Logo
image

আলফা (স্বা:)ৰ নামত ধন দাবী কৰি ৰঙা ঘৰৰ আলহী হ'ল মাজুলীৰ কুমুদ বৰুৱা

ডিজিটেল সংবাদ, কমলাবাৰীঃ আলফা (স্বা:)ৰ নামত ধন দাবী কৰি ৰঙা ঘৰৰ আলহী হ'ল মাজুলীৰ ভকত চাপৰিৰ কুমুদ বৰুৱা নামৰ এজন যুৱক। নামনি মাজুলীৰ পৰেশ বৰা নামৰ এজন ব্যৱসায়ৰ পৰা ১৫ লাখ টকা দাবী কৰিছিল যুৱকজনে।
মাজুলীৰ আৰক্ষী অধীক্ষক গৌতম বৰাৰ নেতৃত্বত গুৱাহাটীৰ চাংসাৰিৰ পৰা গ্ৰেপ্তাৰ কৰি যুৱকজনক হাজিৰ কৰোৱা হয় গড়মূৰ আৰক্ষী থানাত। বৰ্তমান মাজুলীৰ গড়মূৰ থানাত জেৰা অব্যাহত ৰাখিছে কুমুদ বৰুৱাক। অভিযুক্ত কুমুদ বৰুৱাৰ বিৰুদ্ধে ২৭/২৩,ইউ এচ১২০বি/৩৮৭ আইপিএচ ধাৰাত এক গোচৰ ৰুজু কৰা হৈছে। উল্লেখ্য যে অতি সাধাৰণভাৱে জীৱন নিৰ্বাহ কৰা কৃষক কুমুদ বৰুৱাই আলফাৰ নামত ধন দাবী কৰা ঘটনাই সমগ্ৰ মাজুলীত চাঞ্চল্যৰ সৃষ্টি কৰিছে।