Logo
image

মেঘালয়-নাগালেণ্ডত মোদীৰ ভোট প্ৰচাৰ

আমাৰ অসম, ২৫ ফেব্ৰুৱাৰীঃ  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মেঘালয় আৰু নাগালেণ্ডত তিনিখনকৈ নিৰ্বাচনী সভাত বিধানসভাৰ নিৰ্বাচনৰ অন্তিম ৰণডংকা বজালে৷ জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ চলায় ভোটাৰক পাহাৰত পদুম ফুলাৰ বতৰা দিলে প্ৰধানমন্ত্ৰীয়ে৷ মোদীয়ে প্ৰথমে আজি নাগালেণ্ডৰ কহিমাত নিৰ্বাচনী সভাত ভাষণ দিয়াৰ পাছত মেঘালয়ৰ শ্বিলঙত এক ৰ’ড শ্ব’ৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে৷ বিয়লি তুৰাৰ এলটগ্ৰী খেল পথাৰত আন এখন নিৰ্বাচনী ভাষণ দিয়ে প্ৰধানমন্ত্ৰীয়ে৷  লক্ষণীয় কনৰাড  চাংমা নেতৃত্বাধীন এন পি পি চৰকাৰৰ বাধাৰ বাবে তুৰাৰ পি এ চাংমা ষ্টেডিয়ামৰ পৰিৱৰ্তে এই নিৰ্বাচনী সভা এলটগ্ৰী খেল পথাৰত অনুষ্ঠিত কৰিবলগীয়া হয় মেঘালয় বিজেপিয়ে৷ প্ৰধানমন্ত্ৰীয়ে কহিমাৰ নিৰ্বাচনী সভাত ভাষণ দি কয় যে–‘নাগালেণ্ডত পুনৰ বিজেপি এন ডি পি পি চৰকাৰ হ’ব৷ নাগালেণ্ডৰ বিজেপি-এনডিপিপি চৰকাৰে নিৰন্তৰ বিকাশৰ বাবে কাম কৰি আছে৷ দহ বছৰৰ পূৰ্বে কোনেও ভাবিবও পৰা নাছিল যে উত্তৰ-পূবৰ পৰিৱেশ সলনি হ’ব৷ প্ৰযুক্তিৰ শক্তিৰে আমি দুৰ্নীতিৰ ওপৰত ডাঙৰ প্ৰহাৰ কৰিবলৈ সক্ষম হৈছো৷ দিল্লীৰ কংগ্ৰেছৰ নেতাই নাগালেণ্ডৰ ফালে নাচায়৷ কংগ্ৰেছৰ আমোলত নাগালেণ্ডত অস্থিৰতাই বিৰূপ কৰিছিল৷’ ইফালে নাগালেণ্ড বিজেপিৰ সভাপতি টেমজেন ইম্না আলঙক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে টেমজেনৰ ছ’চিয়েল মিডিয়াৰ ভিডিঅ’ এতিয়া সমগ্ৰ দেশৰ মানুহে চায়৷ ডিজিটেল ফ্লেটফৰ্মৰ পৰা তেওঁ নাগালেণ্ড তথা উত্তৰ-পূূবক খুব সুন্দৰভাৱে উপস্থাপন কৰে৷ প্ৰধানমন্ত্ৰীয়ে কয়- ‘ময়ো ছ’চিয়েল মিডিয়াত তেওঁৰ ভিডিঅ’ চাবলৈ যত্ন কৰো৷’ কহিমাৰ নিৰ্বাচনী সভাত নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেই ফিউ ৰিঅ’ উপস্থিত আছিল৷ উল্লেখ্য যে প্ৰধানমন্ত্ৰী মোদীয়ে আজি দিল্লীৰ পৰা বিশেষ বিমানেৰে আহি পোনে পোনে কহিমাত অৱতৰণ কৰে৷ কহিমাৰ নিৰ্বাচনী সভাত ভাষণ দি হেলিকপ্তাৰেৰে শ্বিলঙৰ আপাৰ হেলিপেডত উপস্থিত হয়৷ ইয়াৰ পাছত শ্বিলঙৰ পুলিচ বজাৰ পইণ্টত এক ৰ’ড শ্ব’ত তেওঁ ভাগ লয়৷ ৰ’ড শ্ব’ৰ অন্তত এখন নিৰ্বাচনী সভাত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে–‘মেঘালয়ৰ জনতাৰ উৎসাহ আৰু আনন্দই প্ৰমাণ কৰিছে যে এইবাৰ মেঘালয়ত বিজেপি চৰকাৰ গঠন হ’ব৷ বিজেপিৰ চৰকাৰ গঠন হ’লে ৰাজ্যখনৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰাৰ সুবিধা হ’ব৷ মেঘালয়ৰ ৰাজনীতিত বংশবাদে গণতন্ত্ৰৰ গৰিমা হ্ৰাস কৰিছে৷ আন ৰাজনৈতিক দলসমূহে মেঘালয়ক নিজৰ মুনাফাৰ বাবে এটিএম মেছিনৰ দৰে ব্যৱহাৰ কৰি আহিছিল৷’ প্ৰধানমন্ত্ৰী শুকুৰবাৰে বিয়লি তুৰাত উপস্থিত হয়৷ তুৰাৰ এলটগ্ৰী খেলপথাৰত নিৰ্বাচনী সভাত ভাষণ দি নাম নোলোৱাকৈ কংগ্ৰেছক সমালোচনা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ‘নিৰাশাত ভুগি থকা সকলে মালা জপি আছে– মোদী তোৰ কবৰ খান্দিম৷ কিন্তু দেশে-হিন্দুস্তানে কৈ আছে–মোদী তোৰ পদুম ফুলিব৷’ প্ৰধানমন্ত্ৰীয়ে কয় যে ‘মেঘালয়ত এতিয়া সৰ্বত্ৰ বিজেপি আৰু পদুম ফুলহে দেখা গৈছে৷ পাহাৰ-ভৈয়াম, গাঁও-চহৰ সকলোতে পদুম ফুলিছে৷ দেশে নিৰাশাবাদীক স্বীকাৰ কৰিবলৈ ইচ্ছুক নহয়৷’ উল্লেখ্য যে কাইলৈ বিয়লি মেঘালয় আৰু নাগালেণ্ডৰ বিধানসভাৰ নিৰ্বাচনী প্ৰচাৰৰ অন্ত পৰিব৷ ২৭ ফেব্ৰুৱাৰীত দুয়ো ৰাজ্যৰ নিৰ্বাচন অনুষ্ঠিত হ’ব৷ ২ মাৰ্চত ঘোষিত হ’ব ফলাফল৷

জিৰাঙৰ বিজেপি প্ৰাৰ্থীৰ সমৰ্থনত পীয়ুষ হাজৰিকাৰ বাইক ৰেলী

মেঘালয় বিধানসভাৰ নিৰ্বাচনলৈ মাজতে মাত্ৰ দুটা দিন বাকী থকা অৱস্থাত নিজ নিজ ৰাজনৈতিক দলৰ প্ৰাৰ্থী সকলক বিপুল ভোটৰ ব্যৱধানত বিজয়ী কৰাবলৈ ৰাজনৈতিক দল সমূহে ব্যাপক তৎপৰতা চলোৱা পৰিলক্ষিত হৈছে৷ আনকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে বিজেপিৰ সমৰ্থনত শ্বিলং আৰু তুৰাত দুখন বৃহৎ নিৰ্বাচনী সভাত ভাগ লৈ দলটোৰ প্ৰচাৰত নতুন মাত্ৰা প্ৰদান কৰে৷ আনহাতে গুৱাহাটীৰ গাতে লাগি থকা ১০ নম্বৰ জিৰাং সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থী ৰিয়া চাংমাই যাতে জয়ী হয় তাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিন, মন্ত্ৰী পীয়ুষ হাজৰিকাকে ধৰি কেবাজনো নেতা, মিত্ৰজোঁটৰ হিচাপে অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই বিগত দিনকেইটাত ব্যাপক প্ৰচাৰ অভিযান চলাই আছে৷ ২৫ ফেব্ৰুৱাৰীত নিৰ্বাচনী প্ৰচাৰ অভিযানৰ শেষ দিনটোত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ কাষৰীয়া বৰ্ণিহাটত এখন বিশাল নিৰ্বাচনী সভাত ভাগ লব৷ ইফালে আজি মন্ত্ৰী পীয়ুষ হাজৰিকাই ৰিয়া চাংমাক লগত লৈ খানাপাৰাৰ কাষৰীয়া কিলিঙৰ পৰা বশিষ্ঠৰ সমীপৰ লতাকটা, পিলিংকাটা,  মাইঘুলি হৈ বৰপথাৰলৈ এক বিশাল বাইক ৰেলীত ভাগ লয়৷ ৰেলীত ভাগ লোৱা পাঁচ শতাধিক বিজেপিৰ কৰ্মী - সমৰ্থকে বিজেপি জিন্দাবাদ, ৰিয়া চাংমা জিন্দাবাদ, নৰেন্দ্ৰ মোদী জিন্দাবাদ ধবনি দি আকাশ বতাহ মুখৰিত কৰি তোলে৷ ৰেলীৰ অন্তত সাংবাদিকৰে সৈতে হোৱা চমু বাৰ্তালাপত মন্ত্ৰী পীয়ুষ হাজৰিকাই কয় প্ৰথমবাৰৰ বাবে মেঘালয়ৰ ৰাইজে উন্নয়নৰ স্বাৰ্থত বিজেপিৰ প্ৰাৰ্থী সকলৰ সপক্ষে বিপুল হাৰত ভোটদান কৰিব৷ বিজেপিৰ নেতৃত্বত চৰকাৰ গঠন হব আৰু জিৰাং সমষ্টিৰ পৰা ৰিয়া চাংমাই অভিলেখ পৰিমাণৰ ভোট লাভ কৰি বিজয়ী হব৷