Logo
image

লোকসভা নিৰ্বাচনৰ পূৰ্বে ভূপেন বৰাই ধন লোৱাৰ তথ্য ফাদিল কৰিব আজমলে

ডিজিটেল সংবাদ, ধুবুৰীঃ আগন্তুক লোকসভা নিৰ্বাচনৰ ১৮ দিন পূৰ্বে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাই ধন লোৱাৰ তথ্য ফাদিল কৰিব ধুবুৰীৰ সাংসদ তথা এআইইউডিএফ মুৰব্বী বদৰুদ্দিন আজমলে। বৃহস্পতিবাৰে ধুবুৰীস্থ আৱৰ্ত ভৱনত আয়োজিত এক সংবাদমেলত এই বিস্ফোৰণ ঘটায় সাংসদ আজমলে। অৱশ্যে কিমান ধন ভূপেন বৰাক দিয়া হৈছিল সেই বিষয়ে ক'বলৈ অস্বীকাৰ কৰি 'সেয়া গুপ্ত কথা' বুলি মন্তব্য কৰে সাংসদজনে। সংবাদমেলত ভূপেন বৰাৰ ৰাজনৈতিক চেঞ্চ নাই বুলিও উল্লেখ কৰি ভূপেন বৰা পাগল হোৱা বুলিও অভিহিত কৰে সাংসদ আজমলে। লগতে ভূপেন বৰাৰ সুমতিৰ বাবে দোৱাও কৰিব বুলি কয় আজমলে। 

আনহাতে লোকসভা নিৰ্বাচনত কংগ্ৰেছৰে মিত্ৰতাক লৈ স্পষ্ট মত নিদিলেও দিল্লীৰ পৰা বিজেপিকে বিদায় দিব লাগিলে সকলো বিৰোধী দল একত্ৰিত হ'ব লাগিব বুলি কয় আজমলে৷ ভূপেন বৰাৰ লগতে সংবাদমেলত অখিল গগৈকো ফাল্টু মানুহ বুলি কয় সাংসদ আজমলে। আনহাতে আগন্তুক পঞ্চায়ত নিৰ্বাচনক লৈ এতিয়াৰ পৰাই দিনে-নিশাই সাংগঠনিক তৎপৰতা আৰম্ভ হোৱা বুলি দাবী কৰাৰ সমান্তৰালকৈ পঞ্চায়ত নিৰ্বাচনত ভাল ফলাফল লাভ কৰিব বুলিও কয় এআইইউডিএফ মুৰব্বী আজমলে।