Logo
image

কাকৈজানাত গাড়ীৰ খুন্দাত নিহত বিশ্ববিখ্যাত সোণালী বান্দৰঃ মৃত মাতৃক সাৱটি পোৱালিৰ হৃদয়বিদাৰক কান্দোন

ডিজিটেল সংবাদ, কোকিলাঃ এক হৃদয়বিদাৰক দৃশ্য৷ যি দৃশ্য দেখিলেই আপোনাৰো চকু সেমেকি উঠিব। মৃত মাতৃক সাৱটি কান্দিছে এটি নিৰীহই৷ চিঞৰি চিঞৰি কিবা কব খুজিছে সি৷ কিন্তু কোনেও যেন বুজি পোৱা নাই তাৰ ভাষা ৷ এই হৃদয় বিদাৰক দৃশ্য বঙাইগাঁও জিলাৰ কাকৈজানাৰ। 

সোণালী বান্দৰ বাবে বিখ্যাত কাকৈজানা। বিলুপ্তপ্ৰায় সোণালী বান্দৰৰ সংৰক্ষণ ক্ষেত্ৰত কাকৈজানা গাঁৱৰ কেইবাটাও ৰাভা পৰিয়ালে বিভিন্ন সময়ত লৈছে প্ৰশংসনীয় পদক্ষেপ। কিন্তু চৰকাৰ-প্ৰশাসনে এইক্ষেত্ৰত কোনো বিশেষ পদক্ষেপ লোৱা পৰিলক্ষিত হোৱা নাই ৷ যাৰ বাবে সময়ে সময়ে দুৰ্ঘটনা অথবা বিদ্যুতৰ শ্ব'ট ছাৰ্কেটৰ ফলত বহু সোণালী বান্দৰে অকাল মৃত্যুক সাৱটি ল'বলগীয়া হৈছে। স্থানীয় ৰাইজৰ লগতে সেউজ মানিকপুৰে ৰাষ্ট্ৰীয় ঘাইপথত গতি ৰোধৰ বাবে ছাইন বোৰ্ড, বেনাৰ তথা অভাৰব্ৰীজ নিৰ্মাণৰ ব্যৱস্থা কৰিবলৈ দাবী জনোৱাৰ পিছতো কোনো ব্যৱস্থা লোৱা নাই চৰকাৰে। তাৰেই পৰিণতিত শুকুৰবাৰে পুৱা ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে এটি নিষ্পাপ সোণালী বান্দৰে। 

মৃত মাতৃক সাৱটি ধৰি কনমাণি পোৱালিটোৱে কান্দি থকা দৃশ্যই সকলোকে আৱেগিকক কৰি তোলে। পিছত বনবিভাগৰ লোক আহি মৃত্যু হোৱা সোণালী বান্দৰসহ কনমাণি পোৱাটোক উদ্ধাৰ কৰে। ৰাজ্যৰ একমাত্ৰ গোৱালপাৰা জিলাত এই সোণালী বান্দৰ পোৱা যায় যদিও চৰকাৰ-প্ৰশাসনে ইয়াৰ সংৰক্ষণৰ ক্ষেত্ৰত কোনো ব্যৱস্থা লোৱাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিভিন্ন দল-সংগঠনে৷ বঙাইগাঁও জিলাৰ গৌৰৱ তথা বিলুপ্তিৰ দিশে আগবঢ়া এই সোণালী বান্দৰৰ সংৰক্ষণ ক্ষেত্ৰত প্ৰশাসনক শীঘ্ৰে ব্যৱস্থা লোৱাৰ দাবী জনাইছে ।