Logo
image

৪২ বছৰে শ্ৰমদান কৰিও নিয়মীয়া নহ’ল ২৭ হাজাৰ বিদ্যালয় মাতৃৰঃ দাবী পূৰণ নকৰিলে আন্দোলনত নামিব মাতৃ এছ’চিয়েশ্যন

ডিজিটেল সংবাদ, গুৱাহাটীঃ ১৯৮০-৮১ চনৰ পৰা ৰাজ্যৰ বিদ্যালয়সমূহত শ্ৰমদান কৰি অহা ২৭ হাজাৰ বিদ্যালয় মাতৃৰ আজিকোপতি নহ’ল নিয়মীয়াকৰণ৷ চৰকাৰৰ ওচৰত বাৰম্বাৰ নিয়মীয়াকৰণৰ দাবী জনোৱাৰ পিছতো সেই দাবীৰ প্ৰতি তিলমানো গুৰুত্ব নিদিলে চৰকাৰে৷ যাৰ ফলত বৃহৎ আৰ্থিক সংকটৰ সন্মুখীন হ’বলগীয়া হৈছে ৪২ বছৰে বিদ্যালয়সমূহত কাম কৰি অহা বিদ্যালয় মাতৃসকলে৷ 

বুনিয়াদী বিদ্যালয় মাতৃ এছ’চিয়েশ্যনে ১৯৮০-৮১ চনৰ পৰা একেৰাহে বিনা বেতনে কাৰ্যনিৰ্বাহ কৰি থকাৰ পিছতো  চৰকাৰৰ ওচৰত বঞ্চিত-লাঞ্চিত আৰু অপমানিত হোৱাৰ উপৰিও শিক্ষা বিভাগৰ দুৱাৰে দুৱাৰে লাঞ্চনা-বঞ্চনা সহ্য কৰি আহিবলগীয়া হৈছে৷ এই সন্দৰ্ভত বুনিয়াদী বিদ্যালয় মাতৃ এছ’চিয়েশ্যন, অসমৰ সভানেত্ৰী বিনু বৰুৱা আৰু সাধাৰণ সম্পাদিকা ডিম্বেশ্বৰী লস্কৰে এক বিজ্ঞপ্তিৰ জৰিয়তে অৱগত কৰিছে যে ১৯৯৯ চনত গণ পৰিষদ চৰকাৰৰ শিক্ষামন্ত্ৰীয়ে বিদ্যালয় মাতৃসকলক দহ হাজাৰ টকা মুকলি কৰি দিছিল৷ লিখিত হিচাপে চৰকাৰৰ ফাইলতেই সেয়া আৱদ্ধ হৈ থাকিব৷ ২০০৯ চনত কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনা কৰি ২৭০০০ বিদ্যালয় মাতৃৰ পদ স্থায়ীকৰণৰ লিখিত অনা হৈছিল৷ যিহেতু বিদ্যালয় মাতৃ পদসমূহ কেন্দ্ৰীয় চৰকাৰে নিযুক্তি দিছিল, সেইবাবে এছ’চিয়েশ্যনে কেন্দ্ৰীয় চৰকাৰৰ সৈতে যোগাযোগ কৰি অসম চৰকাৰক হেঁচা দিয়া হৈছিল৷  

২০১৪ ত বিদ্যালয় মাতৃসকলে দিল্লীলৈ গৈ কেন্দ্ৰীয় চৰকাৰৰ শিক্ষা বিভাগৰ লগত যোগাযোগ কৰাৰ পিছত কেন্দ্ৰীয় চৰকাৰৰ শিক্ষা বিভাগে বিদ্যালয় মাতৃৰ পদসমূহ তৎকালীন কাৰ্যকৰী কৰিবৰ বাবে অসম চৰকাৰৰ শিক্ষা বিভাগলৈ লিখিত কপি পঠায়, কিন্তু অসম চৰকাৰে সেই কপিৰ প্ৰতি ভ্ৰূক্ষেপ নকৰিলে৷ কেন্দ্ৰীয় চৰকাৰে পঠোৱা নিৰ্দেশকো অসম চৰকাৰে অৱমাননা কৰি আহিছে৷ বিদ্যালয় মাতৃৰ কাম-কাজ অন্য ৰাজ্যত চলি অহাৰ সময়ত অসমত বিলুপ্তি কৰাৰ কাৰণ কি বুলিও প্ৰশ্ন তোলে এই এছ’চিয়েশ্যনে৷ বৰ্তমানৰ মুখ্যমন্ত্ৰী তথা পূৰ্বৰ শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতেও তেওঁলোকে কেইবাবাৰো সাক্ষাৎ কৰে যদিও কোনো সুফল লাভ নকৰিলে৷ ড॰ হিমন্ত বিশ্ব শৰ্মাই তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণ হ’ব বুলি বাৰম্বাৰ প্ৰতিশ্ৰুতি দিছিল যদিও সেই প্ৰতিশ্ৰুতি আজিলৈ পূৰণ নকৰিলে৷ তেওঁলোকে যদি ন্যায্য প্ৰাপ্য লাভ নকৰে, তেন্তে আগন্তুক সময়ছোৱাত চৰকাৰৰ বিৰুদ্ধে জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে৷