Logo
image

ওদালগুৰিত আৰক্ষীৰ এনকাউণ্টাৰঃ আৰক্ষীৰ গুলীত নিহত দুৰ্ধৰ্ষ ডকাইত কেনাৰাম

ডিজিটেল সংবাদ, ওদালগুৰিঃ ওদালগুৰিৰ দৈফাঙৰ ১ নং ধনশ্ৰীখুটিত শুকুৰবাৰে আৰক্ষী-ডকাইতৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয়৷ আৰক্ষীৰ গুলীত নিহত হয় অসম, অৰুণাচল আৰু মেঘালয়ত সন্ত্ৰাসৰ সৃষ্টি কৰা দুৰ্ধৰ্ষ ডকাইত কেনাৰাম বড়ো (দৈমাৰী) ওৰফে মটু ওৰফে বচু। পুৱা ১০:৩০ মান বজাত মাথি দৈমাৰী নামৰ লোকজনৰ ঘৰত সংঘটিত হয় এই ঘটনা। তিনি ৰাজ্যত সন্ত্ৰাসৰ সৃষ্টি কৰা কেনাৰামে ওদালগুৰি জিলাত প্ৰৱেশৰ খবৰ আগতীয়াকৈ লাভ কৰাত অভিযান চলাইছিল ওদালগুৰি আৰক্ষীয়ে। 

ওদালগুৰি জিলাত কেনাৰাম বড়োৱে বেংক লুটৰ বাবে কৰা পৰিকল্পনাৰ তথ্যও লাভ কৰিছিল আৰক্ষীয়ে। এই তথ্য লাভৰ পিছতে কেনাৰামৰ মোবাইল নম্বৰ ট্ৰেছ কৰি ৫ টা দলত বিভক্ত হৈ বিশেষ অভিযান চলাইছিল ওদালগুৰি আৰক্ষীয়ে। অৱশেষত এখন নম্বৰ প্লেটবিহীন ৰঙা ৰঙৰ বাইকত অহা কেনাৰাম তথা তেওঁৰ আন এজন সহযোগী আৰক্ষীৰ মুখামুখি হোৱাত আৰক্ষীয়ে আত্মসমৰ্পন কৰিবলৈ নিৰ্দেশ দিয়ে৷ আৰক্ষীৰ নিৰ্দেশ অমান্য কৰি আৰক্ষীলৈ গুলীচালনা কৰে কেনাৰামে। ইয়াৰ প্ৰত্যুত্তৰত আৰক্ষীয়ে চলোৱা গুলীত কেনাৰামৰ ঘটনাস্থলীতে মৃত্যু হয়। ইপিনে কেনাৰামৰ আন এজন সহযোগী বাইক লৈ পলায়ন কৰে। সংঘৰ্ষত হিৰকজ্যোতি পেগু আৰু সুকুমাৰ বৰ্মন নামৰ দুই আৰক্ষীও আঘাপ্ৰাপ্ত হয়। 

আহত হিৰকজ্যোতি পেগুক ইতিমধ্যে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে। আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা কেনাৰামে ব্যৱহাৰ কৰা এটা পিষ্টল জব্দ কৰিবলৈ সক্ষম হৈছে। ওদালগুৰি অসামৰিক চিকিৎসালয়ত কেনাৰামৰ মৰোণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হয়। উল্লেখ্য যে তিনি ৰাজ্যত ডকাইতি, বাইক চুৰি আদি অপৰাধমূলক কাৰ্যৰে সন্ত্ৰাসৰ সৃষ্টি কৰা কেনাৰামে পূৰ্বেও বহুবাৰ আৰক্ষীৰ জালত পৰি ৰঙা ঘৰৰ আলহী হৈছিল। ইফালে কেনাৰামৰ এনে কৰ্মকাণ্ডৰ ফলত পৃথকে থাকিবলৈ লৈছিল তেওঁৰ পত্নী৷ দীৰ্ঘদিনে স্বামীৰ খবৰ লাভ নকৰা পত্নীয়ে আজি হঠাৎ স্বামীৰ মৃত্যুৰ খবৰ লাভ কৰাৰ পিছতে কান্দোনত ভাঙি পৰে। কেনাৰামৰ এনকাউণ্টাৰৰ পিছতে তেওঁৰ সহযোগীৰ বিৰুদ্ধেও অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে।