Logo
image

বিমানৰ পৰা নমাই পৱন খেড়াক গ্ৰেপ্তাৰ অসম আৰক্ষীৰ, উচ্ছতম ন্যায়ালয়ৰ জামিন

আমাৰ অসম, ২৪ ফেব্ৰুৱাৰীঃ প্ৰধানমন্ত্ৰীৰ নাম বিকৃত কৰাৰ অপৰাধত অসমৰ পৰা দিল্লীলৈ আহি কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ পৱন খেড়াক গ্ৰেপ্তাৰ কৰি উচ্ছতম ন্যায়ালয়ত মুখথেকেচা খাবলগীয়া হ’ল অসম আৰক্ষী৷ বৃহস্পতিবাৰে দুপৰীয়া দিল্লীৰ পৰা ৰায়পুৰলৈ উৰা মৰাৰ ঠিক আগ মুহূৰ্তত বিমানৰ পৰা নমাই দিল্লী আৰক্ষীৰ সহযোগত অসম আৰক্ষীয়ে খেৰাক গ্ৰেপ্তাৰ কৰে৷ উদ্যোগপতি আদানীৰ নাম সাঙুৰি প্ৰধানমন্ত্ৰীৰ নাম বিকৃত কৰাৰ অভিযোগত হাফলঙত জ্যেষ্ঠ কংগ্ৰেছী নেতাজনৰ বিৰুদ্ধে এজাহাৰ দাখিল হৈছিল৷ হাফলঙৰ উপৰি উত্তৰ প্ৰদেশৰো বিভিন্ন আৰক্ষী চকীত খাৰেৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে৷ ৰায়পুৰত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সন্মিলনত অংশ গ্ৰহণ কৰিবলৈ যোৱাৰ আগমুহূৰ্তত দিল্লী আৰক্ষীৰ সহযোগত খেড়াক গ্ৰেপ্তাৰ কৰাৰ পাছতে বিষয়টো উচ্ছতম ন্যায়ালয়ৰ মজিয়া পায়গৈ৷ ন্যায়ালয়ে ‘জৰুৰী শুনানী’ গ্ৰহণ কৰি খেৰাক অন্তবৰ্তী জামিনত মুকলি কৰি দিয়াৰ নিৰ্দেশ দিয়ে৷ লগতে অসম আৰু উত্তৰ প্ৰদেশ চৰকাৰক জাননী জাৰি কৰি খেড়াৰ বিৰুদ্ধে থকা গোচৰ সমূহ একত্ৰিত কৰি এখন আৰক্ষী চকীৰ অধীনত তেওঁৰ বিৰুদ্ধে থকা গোচৰৰ শুনানী গ্ৰহণ কৰাৰো নিৰ্দেশ প্ৰদান কৰে৷ অহা মঙলবাৰলৈকে অন্তবৰ্তী জামিনত থকা খেৰাৰ এজাহাৰসমূহ একত্ৰিত কৰাৰ বাবে প্ৰয়োজনীয় নিৰ্দেশ প্ৰদান কৰিবলৈ উচ্ছতম ন্যায়ালয়ে সোমবাৰে পুনৰ শুনানী গ্ৰহণ কৰিব৷ আজি ন্যায়ালয়ত খেড়াৰ হৈ জ্যেষ্ঠ কংগ্ৰেছী নেতা তথা অধিবক্তা মনু ছিংভিয়ে যুক্তি প্ৰদৰ্শন কৰে৷ আনহাতে অসম আৰক্ষীক প্ৰতিনিধিত্ব কৰে অতিৰিক্ত চলিচিটৰ জেনাৰেল ঐশ্বৰ্য ভাটীয়ে৷ খেড়াৰ গ্ৰেপ্তাৰকলৈ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ দলৰ সাংগঠনিক সাধাৰণ সম্পাদক কে বেণুগোপাল, জ্যেষ্ঠ কংগ্ৰেছী নেতা জয়ৰাম ৰমেশে অসম আৰক্ষীৰ এই কাৰ্যক তীব্ৰ গৰিহনা দিয়ে৷ ইপিনে ৰায়পুৰলৈ যোৱাৰ বাবে দিল্লীত বাহৰ পাতি থকা প্ৰদেশ কংগ্ৰেছ সভাপতি ভূপেন বৰাও সাংবাদিকৰ আগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে অসম আৰক্ষীয়ে দৰাচলতে এতিয়া বিজেপিৰ এজেণ্ট হিচাপে কাম কৰি আছে৷ অসমীয়া মহিলাক মুকলিকৈ অপমান কৰি ৰাজ্যৰ বিভিন্ন আৰক্ষী চকীত এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলৰ বিৰুদ্ধে গোচৰ ৰজু হৈ থকাৰ পিছতো অসম আৰক্ষীয়ে আজমলক গ্ৰেপ্তাৰ কৰিব পৰা নাই৷ ৰাহুল গান্ধীৰ ডি এন একলৈ অসমৰ মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ বিৰুদ্ধে কংগ্ৰেছ যেতিয়া দিছপুৰত এজাহাৰ দাখিল কৰিবলৈ গৈছিল তেতিয়া আৰক্ষীয়ে অভিযোগ লবলৈ অস্বীকাৰ কৰিছিল৷ পিছে নৰেন্দ্ৰ মোদীৰ নাম ভুলকৈ উচ্ছাৰণ কৰাৰ বাবে অসমৰ পৰা আহি বিমানৰ পৰা নমাই পৱন খেৰাক গ্ৰেপ্তাৰ কৰিব পাৰে অসম আৰক্ষীয়ে৷ ৰাজ্যৰ প্ৰতিদিন হত্যা, লুণ্ঠনৰ ঘটনা ঘটি আছে৷ আইন শৃংখলাৰ অৱস্থা দিনক দিনে বেয়া হৈ আছে আৰু আৰক্ষী ব্যস্ত হৈ আছে কংগ্ৰেছী নেতাক গ্ৰেপ্তাৰৰ বাবে৷ ভূপেন বৰাও আজি ৰায়পুৰলৈ উৰা মৰাৰ কথা আছিল৷ পিছে খেড়াৰ গোচৰক লৈ আইনী পদক্ষেপৰ বাবে তেওঁ আজি গুৱাহাটীলৈ উভতি যাব বুলি বৰাই সাংবাদিকক জানিবলৈ দিয়ে৷ উল্লেখ্য, যোৱা ২০ ফেব্ৰুৱাৰীত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় প্ৰবক্তাজনে নতুন দিল্লীত এখন সংবাদমেল সম্বোধন কৰিছিল৷ সংবাদমেলখনত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় প্ৰবক্তা খেড়াই হিণ্ডেনবাৰ্গে গৌতম আদানিৰ কোম্পানীৰ বিৰুদ্ধে অনা অভিযোগৰ তদন্তৰ বাবে সংসদৰ যুটীয়া সংসদীয় সমিতি গঠন সন্দৰ্ভত দাবী উত্থাপন কৰিছিল৷ জে পি চি গঠনৰ ক্ষেত্ৰত বিজেপি নেতৃত্বধীন চৰকাৰখনে দেখুওৱা অনিহা সন্দৰ্ভত উদাহৰণ দি কংগ্ৰেছৰ ৰাষ্ট্ৰীয় প্ৰবক্তাজনে প্ৰশ্ন কৰিছিল যে নৰসিংহ ৰাও চৰকাৰ, অটল বিাৰী বাজপেয়ী চৰকাৰে জে পি চি গঠন কৰিছিল যদি নৰেন্দ্ৰ গৌতম দাস চৰকাৰে কিয় জে পি চি গঠন কৰিব নোৱাৰে৷ এইখিনিতেই কংগ্ৰেছ প্ৰবক্তাজনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নাম ভুলবশতঃ নৰেন্দ্ৰ গৌতম দাস বুলি উল্লেখ কৰি পুনৰ ইয়াক শুধৰাই দামোদৰ দাস মোদী বুলি উল্লেখ কৰিছিল৷  কংগ্ৰেছৰ ৰাষ্ট্ৰীয় প্ৰবক্তাজনে প্ৰধানমন্ত্ৰীৰ নাম ইচ্ছাকৃতভাৱে ভুলকৈ উচ্ছাৰণ কৰি তেওঁৰ লগতে পিতৃক অপমান কৰা বুলি বিজেপি দলে খেৰাৰ বিৰুদ্ধে ৰাষ্ট্ৰজুৰি প্ৰতিবাদ কৰিছিল৷ আনকি নগালেণ্ডত নিৰ্বাচনী প্ৰচাৰলৈ আহোতে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহেও এই প্ৰসংগ উত্থাপন কৰি কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল আৰু প্ৰধানমন্ত্ৰীক কৰা অপমানৰ পোতক  ২৪১ নিৰ্বাচনত কংগ্ৰেছ দলে লাভ কৰিব বুলি সকীয়াই দিছিল৷ গৃহমন্ত্ৰীয়ে ২৪১ সাধাৰণ নিৰ্বাচনত   কংগ্ৰেছ দলক দূৰবীণলৈও দেখিবলৈ নাপাব বুলি কটাক্ষ কৰিছিল৷ খেড়াৰ বিৰুদ্ধে উত্তৰ কাছাৰ স্বায়ত্ত শাসিত পৰিষদৰ স্বাস্থ্য আৰু পৰিয়ালকল্যাণ বিভাগৰ কাৰ্যবাহী সদস্য তথা বিজেপি নেতা ছেমুৱেল চাংচনেও হাফলং থানাত এটা গোচৰ ৰুজু কৰিছিল৷ বুধবাৰে চাংচনে দাখিল কৰা এজাহাৰৰ ভিত্তিত হাফলং থানাত ১৯/২৩ইউএছ-১৫৩এ, ১৫৩বি[১]/৫০০/৫০৪/৫০৫[১], [বি] আৰু ৫০৫[২] আৰু ১২০বি আইপিচি ধাৰাত খেড়াৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল৷ অসম চৰকাৰৰ গৃহ বিভাগৰ নিৰ্দেশত হাফলং আৰক্ষীৰ নগৰ আৰক্ষী বিষয়া লকেন্দ্ৰ শইকীয়াই বুধবাৰেই নতুন দিল্লীলৈ ৰাওনা হয় আৰু দিল্লী আৰক্ষীৰ সহযোগত আজি বিমানবন্দৰতে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় প্ৰবক্তা খেৰাক গ্ৰেপ্তাৰ কৰে৷ খেড়াৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে বিমানবন্দৰতে প্ৰায় ৫০গৰাকীতকৈ অধিক কংগ্ৰেছ নেতাই প্ৰতিবাদ সাব্যস্ত কৰে যদিও অসম আৰক্ষীয়ে খেড়াক গ্ৰেপ্তাৰ কৰে৷ খেড়াৰ গ্ৰেপ্তাৰৰ বিৰোধিতা কৰি কংগ্ৰেছ নেতা তথা উচ্ছতম ন্যায়ালয়ৰ অধিবক্তা অভিষেক মনু সিংভীয়ে উচ্ছতম ন্যায়ালয়ৰ কাষ চপাত কংগ্ৰেছ নেতাজনক সাময়িক সকাহ দি উচ্ছতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বাধীন বিচাৰপীঠে অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰিবলৈ নিম্ন আদালতক নিৰ্দেশ জাৰি কৰে৷ মঙলবাৰ পৰ্যন্ত খেৰাক অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰে দিল্লীৰ দ্বাৰকা আদালতে৷ কংগ্ৰেছ নেতাজনৰ বিৰুদ্ধে ৰুজু কৰা গোচৰে ৰাষ্ট্ৰীয় প্ৰেক্ষাপট দখল কৰাৰ পাছত হাফলং থানাত গোচৰ দিয়া চাংচনক এই সন্দৰ্ভত সংবাদমাধ্যমে তেওঁৰ প্ৰতিক্ৰিয়া জানিব বিচৰাত চাংচনে কোনো প্ৰতিক্ৰিয়া দিয়াৰ পৰা বিৰত আছে৷ উল্লেখ্য, ৰাজ্যত কংগ্ৰেছৰ শাসনকালত অভিযোগকাৰী তথা বৰ্তমান বিজেপিৰ নেতা চাংচন কংগ্ৰেছৰ নেতা আছিল৷ কংগ্ৰেছ দলৰ হৈ তেওঁ স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্যও হৈছিল৷ ভাৰতীয় প্ৰশাসনীয় সেৱাৰ বিষয়া তথা ৰাজ্যৰ গৃহ বিভাগৰ পূৰ্বৰ প্ৰধান সচিব এল এছ চাংচনৰ ভাতৃ ছেমুৱেল চাংচন৷

অচিৰে চৰকাৰৰ বহু ক’লা অধ্যায় উদঙাই দিয়া হ’ব

 দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঘনিষ্ঠ ধনকুবেৰ গৌতম আদানিৰ বৃহৎ জালিয়তি পোহৰলৈ অহাৰ পাছত চৰকাৰৰ বহু ক’লা অধ্যায় উদঙাই দিয়াৰ হুংকাৰ দিছে যোৰহাট জিলা কংগ্ৰেছে৷ উল্লেখ্য, হিন্দেনবাৰ্গৰ প্ৰতিবেদনে প্ৰধানমন্ত্ৰী মোদীৰ ঘনিষ্ঠ বৃহৎ পুঁজিপতি গৌতম আদানিৰ শ্বেয়াৰ মাৰ্কেটৰ জালিয়াতি উদঙাই দিয়াৰ পাছত বিশ্বজুৰি আদানিৰ মালিকনাধীন কোম্পানীসমূহৰ শ্বেয়াৰ অভাৱনীয়ভাৱে হ্ৰাস পোৱাই নহয়, বিজেপি চৰকাৰো শলঠেকত পৰিছে৷ এনে সময়তে মোদী আৰু আদানিৰ সম্পৰ্কৰ বিষয়ে উদঙাই দিয়াৰ উদ্দেশ্যে আজি দেশৰ বিভিন্ন ৰাজ্যত কংগ্ৰেছ দলে সংবাদমেল অনুষ্ঠিত কৰে৷ এই কাৰ্যসূচীৰ অংশ হিচাপে যোৰহাট জিলা কংগ্ৰেছে এখন সংবাদমেল অনুষ্ঠিত কৰি কয় যে বিজেপি ক্ষমতালৈ অহা অৱস্থাত বিশ্বৰ ধনকুবেৰসকলৰ ৬০৯সংখ্যক স্থানত থকা গৌতম আদানি কেৱল মোদীৰ কৃপাধন্য হৈ বিশ্বৰ ৩নম্বৰ স্থানলৈ উন্নীত হয়৷ এই ক্ষেত্ৰত আদানিয়ে গ্ৰহণ কৰা বক্ৰ পথৰ বিষয়ে হিন্দেনবাৰ্গৰ প্ৰতিবেদনে উদঙাই দিয়ে৷ লোকসভাত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে মোদী-আদানিৰ সম্পৰ্ক উদঙাই দিয়াৰ পাছতো গান্ধীৰ প্ৰশ্নৰ উত্তৰ দিবলৈ সক্ষম নহৈ পলায়নবাদী ভূমিকা পালন কৰা মোদীয়ে হিন্দেনবাৰ্গ প্ৰতিবেদন সম্পৰ্কীয় বিষয়টো পৰ্যালোচনা কৰাৰ বাবে বিৰোধীৰ দাবী মতে যুটীয়া সংসদীয় সমিতিৰ গঠন নকৰিলে৷ বিজেপি চৰকাৰে বিৰোধী দলৰ নেতাৰ বিৰুদ্ধে ব্যৱহাৰ কৰা ইডি, চিবিআই আৰু ডাইৰেক্টৰ অৱ ৰেভিনিউ ইণ্টেজিলেন্সৰ লগতে ছেবি, আদানি আদিৰ ক্ষেত্ৰত মৌন কিয় বুলিও সংবাদমেলত জিলা কংগ্ৰেছৰ নেতাসকলে প্ৰশ্ন কৰে৷ ইফালে ভাৰতৰ সাধাৰণ লোকৰ কষ্টোপাৰ্জিত ধন জমা ৰখা এলআইচিক আদানি গ্ৰুপত বিনিয়োগ কৰিবলৈ বাধ্য কৰোৱা সম্পৰ্কে প্ৰতিবাদ কৰি জিলা কংগ্ৰেছে কয় যে ২০২২ চনৰ ৩০ ডিচেম্বৰত আদানি গ্ৰুপত এলআইচিৰ বিনিয়োগৰ অংশ আছিল ৮৩ হাজাৰ কোটি৷ কিন্তু এই বছৰৰ ১৫ ফেব্ৰুৱাৰীত এই পৰিমাণ হ্ৰাস পাই ৩৯ হাজাৰ কোটি টকা হোৱা বুলি উল্লেখ কৰি কয় যে এই লোকচানৰ ভাৰ এতিয়া জনসাধাৰণে বহন কৰিব লাগিব৷ ইফালে আদানি গ্ৰুপক অন্যায়ভাৱে বন্দৰ, বিমান বন্দৰ আদি চমজাই দিয়া আৰু বিদেশত বিনিয়োগৰ বাবে চৰকাৰী প্ৰভাৱ খটুওৱা আদি কাৰ্যই প্ৰমাণ কৰে যে নৰেন্দ্ৰ মোদী চৰকাৰ দেশৰ সাধাৰণ জনতাৰ বাবে নহয়৷ বৃহৎ পুঁজিপতি আদানি-আম্বানী আদিৰ বাবেহে৷ জিলা কংগ্ৰেছৰ সভাপতি পুতুল বুঢ়াগোহাঁই আৰু মুখ্যমন্ত্ৰী দেৱজ্যোতি শ্ৰুতিকৰে সম্বোধন কৰা সংবাদ মেলত প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক চৰিফুৰ ৰহমান, অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সম্পাদিকা মৃদুস্মিতা দাস, জিলা কংগ্ৰেছৰ প্ৰশাসনিক সম্পাদক উমা নেওগ আৰু কোষাধ্যক্ষ জয়ন্ত বৰুৱা তথা যোৰহাট টাউন ব্লক কংগ্ৰেছৰ সভাপতি দেৱজিত বৰদলৈ উপস্থিত থাকে৷