Logo
image

হাজোত ভূমিকেন্দ্ৰিক সংঘাতঃ কংগ্ৰেছ নেতা আনোৱাৰ হুছেইনক কোৰেৰে আক্ৰমণ, অজাপৰ নেতা দুলু আহমেদ জড়িতৰ অভিযোগ

ডিজিটেল সংবাদ, হাজোঃ হাজোত ভূমিকেন্দ্ৰিক সংঘাতৰ ফলত কংগ্ৰেছ নেতা আনোৱাৰ হুছেইন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ খবৰ পোহৰলৈ আহিছে। অভিযোগ অনুসৰি, কোৰেৰে কৰা আক্ৰমণৰ ফলত মূৰৰ লগতে শৰীৰৰ কেইবা ঠাইতো আঘাত পাইছে আনোৱাৰ হুছেইনে৷

জানিব পৰা মতে, ২ ফেব্ৰুৱাৰীত হাজো আৰক্ষী থানাৰ অন্তৰ্গত আনোৱাৰ হুছেইনৰ শনিয়াদিৰ নিজ বাসগৃহৰ সমীপৱৰ্তী পেট্ৰ'ল পাম্পৰ সীমামুৰীয়া এটি পৰিয়ালৰ সৈতে ভূমিৰ সীমাকলৈ তৰ্কাতৰ্কি হয়। কংগ্ৰেছ নেতাজনৰ অভিযোগ অনুসৰি, তৰ্কাতৰ্কিৰ সময়তে জনৈক ৰূপচন নামৰ এজন ব্যক্তিয়ে তেওঁৰ পুত্ৰক আক্ৰমণ কৰিবলৈ আগবাঢ়ে৷ পুত্ৰক ৰক্ষা কৰিবলৈ যোৱাৰ সময়তে জনৈক ৰূপচনৰ জ্যেষ্ঠ ভাতৃ জনৈক আবুলে পিছফালৰ পৰা কোৰেৰে আক্ৰমণ কৰাত তেওঁ মাটিত ঢলি পৰে৷

পাছত তেওঁক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰা হয়। গুৰুতৰভাৱে আঘাত পোৱাত আঠটাকৈ চিলাই পৰিছে আনোৱাৰৰ মূৰত। ইফালে চিকিৎসালয়ৰ পৰা উভতি আহি বৃহস্পতিবাৰে নিশা শনিয়াদিৰ বাসগৃহত এক সংবাদ মেল সম্বোধন কৰি কংগ্ৰেছ নেতা আনোৱাৰ হুছেইনে এই আক্ৰমণ এক ৰাজনৈতিক শত্ৰুতাৰ আক্ৰমণ বুলি উল্লেখ কৰে।  তেওঁ কয় যে নিৰ্বাচনৰ পিছৰে পৰা তেওঁক আক্ৰমণৰ সুযোগ বিচাৰি আছিল আৰু সুযোগ বুজি এই আক্ৰমণ সংঘটিত কৰে। এই আক্ৰমণত অজাপৰ নেতা দুলু আহমেদ পৰোক্ষভাৱে জড়িত থকাৰ অভিযোগ উত্থাপন কৰে। ইপিনে ঘটনাৰ পিছতে প্ৰতিপক্ষই হাজো আৰক্ষী থানাত এজাহাৰ দাখিল কৰে যদিও কংগ্ৰেছ নেতাজনে দিয়া এজাহাৰৰ ভিত্তিত কালি নিশা আৰক্ষীয়ে কেইবাজনো লোকক আটক কৰা বুলিও জানিব পৰা গৈছে।