Logo
image

সোমবাৰলৈ গ্ৰেপ্তাৰ কৰিব নোৱাৰিব অখিল গগৈক

আমাৰ অসম, ২৫ ফেব্ৰুৱাৰীঃ অহা সোমবাৰলৈকে বিধায়ক তথা কৃষক নেতা অখিল গগৈক গ্ৰেপ্তাৰ কৰিব নোৱাৰিব নিয়াই৷ আজি উচ্ছতম ন্যায়ালয়ে গগৈক এই সুৰক্ষা প্ৰদান কৰে৷ ‘কা’-বিৰোধী আন্দোলন আৰু মাওবাদীৰে সম্পৰ্ক থকা গোচৰৰ পুনৰ তদন্তৰ বাবে গুৱাহাটী উচ্ছ ন্যায়ালয়ে তদন্তকাৰী সংস্থা নিয়াক অনুমতি দিয়াৰ পৰিপ্ৰেক্ষিতত ২১ ফেব্ৰুৱাৰীত গগৈয়ে উচ্ছতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল৷ সেই দিনা ন্যায়ালয়ে গগৈক সকাহ প্ৰদান কৰি ২৪ ফেব্ৰুৱাৰীলৈকে গ্ৰেপ্তাৰ নকৰিবলৈ নিৰ্দেশ জাৰি কৰিছিল৷ সেইমৰ্মে  আজি ন্যায়ালয়ত পুনৰ শুনানী গ্ৰহণ কৰাৰ কথা আছিল৷ পিছে ন্যায়ালয়ত নিয়াক প্ৰতিনিধিত্ব কৰা চলিচিটৰ জেনেৰেল তুষাৰ মেহতাৰ অনুপস্থিতিৰ বাবে তেওঁৰ সহযোগীয়ে শুনানীৰ বাবে কিছু সময় বিচাৰি ন্যায়াধীশ ভি ৰামাসুব্ৰমণিয়ান আৰু পংকজ মিথালৰ বিচাৰপীঠত আৰ্জি জনায়৷ সেইমৰ্মে ন্যায়ালয়ে পৰৱৰ্তী শুনানী সোমবাৰে গ্ৰহণ কৰালৈকে অখিল গগৈক গ্ৰেপ্তাৰ নকৰিবলৈ নিৰ্দেশনা জাৰি কৰে৷ উল্লেখ্য, গগৈ আৰু তেওঁৰ তিনি সহযোগীৰ বিৰুদ্ধে থকা দুটা গোচৰত নিয়াৰ বিশেষ আদালতে ২০২১ চনৰ ১ জুলাইত তেওঁলোকক দোষমুক্ত কৰি ৰায়দান কৰিছিল৷ ইয়াৰ পাছত নিয়াই উক্ত দুই গোচৰৰ তদন্ত পুনৰ আৰম্ভ কৰাৰ আবেদনেৰে চলিত বছৰত গুৱাহাটী উচ্ছ ন্যায়ালয়ত আবেদন জনাইছিল৷ ৯ ফেব্ৰুৱাৰীত গুৱাহাটী উচ্ছ ন্যায়ালয়ে নিয়াক গগৈৰ বিৰুদ্ধে পুনৰ তদন্ত কৰিবলৈ অনুমতি প্ৰদান কৰা হেতু কৃষক নেতাজনে উচ্ছতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈ উচ্ছ ন্যায়ালয়ৰ নিৰ্দেশনাক প্ৰত্যাহ্বান জনাইছিল৷ এতিয়া সোমবাৰে উচ্ছতম ন্যায়ালয়ে গগৈৰ বিৰুদ্ধে পুনৰ তদন্তৰ বিষয়টোত কি নিৰ্দেশ প্ৰদান কৰে সেয়া লক্ষ্যণীয় হ’ব৷