Logo
image

বৰপথাৰ প্ৰেছ ক্লাৱত পৰাগ কুমাৰ দাসৰ জন্মদিন পালন

ডিজিটেল সংবাদ, বৰপথাৰঃ অসমৰ সাংবাদিকতা ক্ষেত্ৰখনৰ নক্ষত্ৰস্বৰূপ শ্বহীদ পৰাগ কুমাৰ দাসৰ জন্মদিন বৰপথাৰ প্ৰেছ ক্লাৱত উদযাপন কৰাৰ লগতে সাংবাদিকগৰাকীলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। বিশিষ্ট মানৱ অধিকাৰ কৰ্মী তথা অসমীয়া প্ৰতিদিন কাকতৰ প্ৰতিষ্ঠাপক কাৰ্যবাহী সম্পাদক পৰাগ কুমাৰ দাসৰ জন্মদিন উপলক্ষে তেওঁৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণেৰে প্ৰেছ ক্লাৱৰ সদস্যসকলে তেওঁক স্মৰণ কৰে ৷ পৰাগ দাসৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে বৰপথাৰ প্ৰেছ ক্লাৱৰ উপসভাপতি অৱণী শৰ্মাই। উক্ত কাৰ্যসূচীত প্ৰেছ ক্লাৱৰ জ্যেষ্ঠ সদস্যসকলৰ লগতে ধনশিৰি মহকুমা ছাত্ৰ সন্থাৰ আৰু বৰপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়া মিলন কৈৰী আৰু অংকুৰ শইকীয়া উপস্থিত থাকে৷