এই বিষয়টো লৈ উপাচাৰ্য আৰু এজন সদ্য প্ৰাক্তন সদস্যৰ মাজত তীব্ৰ বাক-বিতণ্ডা হৈছিল৷ উপাচাৰ্যই প্ৰথমে বিশ্ববিদ্যালয়ৰ স্থিতিত অটল আছিল যদিও পাছত ভুল স্বীকাৰ কৰিবলৈ বাধ্য হয় আৰু শুধৰণিৰ আশ্বাস দিছিল৷ পাছত যোৱা ডিচেম্বৰ মাহৰ শেষত (পত্ৰ নং. GU/Regr (SF)/২০২২/Aff/ ৩৯০ তাৰিখ ২৭/১২/২০২২) গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়কে আংশিকভাৱে হিচাব শুদ্ধ কৰি মহাবিদ্যালয়ৰ অধ্যক্ষলৈ এখন পত্ৰ প্ৰেৰণ কৰে৷ একেকোবে বিশ্ববিদ্যালয়ে প্ৰথমে দাবী কৰা বকেয়াৰ পৰিমাণ ৯.৫ লাখ টকাৰ পৰা কমি আহি ৫.৬ লাখ টকা হ’ল৷ তাৰ মানে প্ৰায় ৪ লাখ টকা মহাবিদ্যালয়খনৰ পৰা বেছিকৈ বিচৰা বুলি স্বীকাৰ কৰি শুধৰণি কৰিবলৈ বাধ্য হ’ল৷ কিন্তু মহাবিদ্যালয়খনৰ অধ্যক্ষই এই হিচাবটোও মানি লোৱা নাছিল৷ তেওঁ আকৌ তথ্যসহকাৰে জানুৱাৰী মাহৰ ২ তাৰিখে পঞ্জীয়কলৈ পত্ৰ প্ৰেৰণ কৰি প্ৰমাণ কৰে যে প্ৰকৃত বকেয়াৰ পৰিমাণ ৪.৪ লাখ টকাহে হ’ব লাগে৷ বিশেষকৈ ২০১৭-১৮ শিক্ষাবৰ্ষত (যিটো বৰ্ষৰ সম্পূৰ্ণ ধন মহাবিদ্যালয়ে সেই সময়তে জমা দিছিল) বিশ্ববিদ্যালয়ে বাৰম্বাৰ কৰা ভুল অধ্যক্ষই তথ্য প্ৰমাণেৰে দেখুৱাই দিছিল৷ এইবাৰ অধ্যক্ষই আনকি ২০১৭-১৮ শিক্ষাবৰ্ষত দ্বিতীয় আৰু তৃতীয় বৰ্ষত অধ্যয়নৰত নিয়মীয়া (Regular) শিক্ষাৰ্থীসকলৰ নাম, পঞ্জীয়ন নং, পৰীক্ষাৰ Roll No. আদিও সংলগ্ন কৰি দিছিল৷ 

এই তথ্যবোৰ বিশ্ববিদ্যালয়তো উপলব্ধ আৰু নিয়োজিত বিষয়াজনৰ সন্দেহ থাকিলে এইবোৰৰ সত্যাসত্য নিৰূপণ কৰিব পাৰে৷ নিজৰ দায়িত্ব পালন নকৰি মহাবিদ্যালয়খনক হাৰাশাস্তি কৰি অন্যায়ভাৱে কেনেকৈ হিচাবতকৈ অধিক ধন সৰকাব পাৰি সেই দিশতহে বিষয়াজনে অধিক মনোনিৱেশ কৰে৷ উল্লেখ্য, মহাবিদ্যালয়বোৰ পৰিচালিত হয় প্ৰধানকৈ ছাত্ৰ-ছাত্ৰীৰ পৰা সংগৃহীত পুঁজিৰ পৰা৷ এই শিক্ষাৰ্থীসকলৰ বেছিভাগেই দুখীয়া৷ তাতে ২০২১-২২ শিক্ষাবৰ্ষৰ বিনামূলীয়া নামভৰ্তিৰ ৫০শতাংশ ধনহে চৰকাৰে মোকলাই দিছে, ২০২২-২৩ বৰ্ষৰ বিনামূলীয়া নামভৰ্তিৰ ধন এতিয়ালৈকে এপইচাও মুকলি কৰি দিয়া নাই৷ এনে পৰিস্থিতিত, গুৱাহাটী বিশ্ববিদ্যালয়ে অধীনস্থ মহাবিদ্যালয়বোৰক কৰা বিত্তীয় শোষণ আৰু অন্যায় বৰ্তমান চূড়ান্ত স্তৰ পাইছে৷ উল্লিখিত মহাবিদ্যালয়ৰ অধ্যক্ষৰ যোৱা ২ জানুৱাৰীৰ চিঠিৰ প্ৰত্যুত্তৰত ১২ জানুৱাৰীত পঞ্জীয়কৰ দ্বাৰা স্বাক্ষৰিত আৰু উপাচাৰ্যৰ দ্বাৰা অনুমোদিত চিঠিত [পত্ৰ নং. GU/Regr(SF)/২০২৩/০৯ তাৰিখ ১২/০১/২০২৩) সন্নিবিষ্ট হিচাব সকলোৰে চকু কপালত উঠিবলগীয়া বিধৰ৷ এইবাৰ চিঠিৰ লগত সন্নিবিষ্ট হ’ল বিশ্ববিদ্যালয়ৰ ‘মহাবিদ্যালয় উন্নয়ন পৰিষদ’ৰ সঞ্চালকে (Director, CDC) প্ৰস্তুত কৰা বকেয়াৰ এটা নতুন হিচাব৷ সঞ্চালকে এই নতুন হিচাব ২০১৮-১৯ বৰ্ষত বিশ্ববিদ্যালয়ৰ পৰা মহাবিদ্যালয়লৈ বিজ্ঞান শাখাৰ অনুমতিৰ বাবে অহা তিনিজন অধ্যাপকৰ পৰ্যবেক্ষণকাৰী প্ৰতিবেদনত উল্লিখিত তথ্যৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা৷ উল্লেখ্য গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰ্যবেক্ষণ প্ৰতিবেদনৰ এটা নিৰ্দিষ্ট format থাকে৷ ইয়াৰ কিছুমান তথ্য মহাবিদ্যালয়ে পূৰণ কৰি পৰ্যবেক্ষণকাৰী দলক প্ৰদান কৰিব লাগে আৰু তেওঁলোকে নিজৰ মতামত লিখি বিশ্ববিদ্যালয়ত দাখিল কৰে৷ ইয়াৰে ক্ৰমিক নং ৬ত থকা প্ৰশ্নতো হ’ল মহাবিদ্যালয়খনত উচ্ছতৰ মাধ্যমিকৰ শ্ৰেণী আছে নে নাই? নিশ্চিতভাৱে এই প্ৰশ্নৰ উত্তৰত মহাবিদ্যালয়ত থকা উচ্ছতৰ মাধ্যমিকৰ কলা আৰু বাণিজ্য শাখাৰ কথা উল্লেখ কৰা হয়৷ সেইসূত্ৰে এই প্ৰতিবেদনৰ ক্ৰমিক নং ১১ত যেতিয়া মহাবিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীৰ তথ্য বিচৰা হয়, নিশ্চিতভাৱে মহাবিদ্যালয়খনে সেই বৰ্ষবোৰত (২০১৭-১৮ আৰু ২০১৮-১৯) অধ্যয়নৰত স্নাতক আৰু উচ্ছতৰ মাধ্যমিকৰ সৰ্বমুঠ ছাত্ৰ-ছাত্ৰীৰে হিচাব দিয়ে৷ কিন্তু, Director, CDC এ উল্লিখিত বৰ্ষ দুটাত পৰ্যবেক্ষণকাৰী প্ৰতিবেদনত উল্লেখ থকা সমূহ ছাত্ৰ-ছাত্ৰীকে স্নাতক পৰ্যায়ৰ বুলি ধৰি লৈ মহাবিদ্যালয়খনৰ Enrolment feesৰ বকেয়া নতুনকৈ প্ৰস্তুত কৰিছে৷ মহাবিদ্যালয়ৰ অধ্যক্ষই ইতিমধ্যে দাখিল কৰা তথ্যপ্ৰমাণবোৰ নস্যাৎ কৰি সম্পূৰ্ণ বেপৰোৱাভাৱে আৰু খেয়াল-খুচি মতে Director, CDC এ হিচাব প্ৰস্তুত কৰিছে আৰু উপাচাৰ্য আৰু পঞ্জীয়কে তাত অনুমোদন জনাইছে৷ মহাবিদ্যালয়খনৰ অধ্যক্ষই ইতিমধ্যে ৰ ফেব্ৰুৱাৰীত বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক আৰু উপাচাৰ্যলৈ পত্ৰ প্ৰেৰণ কৰি Director, CDC এ কৰা এই নতুন হিচাব প্ৰত্যাখ্যান কৰা বুলি অৱগত কৰিছে৷ Director, CDC এ কি আধাৰত মহাবিদ্যালয়ৰ পৰা উচ্ছতৰ মাধ্যমিকৰ ছাত্ৰ-ছাত্ৰীৰ নামত fees বিচাৰিব পাৰে? সৰ্বজনবিদিত যে, অসমৰ উচ্ছতৰ মাধ্যমিক শ্ৰেণীবোৰ AHSECৰ অধীনত৷ Director, CDC এ কৰা এই অদ্ভুত হিচাবে বিশ্ববিদ্যালয়ে মহাবিদ্যালয়বোৰক গুৱাহাটী বিশ্ববিদ্যালয়ে কৰি থকা বিত্তীয় শোষণৰ নতুন দিশ উন্মোচিত কৰিলে৷ ইয়ে বিশ্ববিদ্যালয়ৰ প্ৰশাসনৰ ফোঁপোলা স্বৰূপ প্ৰতিফলিত কৰিছে৷ 

বিশ্ববিদ্যালয় কতৃৰ্পক্ষৰ অদক্ষতা আৰু নিৰ্লিপ্তিয়ে কিছুমান বিষয়াক নীতিহীনভাৱে মহাবিদ্যালয়বোৰক আৰ্থিকভাৱে শোষণ কৰিবলৈ উদ্‌গনি যোগাইছে আৰু তাৰ কু-ফল ভুগিব লগা হৈছে– বিশেষকৈ ২০১৩ চনত নতুনকৈ প্ৰাদেশীকৃত হোৱা মহাবিদ্যালয়বোৰ এই ব্যৱস্থাৰ চিকাৰ হৈছে৷ কাৰণ এইবোৰ মহাবিদ্যালয়ৰ বেছিভাগেই এবাৰো ‘নাক’ৰ মূল্যায়ন কৰোৱা নাই৷ স্বীকৃতি বাতিল আৰু দৰমহা কৰ্তন হোৱাৰ ভয়ত শতাধিক কলেজে বিশ্ববিদ্যালয়ে এফিলিয়েচন চাৰ্টিফিকেটৰ বিনিময়ত যি বকেয়া ধন বিচাৰিছে কোনোধৰণে তথ্যৰ পৰীক্ষা নকৰাকৈ বিনা প্ৰতিবাদে প্ৰদান কৰিছে৷ বেছিভাগ মহাবিদ্যালয়ৰে তথ্য সম্পৰ্কে অজ্ঞতা, সাহসৰ অভাব আৰু বিশ্ববিদ্যালয়ৰ প্ৰতি থকা বিশ্বাসৰ পূৰ্ণ সুযোগ লৈ বিশ্ববিদ্যালয়ে এই কেলেংকাৰি সংঘটিত কৰিছে৷ উত্থাপিত অভিযোগ অনুসৰি যোৱাবৰ্ষত শতাধিক মহাবিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয়ে বকেয়া Enrolment/Registration fees আৰু বকেয়া Permission/Affiliation fees সংগ্ৰহ কৰিছে৷ ওপৰত উল্লিখিত মহাবিদ্যালয়খনৰ পৰা আনুষ্ঠানিক-পত্ৰৰ জৰিয়তে প্ৰায় প্ত লাখ টকা অতিৰিক্তভাৱে বকেয়া সংগ্ৰহ কৰিবলৈ চেষ্টা কৰোঁতে কেলেংকাৰিৰ বিভিন্ন দিশ আৰু প্ৰক্ৰিয়া পোহৰলৈ আহে৷ বেছিভাগ মহাবিদ্যালয়ৰ পৰা Director, CDC এ আনুষ্ঠানিক-পত্ৰৰ সলনি কাগজৰ টুকুৰাত বকেয়াৰ পৰিমাণ আৰু জৰিমনাৰ পৰিমাণ হাতেৰে লিখি চহী নকৰাকৈ মহাবিদ্যালয়বোৰৰ পৰা সংগ্ৰহ কৰা বুলি অভিযোগ উত্থাপিত হৈছে৷ এখন মহাবিদ্যালয়ৰ পৰাই যদি ৫ লাখ টকা বিশ্ববিদ্যালয়ে অতিৰিক্তভাৱে সংগ্ৰহ কৰে, তেতিয়াহ’লে শতাধিক মহাবিদ্যালয়ৰ পৰা এনেদৰে অদ্ভুত হিচাবেৰে কিমান টকা বিশ্ববিদ্যালয়ে অন্যায়ভাৱে সংগ্ৰহ কৰিছে সেয়া সহজেই অনুমেয়৷ দেশৰ প্ৰচলিত আইন-কানুন অনুসৰি এটা অনুষ্ঠানে আন এটা অনুষ্ঠানক কেতিয়াও কোনোধৰণে বিত্তীয় শোষণ কৰিব নোৱাৰে৷ একমাত্ৰ উচ্ছ পৰ্যায়ৰ নিৰপেক্ষ তদন্তইহে প্ৰকৃত সত্য উদ্‌ঘাটন কৰিব পাৰিব, প্ৰক্ৰিয়াত জড়িত দোষী ব্যক্তিসকলক চিনাক্ত কৰিব পাৰিব আৰু ভুক্তভোগী মহাবিদ্যালয়সমূহক ন্যায় প্ৰদান কৰিব পাৰিব৷