Logo
image

ইউজিচিৰ গুৱাহাটীস্থিত কাৰ্যালয় দিল্লীলৈ স্থানান্তৰৰ সিদ্ধান্ত

আমাৰ অসম, ২৫ ফেব্ৰুৱাৰীঃ অসমৰ বিদ্বৎ সমাজ, বিশ্ববিদ্যালয়, বিভিন্ন সংগঠন তথা সৰ্বস্তৰৰ ৰাইজৰ দাবী আৰু আৱেগৰ প্ৰতি অংগুষ্ঠ প্ৰদৰ্শন কৰি অৱশেষত ইউজিচিৰ গুৱাহাটীস্থিত উত্তৰ-পূৰ্বাঞ্চলৰ আঞ্চলিক কাৰ্যালয়ত তলা লগোৱাৰ সিদ্ধান্ত ল’লে বিশ্ববিদ্যালয় অনুদান আয়োগ [ইউজিচি] কতৃৰ্পক্ষই৷ বিশ্ববিদ্যালয়   অনুদান আয়োগে অৱশেষত উত্তৰ-পূৰ্বাঞ্চলৰ আঞ্চলিক কাৰ্যালয় নতুন দিল্লীলৈ স্থানান্তৰ কৰাৰ সিদ্ধান্ত লৈছে৷ আয়োগে উত্তৰ-পূৰ্বাঞ্চলৰ মহাবিদ্যালয়সমূহৰ অধ্যক্ষসকললৈ এই সংক্ৰান্তত জাননী জাৰি কৰিছে৷ এই কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থাই৷ ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই এই সন্দৰ্ভত কয়– ‘বিশ্ববিদ্যালয় অনুদান আয়োগে নিজৰ কাম-কাজ বিকেন্দ্ৰীকৰণ কৰাৰ উদ্দেশ্যে ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলত নিজৰ আঞ্চলিক কাৰ্যালয় স্থাপন কৰিছিল৷ উত্তৰ-পূৰ্বাঞ্চলৰ বৃহৎ পৰিসৰ সামৰি গুৱাহাটীত উত্তৰ-পূৱ আঞ্চলিক কাৰ্যালয়টোৱে কাম-কাজ চলাই আহিছে৷ বিশ্ববিদ্যালয় অনুদান আয়োগে হঠাৎ এই কাৰ্যালয়টো গুৱাহাটীৰ পৰা দিল্লীলৈ স্থানান্তৰ কৰাৰ সিদ্ধান্ত লৈছে৷ এই সিদ্ধান্ত হঠকাৰী৷ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ মহাবিদ্যালয়সমূহৰ প্ৰতি এয়া দুৰ্ঘোৰ অন্যায়৷ শিক্ষক আৰু শিক্ষাৰ্থীসকলৰ যিসমূহ বিদ্যায়তনিক কাম-কাজ গুৱাহাটীৰ পৰাই পৰিচালিত হৈছিল, এতিয়াৰে পৰা সেইসমূহ সম্পাদন কৰিবলৈ দিল্লীলৈ যাব লাগিব, ফাইল প্ৰেৰণ কৰিব লাগিব৷ এয়া কোনোপধ্যেই মানি ল’ব নোৱাৰি৷ ছাত্ৰ সন্থাৰ স্পষ্ট মত– বিশ্ববিদ্যালয় অনুদান আয়োগৰ উত্তৰ-পূৱ আঞ্চলিক কাৰ্যালয় গুৱাহাটীতে থাকিব লাগিব৷ অসম চৰকাৰে এই ক্ষেত্ৰত শক্তিশালী পদক্ষেপ গ্ৰহণ কৰা উচিত৷ এই সন্দৰ্ভত ছাত্ৰ সন্থাই উভয় চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰিব৷ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিটো প্ৰান্তত আধুনিক শিক্ষা আৰু সংস্থাপনমুখী চিন্তাৰ প্ৰচাৰ-প্ৰসাৰৰ বাবে শৈক্ষিক কাম-কাজৰ বিকেন্দ্ৰীকৰণৰ প্ৰয়োজন৷ তেনেস্থলত বিশ্ববিদ্যালয় অনুদান আয়োগৰ দৰে গুৰুত্বপূৰ্ণ অনুষ্ঠানৰ আঞ্চলিক কাৰ্যালয় অসমৰ পৰা উঠাই নিবলৈ বিচৰাটো আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক স্বাৰ্থৰ পৰিপন্থী৷ এই কথা কোনো কাৰণতেই গ্ৰহণযোগ্য নহয়৷’